ৰহমৰীয়াত ভয়ংকৰ নাও দুৰ্ঘটনাত ৫ জন জীৱন্তে উদ্ধাৰঃ ৪ জন সন্ধানহীন

0 13

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১৯ জুনঃ বানৰ সংহাৰীৰ সময়তে ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাটোত সন্ধানহীন হ’ল চাৰিজনকৈ লোকৰ। ইয়াকে লৈ এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড়ৰ ৰহমৰীয়া বগৰীতলীয়াত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে এখন নাও। ভটভটি নাওখনত আছিল ৯ জনকৈ যাত্ৰী। জানিব পৰা মতে, পলসভঙা চাপৰিৰ পৰা গাখীৰ লৈ ৯ জন যাত্ৰীসহ ভৰা লুইতৰ বুকুৱেদি ভটভটি নাৱেৰে গৈছিল বালিজান বজাৰ অভিমুখে। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ পৰিপ্ৰেক্ষিতত কুঁৱলীয়ে ঢাকি পেলাইছে ব্ৰহ্মপুত্ৰৰ নদীপথ। চালকে হেৰুৱাই পেলাইছিল নদীৰ গতিপথ। চাৰিবাৰকৈ নদীৰ ঢৌৱে কোবাইছিল নাওখনক। নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত পুৱা প্ৰায় ১০.৩০ বজাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে একক ইঞ্জিন চালিত নাওখনক। ইয়াৰ লগে লগে ব্ৰহ্মপুত্ৰৰ মাজভাগত থকা নদীৰ বালিচৰত কোনোমতে প্ৰাণ ৰক্ষা পৰে নাওখনৰ পাঁচজনকৈ যাত্ৰী। কিন্তু ৪ জন যাত্ৰী বৰ্তমানেও সন্ধান লাভ কৰিব পৰা হোৱা নাই। নাওখনত চাবুৱাৰ শংকৰ যাদৱ, ৰহমৰীয়া লাইনৰ চংকু কুৰ্মী, বৰতিচুকৰ ধৰ্মেন দাস আৰু মহমৰাৰ কিচন যাদৱ নামৰ লোককেইজন এই পৰ্যন্ত সন্ধানহীন হৈ আছে ভৰা লুইতৰ বুকুত। ইফালে ঘটনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ বাহিনীৰ দলে আৰম্ভ কৰে উদ্ধাৰ অভিযান। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে নাৱত উঠি নিৰীক্ষণ কৰে উদ্ধাৰ অভিযান। আনহাতে ভয়ংকৰ নাও দুৰ্ঘটনাত জীৱন্তে উদ্ধাৰ হোৱা এজন ব্যক্তিয়ে শিহৰণকাৰী বৰ্ণনা দি কয়, আজি পুৱা ৯.৩০ বজাত চাপৰিৰ পৰা যাত্ৰা আৰম্ভ কৰা হৈছিল বালিজান বজাৰলৈ। প্ৰতিদিনেই চাপৰিৰ শ শ লিটাৰ গাখীৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি লৈ যায় বালিজান বজাৰলৈ। শনিবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বালিজানলৈ নিয়া নাছিল গাখীৰ। কিন্তু দেওবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত গাখীৰ আৰু শাক-পাচলি লৈ ৯ জন যাত্ৰী গৈছিল বালিজান বজাৰ অভিমুখে। অভিশপ্ত দেওবাৰৰ দিনটোতে নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে চাৰিজনকৈ লোকক। উল্লেখযোগ্য যে, ডিব্ৰুগড়ত ভয়াৱহ উঠিছে বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পালেও স্বাভাৱিক হৈ উঠা নাই বান পৰিস্থিতি। তেনেস্থলত একক ইঞ্জিনচালিত নাও চলাচলে আৰু অধিক বিপদসংকুল কৰি তুলিছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাও চলাচল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More