ৰঙা জোনৰ এনিশাঃ  ১৬ মে’ত পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ

'ছুপাৰ মুন’ত ভূমিকম্প হয় নেকি?

0 65

দাদুল দেৱকৃষ্ণ বৰুৱা

জোনৰ মোহত মোহাছন্নসকলৰ বাবে সুখবৰ। নিঃসন্দেহে মে’ মাহৰ আকাশত ৰাণী হ’ব ৰঙা জোন। জ্যোতির্বিজ্ঞানীৰ হিচাপ মতে, মাহটোৰ ১৬ তাৰিখে পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ প্রত্যাশিত। উল্লিখিত তাৰিখত চন্দ্ৰ, সূর্য আৰু পৃথিৱী একেই সমান্তৰাল অৱস্থানলৈ আহিব। এই সময়তে চন্দ্ৰ আৰু সূর্যৰ মাজত অৱস্থান কৰিব পৃথিৱীয়ে। ফলত সূর্যৰ পোহৰ পৃথিৱীত আবদ্ধ হৈ থাকিব বাবে সেই পোহৰ গৈ চন্দ্ৰত নপৰিবগৈ। এইদৰেই গ্রহণ লাগিব চন্দ্ৰত। এইবাৰৰ চন্দ্ৰ গ্ৰহণৰ এক সুকীয়া তাৎপৰ্য আছে। জানো আহক এই বিষয়ে।

  •  ভাৰতীয় সময় কি হ’ব
    বছৰৰ প্রথমটো চন্দ্র গ্রহণ ১৬ মে’ত। ফলত সূর্য গ্রহণৰ এমাহৰ ভিতৰতেই পৰিছে এই পৰৱর্তী গ্রহণ। ১৬ মে’ত ভাৰতীয় সময় অনুযায়ী পুৱা ৭ বাজি ২ মিনিটত আৰম্ভ হ’ব চন্দ্র গ্রহণ, আৰু শেষ হ’ব দুপৰীয়া ১২ বাজি ২০ মিনিটত। স্বভাৱিকতেই বুজা গৈছে যে, এই গ্রহণ ভাৰতত দেখা পোৱা নাযাব । প্রসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, বছৰৰ প্রথম সূর্য গ্রহণো ভাৰতৰ পৰা দেখা পোৱা নগৈছিল। একেদৰেই বছৰৰ প্রথম চন্দ্র গ্রহণো দেখা নাযাব ভাৰতৰ পৰা। এই গ্রহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্রিকা, উত্তৰ আমেৰিকাৰ বেছিভাগ অংশ, দক্ষিণ আমেৰিকা, প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক আৰু এন্টার্কটিকাৰ পৰা দেখা যাব।
  • ৰূপালী জোন হ’ব ৰাঙলী
    এইবাৰৰ গ্ৰহণ কিছু সুকীয়া হ’ব। সাধাৰণ চন্দ্ৰ গ্ৰহণতকৈ কিছু পৃথক। কাৰণ এইবাৰৰ মহাজাগতিক পৰিঘটনা অনুসৰি সৃষ্টি হ’ব ৰক্তবর্ণ চন্দ্ৰ বা Blood Moon। এই গ্রহণৰ সময়ত পৃথিৱীৰ একমাত্র উপগ্রহটো আমাৰ গ্রহৰ ছাঁয়াৰে সম্পূর্ণ ঢাক খাই পৰিব।