ৰজা দ্বিতীয় জেমছ দৈৱক্ৰমে ৰক্ষা পৰিছিল ডুবন্ত জাহাজৰ পৰা

প্রায় চাৰে তিনিশ বছৰ পূৰ্বে ডুব যোৱা জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ

0 34
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুন : এখন ৰাজকীয় যুদ্ধজাহাজ ৩৪০ বছৰ আগেয়ে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল। যোৱা ৯ জুনত গৱেষকে সেই জাহাজ সংক্রান্তীয় তথ্য উন্মোচন কৰিছে। ধ্বংসৰ পৰা জাহাজখন বচাই ৰাখিবলৈ ইয়াৰ তথ্য ১৫ বছৰতকৈয়ো বেছি সময় ধৰি গোপন কৰি ৰখা হৈছিল বুলি জনা গৈছে। জাহাজখনৰ নাম ‘দ্য গ্লুচেষ্টাৰ’। ১৬৮২ চনত ডিউক অব য়র্ক জেমচক লৈ যাত্রা কৰিছিল দ্য গ্লুচেষ্টাৰ। ইংলেণ্ডেৰ পূব উপকূলত বালিৰ ঢিপত খুন্দা খাই ডুব গৈছিল। জনা গৈছিল ‘দ্য গ্লুচেষ্টাৰ’ দ্রুততৰে ডুব গৈছিল বাবে সেই সময়ত একো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। ইউনিভার্চিটি অব ইষ্ট এংলিয়াৰ গৱেষকসকলৰ ধাৰণা— উক্ত দুর্ঘটনাত ১৩০-২৫০ জনৰ মৃত্যু হৈছিল। দৈৱক্ৰমে বাচি গৈছিল ডিউক অব য়র্ক। পিছত তেওঁ ইংলেণ্ডৰ ৰজা হয়। তেওঁৰ পৰিচয় হয় ৰজা জেমচ দ্বিতীয়। ইউনিভার্চিটি অব ইষ্ট এংলিয়াৰ আর্লি মডার্ন কালচাৰেল হিষ্ট্ৰিৰ অধ্যাপক ক্লেয়াৰ জোভিটে কয় যে, আৱিষ্কাৰটোৱে ১৭ শতিকাৰ সামাজিক, সামুদ্রিক আৰু ৰাজনৈতিক ইতিহাসৰ ধাৰণাক মৌলিকভাৱে পৰিৱর্তন কৰাৰ প্রতিশ্রুতি দিয়ে। এইটো জাতীয় আৰু আন্তর্জাতিক গুৰুত্বৰ ফালৰ পৰাও অনন্য। ইংলেণ্ডৰ পূব উপকূলৰ গ্রেট য়াৰমাউথৰ পৰা ৪৫ কিলোমিটাৰ দূৰত এই জাহাজখন পোৱা গৈছে। জুলিয়ান আৰু লিংকন বার্নৱেল— এই দুই ভায়ে চাৰি বছৰ ধৰি অনুসন্ধান চলাই ২০০৭ চনত জাহাজখন আৱিষ্কাৰ কৰিছিল। এই তথ্য আঁৰ কৰি ৰখা হৈছিল। জাহাজৰ ধ্বংসাৱশেষৰ পৰা বিভিন্ন ঐতিহাসিক প্রত্নবস্তু পোৱা গৈছে। ইয়াৰ ভিতৰত আছে ছীলযুক্ত এটা কাঁচৰ বটল। জাহাজৰ পৰা উদ্ধাৰ হোৱা অন্যান্য প্রত্নবস্তুৰ ভিতৰত আছে নেভিগেচন সৰঞ্জাম, ব্যক্তিগত সামগ্ৰী, পোছাক, মদৰ বটল। কিছুমান সামগ্ৰী এতিয়াও অক্ষত অৱস্থাত আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More