ৰবঃ চাৰধাম যাত্ৰা বিপদ সংকুল হৈ পৰিছে

চাৰি সপ্তাহ নৌহওঁতেই ইতিমধ্যে ৭৮ জন তীৰ্থযাত্ৰীৰ মৃত্যু

0 32

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে’ : উত্তৰাখণ্ডত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ চাৰি সপ্তাহ নৌহওঁতেই ইতিমধ্যে ৭৮ জন তীৰ্থযাত্ৰীৰ শাৰীৰিক অসুস্থতাত মৃত্যু হোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰ বন্ধ হৈ থকাৰ পাছত যোৱা ৩ মে’ তাৰিখৰ পৰা পুনৰ আৰম্ভ হোৱা গঙ্গোত্ৰী, যমুনোত্ৰী, বদ্ৰীনাথ আৰু কেদাৰনাথ চাৰধাম যাত্ৰাত এইবাৰ অভিলেখ সংখ্যক তীৰ্থযাত্ৰীৰ সমাগম হৈছে।99fb27759a050f31b670df27f8dbc931 original উত্তৰাখণ্ডৰ পৰ্যটন বিভাগৰ তথ্য অনুযায়ী এতিয়ালৈকে দুই লক্ষাধিক লোকে এই চাৰিওখন তীৰ্থস্থান ভ্ৰমণ কৰিছে আৰু দহ লাখ লোকে চাৰধাম যাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে। উল্লেখযোগ্য যে, অহা অক্টোবৰ মাহলৈকে এই যাত্ৰা অব্যাহত থাকিব। উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগৰ মহানিৰ্দেশক শৈলজা ভাটৰ মতে, ইতিমধ্যে বিভিন্ন শাৰীৰিক বিসঙ্গতিৰ কাৰণত ৭৮ জনতকৈ অধিক তীৰ্থযাত্ৰীয়ে এই যাত্ৰাত প্ৰাণ হেৰুৱাইছে। কেৱল কেদাৰনাথতেই ৪১ জন তীৰ্থযাত্ৰী মৃত্যুৰ মুখত পৰিছে। ইয়াৰ পূৰ্বেও চাৰধাম যাত্ৰাত তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাটো নতুন কথা নহয়। দুৰ্ঘটনা বাদ দি কেৱল শাৰীৰিক অসুস্থতাৰ বাবেই ২০১৯ চনত ৯০ জন, ২০১৮ চনত ১০২ জন আৰু ২০১৭ চনত ১১২ জন তীৰ্থযাত্ৰীয়ে এই যাত্ৰাত প্ৰাণত্যাগ কৰিছিল।
কেদাৰনাথত তীৰ্থযাত্ৰীসকলৰ বাবে স্বেচ্ছাই চিকিৎসা সেৱা আগবঢ়োৱা ‘ছিক্স ছিগমা হেল্থকেয়াৰ’ৰ প্ৰদীপ ভৰদ্বাজৰ মতে অতিৰিক্ত ভিৰ, পৰ্বতীয়া উচ্চ অঞ্চলৰ পৰিৱেশৰ লগত অনভ্যস্ততা, দহ-বাৰ হাজাৰ ফুট উচ্চতাত হঠাতে হোৱা বতৰৰ সাল-সলনি, প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰয়োজনীয় সাজ-পোছাক পৰিধান নকৰা ইত্যাদি কাৰকৰ বাবে ভৈয়ামৰ পৰা অহা তীৰ্থযাত্ৰীৰ মৃত্যুৰ প্ৰধান কাৰণ। এনে ধৰণৰ মৃত্যুৰ প্ৰধান কাৰণ হিচাপে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা আৰু অতি শীতল পৰিস্থিতিত উদ্ভৱ হোৱা ‘হাইপ’থাৰ্মিয়া’ই বুলি চিকিৎসা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। দুবছৰ বন্ধ থকাৰ পাছত এইবছৰ মুকলি কৰা এই যাত্ৰাত পূৰ্বৰ দহ হাজাৰ তীৰ্থযাত্ৰীৰ বিপৰীতে পঞ্চাশ হাজাৰ যাত্ৰীয়ে কেদাৰনাথ ভ্ৰমণ কৰাত স্বাভাৱিকতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। যাত্ৰীসকলৰ বাবে স্থাপন কৰা হৈছে মাত্ৰ তিনিটা সমূহীয়া ৰান্ধনিশাল। অভিযোগ উত্থাপিত হৈছে চৰকাৰে আগতীয়াকৈ যথাযথ শাৰীৰিক চিকিৎসা পৰীক্ষা নকৰাকৈয়ে যাত্ৰীসকলক প্ৰতিকূল বতৰ আৰু উচ্চতাত অৱস্থিত কেদাৰনাথ, বদ্ৰীনাথলৈ যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰিছে। আনহাতে চৰকাৰী পক্ষই দোষটো তীৰ্থযাত্ৰীসকললৈ ঠেলি দি কৈছে যে,স্বাস্থ্যৰ ক্ষেত্ৰত জাৰি কৰা চৰকাৰী নিৰ্দেশ, পৰামৰ্শ তীৰ্থযাত্ৰী সকলে আওকাণ কৰাৰ বাবেই পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। ৰাজ্য চৰকাৰৰ সূত্ৰসমূহৰ মতে, চৰকাৰে এতিয়া প্ৰতিদিনে কেদাৰনাথ লৈ ১৬,০০০, বদ্ৰীনাথলৈ ১৫,০০০, গঙ্গোত্ৰীলে ৭,০০০ আৰু যমুনোত্ৰীলৈ ৫,০০০ লোকক ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰিছে। অহা অক্টোবৰ মাহলৈকে অব্যাহত থাকিবলগীয়া এই চাৰধাম যাত্ৰাত উত্তৰাখণ্ড চৰকাৰে কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ নকৰিলে এই যাত্ৰাপথ মৃত্যু উপত্যকালৈ পৰিণত হোৱাৰ সম্ভাৱনাই অধিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More