1651992079692 তেতিয়া আমাৰ আবহমণ্ডলৰ পৰা বিক্ষিপ্ত পোহৰৰ প্রভাৱত জোনৰ ৰং হৈ পৰিব সুমথিৰা বা ৰঙা। আৰু সেই কাৰণেই জোনৰ এই অৱস্থাৰ নাম দিয়া হৈছে Blood Moon। আকাশ ফৰকাল থাকিলে উল্লেখ কৰি অহা পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে এই নান্দনিক প্রাকৃতিক শোভা পর্যবেক্ষণ কৰিবলৈ পাব। পশ্চিমৰ দেশবোৰত এই গ্রহণক Super Wolf Blood Moon হিচাবে আখ্যায়িত কৰে।
  •  ৰক্ত চন্দ্ৰক লৈ উৎকণ্ঠা
    দক্ষিণ-পশ্চিম ইউৰোপ, আফ্ৰিকাকে ধৰি যিবোৰ অঞ্চলৰ পৰা ৰক্ত চন্দ্ৰ দেখা যাব, সেইবোৰ এলেকাত আকাশৰ গ্ৰহ-নক্ষত্ৰ পৰ্যবেক্ষণ কৰাসকলৰ মাজত বিৰাজ কৰিছে আগতীয়া উত্তেজনা। এই উত্তেজনা বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হোৱাৰ উৎকণ্ঠাৰ বাবে। ভৌগোলিক কাৰণত যিবোৰ এলেকাত মধ্যৰাতি কিম্বা তাৰো পিছত ব্লাড মুন দেখা পোৱা যাব সেইবোৰ এলেকাত স্থানীয়সকলে ৰাত্ৰি যাপনৰ সুকীয়া প্রস্তুতি চলোৱাৰ খবৰ প্রকাশ হৈছে গণমাধ্যমত।
  • কিয় এই উত্তেজনা
    গ্রহ-নক্ষত্র সম্পর্কীয় যিমানবোৰ মহাজাগতিক পৰিঘটনা ঘটে তাৰ ভিতৰত ৰক্ত চন্দ্ৰই ইউৰোপীয়ান আৰু আমেৰিকানসকলৰ বাবে পৰম ৰহস্য আৰু উত্তেজনাময়। এই জোনক লৈ অনেকেই নানা ধৰণৰ উদ্যোগ লয়। যিহেতু ব্লাড মুন একেলগে পৃথিৱীৰ সকলো অঞ্চলৰ পৰা দেখা পোৱা নাযায়, সেয়ে এনে অনেক লোক আছে, যি এই মহাজাগতিক মাহেন্দ্র ক্ষণ প্রত্যক্ষ কৰাৰ বাবে পৃথিৱীৰ এটা প্রান্তৰ পৰা অন্য প্রান্তলৈ যাবলৈয়ো এলাহ নকৰে। কোনো কোনো লোক গ্রহণৰ সময়ত যোগাসনত বহে। ব্লাড মুন যিহেতু পৃথিৱীৰ কিছু ওচৰলৈ চাপি আহে, সেয়ে তাৰ পৰা শক্তি আহৰণ কৰাই এই যোগাসনৰ লক্ষ্য। অনেকে আকৌ প্রিয়জনৰ বাবে চিঠি লিখে। কাৰণ ব্লাড মুনৰ দৰে এটা স্মৰণীয় ঘটনা সেই চিঠিৰ স্মাৰক হ’ব পাৰে। আকৌ অনেকেই এই বিশেষ দিনটোৰ উপলক্ষত পৰিয়ালৰ সদস্যসকলৰ লগত মিলি একেলগে ব্লাড মুন দৰ্শনৰ উদযাপন কৰে। কোনোৱে লিখি পেলায় গান কিম্বা কবিতা। আমেৰিকান আদিবাসীসকলে এই জোনটোক Naked Moon বুলি সম্বোধন কৰে।
  •  গ্রহণৰ বিষয়ে অতীত ধাৰণা
