শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : তেলেংগানাৰ সূৰ্যপেট জিলাৰ ৰাঘৱপুৰা গাঁৱত লাখ লাখ ফলমূলৰ গছৰে ভৰি আছে ৭০ একৰ এখন অৰণ্য। ইয়াৰে কিছুমান গছৰ বয়স ৫০ বছৰৰ অধিক আৰু কিছুমান যোৱা তিনিটা দশকত বাঢ়িছে। শতাধিক চৰাই আৰু কেইবাটাও প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান এই অৰণ্য। দেখাত অৰণ্যখন দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিকোনো অৰণ্যৰ দৰেই। কিন্তু অৰণ্যখনত কোনো সীমাৰ বেৰ বা নিৰাপত্তাৰক্ষী নাই। কাৰণ চৰকাৰ বা বন বিভাগে নহয়; বৰং অৰণ্যখন এজন অভিভাৱকে ৰক্ষণাবেক্ষণ দি আহিছে। যাৰ নাম দুষাৰ্লা সত্যনাৰায়ণ। তিনি কুৰি আঠ বছৰীয়া সত্যনাৰায়ণে এই বৃহৎ পৰিমাণৰ মাটি কাৰোবাক লীজত দিয়া বা ঔদ্যোগিক প্ৰয়োজনত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ বাবে।
- শৈশৱতে মেলিছিল পোখা
সত্যনাৰায়ণৰ মতে তেওঁ চাৰি বছৰ বয়সৰ পৰাই বনাঞ্চলখন সৃষ্টিত মনোনিবেশ কৰি আহিছে। সেই অঞ্চলটো এসময়ত চৰণীয়া পথাৰ আছিল, য’ত তেওঁ অমিতা আৰু আন গছৰ বীজ ছটিয়াই দিছিল। সৰুৰে পৰাই প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ আবেগ আৰু প্ৰেমৰ বাবেই তেওঁ তেওঁৰ চাৰিওফালে গছ-গছনি ৰাখিব বিচাৰিছিল। শৈশৱ কাল বহু চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ আশে-পাশে পাৰ কৰিছিল তেওঁ। তাৰ ফলত চৌপাশৰ জৈৱ বৈচিত্ৰ্যৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ হৈছে পাটোৱাৰী পৰিয়ালৰ সন্তান। পাটোৱাৰী মানে হৈছে গাঁৱৰ মালিক বা মাটিৰ গাণনিক। তেওঁৰ পৰিয়ালৰ ৩০০ একৰ মাটি আছিল।
- নিজামৰ এলেকাত অৰণ্যৰ নিৰ্জনতা
১৯৪০ চনৰ শেষৰফালে উল্লিঊ অঞ্চলটো নিজামসকলে শাসন কৰিছিল। সত্যনাৰায়ণৰ পূৰ্বপুৰুষসকলে নিজামৰ অধীনত কাম কৰিছিল আৰু বিশাল মাটিখিনিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছিল। ১৯৪৮ চনত নিজাম নিয়ন্ত্ৰিত অঞ্চলটো একত্ৰিত হৈ ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ পৰাৰ পিছতে এই পৰিয়ালটো ভূমিৰ একমাত্ৰ মালিক হৈ পৰে। দুষাৰ্লাৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ প্ৰকৃতি প্ৰীতি আগতকৈ বাঢ়ি আহিল। কিন্তু সময় বাগৰাৰ লগে লগে পৰিয়ালটোৰ মালিকীস্বত্ব ৭০ একৰলৈ হ্ৰাস পালে। সত্যনাৰায়ণে এই বিষয়ে এনেদৰে কয়— “মোৰ দেউতাৰ হাতত ৭০ একৰ মাটি আছিল। তাত মই বীজ বিস্তাৰ কৰি এখন বনাঞ্চল সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলোঁ। পৰিৱেশলৈ অৰিহণা যোগোৱাৰ মোৰ ইতিবাচক উদ্দেশ্য উপলব্ধি কৰিছিল বাবেই মোৰ মা-দেউতাই বিৰোধিতা কৰা নাছিল। কিন্তু প্ৰায়েই মোৰ সহপাঠী বা গাঁৱৰ মানুহ বাগিচাবোৰত প্ৰৱেশ কৰিছিল আৰু সম্পদ লৈ যোৱাৰ চেষ্টা কৰিছিল।
