ৰন্ধন গেছৰ চিলিণ্ডাৰে প্ৰতি ২০০ টকাৰ ভাট্টাঃ কোনে পাব এই সুবিধা?

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মে’ : সম্প্রতি ৰন্ধন গেছৰ ওপৰত ভাট্টা দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা ২১ মে’ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে ঘোষণা কৰিছিল যে, বছৰত ১২টা গেছ চিলিণ্ডাৰৰ উপভোক্তাক ২০০ টকাকৈ ভাট্টা দিব কেন্দ্ৰ চৰকাৰে। উজ্জ্বলা যোজনাৰ (Pradhan Mantri Ujjwala Yojana) অন্তর্গত ৯ কোটি মানুহ ইয়াৰ দ্বাৰা উপকৃত হ’ব। যোৱা কেইবা মাহত একাধিকবাৰ ৰন্ধন গেছৰ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িছে। দিল্লীত ১৪.২ কেজিৰ ৰন্ধন গেছৰ দাম ১০০৩ টকা। চৰকাৰৰ সিদ্ধান্ত কার্যকৰী হ’লে, ২০০ টকা ভাট্টা দিয়া হ’ব। ফলত গ্রাহকে চিলিণ্ডাৰে প্রতি ৮০৩ টকা ভৰিব লাগিব। জানিব পৰা মতে চৰকাৰৰ এই সিদ্ধান্তৰ সুবিধা পাব প্রধানমন্ত্রী আবাস যোজনাৰ (গ্রামীণ) অন্তর্গত হিতাধিকাৰী তথা অন্তোদয়া অন্ন যোজনাৰ অন্তৰ্গত হিতাধিকাৰীয়ে। চাহ বাগানৰ কৰ্মী আৰু পূৰ্বৰ কৰ্মী তথা সমাজৰ নিম্ন বৰ্গৰ লোকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More