    সূর্য গ্রহণ আৰু চন্দ্র গ্রহণে মানুহৰ মাজত এতিয়াও ৰহস্য সৃষ্টি কৰি ৰাখিছে। নানা দেশত নানা ধাৰণা প্রচলিত এই গ্রহণক লৈ। আমাৰ দেশত প্ৰচলিত ৰাহু আৰু কেতুৰ বিশ্বাসটোৰ কথা পুনৰ আলোচনা নকৰিলেও হয়। গ্রীকসকলৰ ধাৰণা আছিল, সূর্য গ্রহণ হৈছে স্রষ্টাৰ খং আৰু আসন্ন মৃত্যু তথা ধ্বংসৰ পূর্বাভাস।1651992079654 চীনৰ মানুহে বিশ্বাস কৰে যে, স্বর্গীয় ড্রেগনে সূর্যক গ্রাস কৰি পেলোৱাৰ ফলত সূর্য গ্রহণ হয়। ভিয়েটনামৰ বাসিন্দাসকলৰ ধাৰণা— বিশাল আকাৰৰ এটা ভেকুলীয়ে সূর্যক গিলি পেলোৱাৰ কাৰণে সূর্য গ্রহণ হয়। ইংকা সভ্যতাৰ লোকসকলৰ বিশ্বাস আছিল যে, এটা চিতাবাঘে চন্দ্ৰক গ্রাস কৰাৰ কাৰণে চন্দ্র গ্রহণ হয়। চন্দ্ৰৰ ওপৰত আক্রমণ শেষ হ’লে পৃথিৱীলৈ নামি আহি মানুহৰ ওপৰত আক্রমণ কৰিব। সেয়ে তেওঁলোকে জোনৰফালে যাঠি টোৱাই থৈ কল্পিত এই চিতাবাঘক ভয় দেখুওৱাৰ চেষ্টা কৰে। আনকি আশপাশৰ কুকুৰবোৰৰ গাতো তেওঁলোকে আঘাত কৰে, যাতে কুকুৰৰ আর্তচিৎকাৰত সেই চিতাবাঘ ভয় খাই পলাই যায় আৰু পৃথিৱীলৈ আহি আক্রমণ নকৰে।
  •  বিপর্যয় ঘটায় নেকি ৰক্ত চন্দ্ৰই !
    হিব্রু বাইবেলৰ ‘বুক অব জোৱেল’ৰ বর্ণনাত ব্লাড মুন বা ৰক্তবর্ণ জোনক লৈ বিস্তৰ ভৱিষ্যদ্বাণী প্রচলিত। তাৰ ভিতৰত বেছিভাগেই প্রলয় সংক্রান্তীয়। অৱশ্যে ইয়াৰ বাহিৰেও কিছু অন্য বিপর্যয় ঘটিব বুলি লোক-বিশ্বাস আছে। ব্লাড মুনৰ দিনটোৱেই নেকি ধ্বংসৰ দিন? এই দিনটোতে আৰম্ভ হয় নেকি মহাপ্রলয়? ৰক্ত চন্দ্ৰৰ দিনটোত ভেম্পায়াৰবোৰ প্রবল সক্রিয় হৈ উঠে! এই দিনটোত ভেম্পায়াৰে লাভ কৰে নতুন জীৱনীশক্তি! ৰক্ত চন্দ্ৰৰ ফালে চালেই গাভৰুবোৰ গর্ভৱতী হৈপৰে! তেওঁলোকৰ গর্ভত বাহ বান্ধিব স্বয়ং চয়তানে! কোনোৱে যদি যদি ৯ বাৰ ৰক্ত চন্দ্ৰৰ ফালে চায়, তেতিয়াহ’লে তেওঁৰ বাবে স্বর্গৰ দুৱাৰ চিৰকালৰ বাবে বন্ধ হৈ যাব! বিশেষজ্ঞসকলে জনায় যে, এইবোৰ মাথোঁ অন্ধবিশ্বাস। ব্লাড মুনৰ লগত ধ্বংস বা বিপর্যয়ৰ কোনো সম্বন্ধই নাই। এয়া এক অতি স্বাভাৱিক প্রাকৃতিক পৰিঘটনা।
  • ‘ছুপাৰ মুন’ত ভূমিকম্প হয় নেকি?