- ৫০ বছৰীয়া প্ৰচেষ্টাৰ অন্তত
সত্যনাৰায়ণে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন প্ৰজাতিৰ বীজ আৰু গছপুলি সংগ্ৰহ কৰিছিল। তেওঁ বৰষুণৰ পানী সংগ্ৰহ কৰিবলৈ এটা খাল খান্দিছিল আৰু গছ-গছনিবোৰক জলসিঞ্চন কৰিবলৈ নলা কাটি দিছিল। পদুম ফুল, মাছ, বেং আৰু কাছই আশ্ৰয় ল’ব পৰাকৈ পুখুৰী খান্দি দিছিল। ১৯৮০ চনত তেওঁ কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ক্ষেত্ৰ বিষয়া হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। সঞ্চিত সমুদায় ধন-বিত বনাঞ্চল সৃষ্টি আৰু ৰক্ষণাবেক্ষণত খৰচ কৰিবলৈ ধৰিলে। এতিয়া এখন পূৰ্ণাংগ অৰণ্যৰ গৰাকী তেওঁ। অৰণ্যত উৎপন্ন হোৱা এটাও ফল বা বনজ সম্পদ মানুহে খোৱাৰ বাবে বা ব্যৱসায়িক উদ্দেশ্যত ইয়াৰ পৰা ওলাই নাযায়। অৰণ্যখনত উৎপন্ন হোৱা সকলো বস্তু হাজাৰ হাজাৰ চৰাই, বিভিন্ন প্ৰজাতিৰ সাপ, শহাপহু, বনৰীয়া গাহৰি, শিয়াল, কাছ, বান্দৰ, ময়ুৰ, হৰিণ আদি বন্যপ্ৰাণীয়ে ভক্ষণ কৰে। যিখিনি ভোগ নকৰাকৈ ৰৈ যায় সেইখিনি পচি যায় আৰু বনাঞ্চলখন সজীৱ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোটিৰ সংখ্যাত গছ আছে অৰণ্যখনত। অৱশ্যে ইয়াৰে বহু গছ-বন পৰিৱেশ তন্ত্ৰৰ জৰিয়তে নিজেই পুনৰ উৎপাদন হৈছে বুলি সত্যনাৰায়ণে প্ৰকাশ কৰে। তেওঁ আৰু কয় যে, জৈৱ বৈচিত্ৰ্য বজাই ৰাখিবলৈ ঔষধি মূল্যৰ পৰ্যাপ্ত উদ্ভিদ প্ৰজাতি, কৃষি আৰু উদ্যান শস্যৰ জাত, আৰু উল্লেখযোগ্য উদ্ভিদ থাকিলে ঘন গছৰ গছ-গছনি এখন অৰণ্য বুলি কোৱা হয়। ডাঙৰ ডাঙৰ ডাল, ফল-মূল উদ্ভিদ, ইয়াৰ বিতৰণ আৰু পুনৰ উৎপাদনৰ দ্বাৰাও অৰণ্যখন চিনাক্ত আৰু নিৰ্ধাৰণ কৰা হয়। তেওঁৰ মতে অৰণ্যখনত গড়ে প্ৰতি একৰত প্ৰায় ১০ লাখ গছ আছে। এইজন অৰণ্য স্ৰষ্টাই কয়— “চৰাইবোৰে বীজ বিস্তাৰ কৰে, উদ্ভিদবোৰ গছলৈ পৰিণত হয়, বন্যপ্ৰাণীবোৰে নিজৰ অংশটোত অৰিহণা যোগায় আৰু ভূগৰ্ভস্থ পানীৰ মাত্ৰা ৰক্ষা কৰাত অৰণ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”
- আপোচবিহীন
অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া ৰঘুৱীয়ে দুষাৰ্লাৰ জীৱন আৰু তেওঁৰ প্ৰচেষ্টাক আলোকপাত কৰি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। উক্ত তথ্যচিত্ৰত তেওঁ কয় যে, দুষাৰ্লা এজন আবেগিক প্ৰকৃতিপ্ৰেমী। বিশেষকৈ চৰকাৰ বা ব্যক্তিগত কাৰোৰে সমৰ্থন অবিহনে তেওঁ নিজৰ জীৱনটো বনাঞ্চল সৃষ্টিৰ বাবে উৎসৰ্গা কৰাটো নিতান্তই মহান কাম।