‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

ম্ৰিয়মান ৰাজ্যবাসীঃ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ

0 51
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি বিয়লি ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰাত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে৷  উল্লেখ্য যে,  ১৯৩৫ চনৰ ২০ জানুৱাৰীত জামুগুৰিহাটৰ শলগুৰী সংগীয়া মাজৰ চুকত জন্মগ্ৰহণ কৰা ভোলা কটকীয়ে ১৯৪০ চনত গেৰেকী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল৷ ১৯৪৬ চনত জামুগুৰি হাইস্কুলত নাম ভৰ্তি কৰি ১৯৫৪ চনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ ১৯৫৫ চনত দৰং মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ১৯৫৬ চনত আই এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ শিশু অৱস্থাৰ পৰাই অসমৰ শিল্প কলা ক্ষেত্ৰখনৰ সৈতে একাত্ম হৈ এগৰাকী দক্ষ অভিনয় শিল্পী হিচাপে আত্মপ্ৰকাশ কৰি বিভিন্ন মঞ্চ নাটক, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কেবাখনো অসমীয়া চলচিত্ৰত অতি দক্ষতাৰে অভিনয় কৰি ৰাইজৰ অন্তৰ জিনিবলৈ সক্ষম হোৱা ভোলা কটকীয়ে চাকৰি জীৱন আৰম্ভ কৰে  ১৯৫৭ চনত এপেক্স মাৰ্কেটিং কোঃ অপাৰেটিভ চছাইটিত পৰিদৰ্শক হিচাপে৷ ইয়াৰ পৰৱৰ্তী  সময়ত ১৯৫৯ চনত জামুগুৰিহাটৰ ৰঙাচকুৱা এম ই স্কুলত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ১৯৬৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ ছাত্ৰ অৱস্থাতেই ১৯৫৬ চনত নতুন দিল্লীত অনুষ্ঠিত তৃতীয় আন্তঃ বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত দৰং কলেজৰ পৰা ভোলা কটকীয়ে নিজে লিখা আৰু পৰিচালনা কৰা প্ৰথম একাংকিকা নাটক  ‘বিভ্ৰাট’ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ স্থান, শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠা অভিনেত্ৰীৰে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷  ১৫ খনকৈ একাংকিকা নাটক ৰচনা কৰাৰ লগতে ৫ খন পূৰ্ণাংগ নাটক আৰু ৫ খনকৈ ভাওনাৰ নাটো ৰচনা কৰিছিল কটকীয়ে৷  জামগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা, বৰপুখুৰী পাৰ মুকলি বিহু, ভাৰতীয় গণ নাট্য সংঘ ( অসম ৰাজ্যিক সমিতি ), অসমীয়া ভাষা উন্নতি সাধিনী সভা, সদৌ অসম মইনা পাৰিজাত, অসম নাট্য সন্মিলন, অসম সাহিত্য সভা, বাপুজী নাট্য সমাজ, বাণ থিয়েটাৰ, জাতীয় উন্নয়ন পৰিষদ, শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ আদিকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ বিভিন্ন পদত থাকি এগৰাকী নিষ্ঠাবান সংগঠক হিচাপেও সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল কটকীয়ে৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন আজীৱন সাধক হিচাপে ‘মুনলাইট মিডিয়া’, বোলছবি শিল্পী হিচাপে ‘গোৱেংকা ফাউণ্ডেশ্যনে আগবঢ়োৱা ‘জীৱন ৰাম মুঙ্গী গোৱেংৰা মেমৰিয়েল পাব্লিক চেৰিটেব’ল  ট্ৰাষ্টৰ পৰা বঁটা আৰু অসম নাট্য সন্মিলনৰ  শ্ৰেষ্ঠ নাট্য শিল্পীৰ বঁটাৰ লগতে জীৱিত কালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বৰ্ধিত হৈছিল এইগৰাকী পুৰোধা শিল্পী৷ বিশেষকৈ অসম সাহিত্য সভা, আই পি টি এ অসম, অসম চলচিত্ৰ নিগম, অসম সাংবাদিক সন্থা, অসম নাট্য সন্মিলন, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসম ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী, শোণিতপুৰ শিল্পী সমাজ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বাণ থিয়েটাৰ আদি বহু অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰা কটকী শোণিত কোঁৱৰ গজেন বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, নটসূৰ্য ফণী শৰ্মা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অতি ঘনিষ্ঠ ব্যক্তি আছিল আৰু জীৱন কালত একেৰাহে ১০ বছৰ ধৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ লগত অসম তথা উত্তৰ পূৰ্বাঞ্চলত নাট্যভিনয় আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছিল৷ ভাৰতীয় গণ নাট্য সংঘৰ শিল্পী হিচাপে ১৯৫৫ চনৰ পৰা নতুন দিল্লী, জয়পুৰ, পাটনা, লক্ষ্ণৌ, মুম্বাই, কলিকতা আদি চহৰত নাট্যাভিনয় আৰু সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছিল৷ এই সময়ছোৱাতে গণশিল্পী হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগিতাৰে অসমৰ অভিনয় শিল্পক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল৷ প্ৰখ্যাত অভিনেতা উৎপল দত্ত, বলৰাজ চাহানী, এ কে এন্থাল, কাইফি আজমী, দিনা পাঠক, নিৰঞ্জন সেন, সত্যজিৎ ৰায় আদিৰ সৈতে গণ নাট্যসংঘৰ মজিয়াত একেলগে থাকি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইংৰাজী, হিন্দী আৰু বাঙালী নাটকত অভিনয় কৰিছিল৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত ভূটানত সাংস্কৃতিক মহামেলাত অংশগ্ৰহণ কৰা ভোলা কটকী স্বাধীনতা সংগ্ৰামী ধৰ্মৰত্ন গহন চন্দ্ৰ গোস্বামীৰো অতি সান্নিধ্য ব্যক্তি আছিল৷ এইগৰাকী শিল্পীৰ কায়িক অৱসানৰ বতৰাই অসমৰ শিল্প কলা ক্ষেত্ৰখন শূন্য কৰি তুলিলে বুলি বিভিন্ন ব্যক্তি অনুষ্ঠানে শোক প্ৰকাশ কৰিছে৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্ৰ বড়া, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া,বাণ থিয়েটাৰৰ সভাপতি-সম্পাদক বংকিম শৰ্মা আৰু জিতুমণি দেৱ চৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথ, তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিষ্ণু বৰঠাকুৰ, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মা, অসম ৰেপাৰটৰীৰ পুলক কুমাৰ ডেকা, অসমীয়া ক্লাব আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্‌গতি কামনাৰে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ ভোলা কটকীৰ শিল্পী পুত্ৰ স্বৰাজ কটকীৰ পৰা জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত আজিয়েই শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা জামুগুৰিহাটৰ বাসগৃহলৈ অনা হ’ব যদিও কাইলৈহে শেষকৃত্য সম্পন্ন হ’ব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More