    হ’ব পাৰে। কিন্তু এয়া অতি কাকতালীয় বা কেৱল মিথ যে ‘ছুপাৰ মুন’ৰ দৰে মহাজাগতিক ঘটনা যিদিনা ঘটে সেদিনাই ভূমিকম্প হয়। কেৱল এয়া প্রথমবাৰৰ বাবে নহয়। অতীততো এনে বহু ঘটনা দেখা গৈছে। যেতিয়া ছুপাৰ মুন সংঘটিত হোৱাৰ দিনাই কম্পন অনুভূত হৈছিল বিশ্বৰ বিভিন্ন প্রান্তত। ইতিহাসে কয়, ছুপাৰ মুনৰ সময়ত বহুবাৰেই দেখা গৈছে প্রকৃতিৰ অস্বাভাৱিক কিছু আচৰণ। ২০১১ চনত জাপানত সৃষ্টি হৈছিল ছুনামি। সেই সময়ত এই প্রাকৃতিক দুর্যোগৰ ৮ দিন আগেয়ে দেখা গৈছিল ছুপাৰ মুন। অনেকেই ধাৰণা কৰিছিল যে, এই ভয়ংকৰ ছুনামি ছুপাৰ মুনৰেই ফল। ২০০১ চনৰ ২৬ জানুৱাৰীত গুজৰাটৰ ভুজত ভয়ংকৰ ভূমিকম্প হয়। ৰিখটাৰ স্কেলত কম্পনৰ মাত্রা আছিল ৭.৯। উল্লেখ্য যে, সেই মাহতেই সেই বছৰ মহাজাগতিক দুনিয়াত সংঘটিত হয় পূর্ণগ্রাস চন্দ্র গ্রহণ। ২০১১ চনৰ ২২ ফেব্রুৱাৰীত নিউজিলেণ্ডত ঘটি যায় ৬.৩ মাত্রাৰ ভূমিকম্প। এই ভূমিকম্প সংঘটিত হোৱাৰ ৪ দিন আগতে আকাশত দেখা গৈছিল ছুপাৰ মুন। ‘আর্থ চেঞ্জেছ মিডিয়া’ নামৰ এক গৱেষণা প্ৰতিবেদনত দেখা গৈছে যে চন্দ্ৰৰ বিভিন্ন অৱস্থান সম্পর্কিত কাৰণে মুঠ ২১টা ভূমিকম্প দেখা গৈছে গোটেই বিশ্বত। যাৰ ভিতৰত ২টা ঘটনাৰ লগত চন্দ্র গ্রহণ সম্পর্কিত। মার্কিন জিঅ’লজিকেল ছার্ভেই জনায় যে, সাম্প্রতিক সময়ৰ বহুকেইটা গৱেষণাত দেখা গৈছে যে, চন্দ্ৰৰ অৱস্থানৰ লগত ভূমিকম্পৰ যোগ আছে। যেনে পূর্ণিমাৰ সময়ত পানীত জোৱাৰ বা ভূপৃষ্ঠীয় জোৱাৰ অনেক সময়তেই সৃষ্টি হয়, যাৰ ফলত হৈ থাকে ভূমিকম্প। অৱশ্যে সেই প্ৰতিবেদনত এই কথাও জনোৱা হৈছে যে, ছুপাৰ মুনে ভূপৃষ্ঠত কোনো বিশেষ জোৱাৰ সৃষ্টি নকৰে।

১৬ মে’ৰ পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ ভাৰতীয়সকলে প্ৰত্যক্ষ কৰাৰ সুযোগ নাপাব। তথাপি হতাশ হোৱাৰ কাৰণ নাই। যিহেতু অহা ৬-৭ নৱেম্বৰত পুনৰ পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ হ’ব। তেতিয়ালৈ অপেক্ষা কৰিব পাৰি। কাৰণ নৱেম্বৰৰ সেই গ্ৰহণ ভাৰতৰ আকাশতো দৃশ্যমান হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More