মুক্তাৰ আলী, ২৩ ডিচেম্বৰ : কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্থ সমতা সাহিত্য অকাডেমিয়ে ‘ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ’ৰ সহযোগত আগবঢ়োৱা শিক্ষক ৰত্ন বঁটাৰে সন্মানিত হ’ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন দুৱৰা। ২২ ডিচেম্বৰত হোটেল বেংগালুৰু গেট’ৰ কনফাৰেন্স হলত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপকসকলৰ লগত একেলগে তেওঁ এই বিশেষ বঁটা গ্ৰহণ কৰে। অনুষ্ঠানটোত কেৰ্লিফৰ্ণিয়া পাব্লিক ইউনিভাৰ্ছিটৰ তৰফৰ পৰা চট্টিচগড়ৰৰ ক্ৰমে ৰাখী কোৰাম, টানজুৰাম নাৰেটি, আৰু মাণিক দাস মানিকপুৰক সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা সামৰি আজি বিভিন্ন দেশৰ প্ৰায় ৬০ গৰাকী ব্যক্তিক বিভিন্ন ক্ষেত্ৰৰ সমতা অকাডেমি বঁটা প্ৰদান কৰে। দুগৰাকী বিশিষ্ট লেখক ক্ৰমে ৰাখী কোৰামৰ ‘গোড়িয়া-৩ আৰু উৰিষ্যাৰ ড° নুৰসিংহা মহাপাত্ৰৰ ‘আদিনাথ শংকৰাচাৰ্য’ নামৰ গ্ৰন্থ দুখনো এই অনুষ্ঠানত উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী আগুচ ইন্দ্ৰ উদয়ন, সমতা সাহিত্য অকাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি বি এছ টেনডেকাৰ, আৰ,বি জি,ৱাই’ৰ চাৰ্টাৰ প্ৰেচিডেণ্ট তথা আমেৰিকান যোগ ইউনিভাৰ্ছিটিৰ উপাচাৰ্য যোগী দেৱৰাজ, কেৰ্লিফৰ্ণিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ প্ৰতিনিধিৰ লগতে দেশ-বিদেশৰ কেইবাজনো বিশিষ্ট ব্যক্তি। আন্তঃৰাষ্ট্ৰীয় ঘোষিকা নিশিতা টানডেকাৰে আঁতধৰা অনুষ্ঠানটো চট্টিচগড়ৰ জাতীয় নৃত্য আৰু গীত-মাতেৰে সমাপন কৰা হয়। ৰমেন দুৱৰাৰ এই প্ৰাপ্তিত বিভিন্ন দল সংগঠন, ব্যক্তিৰ লগতে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, জিলা শিক্ষা পৰিকল্পনা বিষয়া ভৱেন ভৰালী, জিলা সমগ্ৰ শিক্ষা আঁচনি বিষয়া নিভা শইকীয়া, শিক্ষা উপ-সঞ্চালক প্ৰসন্ন বৰা, অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী, ৰাজ্যিক সম্পাদক আনোৱাৰা হুছেইন, মাজুলী জিলা সম্পাদক সঞ্জীৱ দত্ত, ধেমাজি জিলাৰ ফুলেশ্বৰ বৰুৱা, ডিব্ৰুগড় জিলাৰ প্ৰশান্ত বৰুৱা, নগাঁও জিলাৰ যগেশ্বৰ ৰাজখোৱা, দৰঙৰ ভৱানন্দ কলিতা, চৰাইদেউ জিলাৰ যতীন চেতিয়া, শিৱসাগৰৰ বিজিত নেওগ, ৰূপজ্যোতি চেতিয়া,জোনাইৰ শশৰাজ চৌধুৰী , মৰিগাঁওৰ অনিল নাথ, হোজাইৰ বিজয় কৃষ্ণ, যোৰহাটৰ ৰাতুল গগৈ আৰু লখিমপুৰ জিলাৰ সম্পাদক জগত বৰা আৰু সভাপতি ট্ৰিকেন্দ্ৰজিৎ বৰুৱাৰ লগতে জিলাখনৰ বহুসংখ্যক প্ৰধান শিক্ষকে অভিনন্দন জনায়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.