ৰাজনাথ সিঙে ক’ৰ পৰা বিদেশী পুঁজি লৈছিল, ৰাজহুৱা কৰকঃ আছু

এন. এইচ. পি. চি সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ. কে. সিঙৰ মন্তব্যত আছু, যুৱ-ছাত্ৰ পৰিষদৰ সকীয়নি,প্রত্যাহবান

0 25

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উপস্থিত হৈ কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে. সিঙে কালি কৰা মন্তব্যক লৈ লখিমপুৰ ধেমাজিত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰৰ নেতৃবৃন্দ। এই সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰীক প্রত্যাহবান জনাই তেওঁলোকে কয় যে বিদেশী পুঁজিৰে বান্ধৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ যদি কিবা প্রমাণ আছে তেনেহ’লে সেয়া শক্তি মন্ত্ৰীয়ে তথ্য সহকাৰে ৰাজহুৱা কৰক। শক্তি মন্ত্ৰীৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধনমনি দত্তই কয় যে শক্তি মন্ত্ৰীয়ে গণতান্ত্রিক আন্দোলনক তচনচ কৰাৰ বাবে কালি যি মন্তব্য কৰিছে তাক আমি কোনোপধ্যে মানি নলও। তেওঁ এনে মন্তব্যক আমি গৰিহনা দিছো। ২০১০ চনত ৰাজনাথ সিঙে অসমলৈ আহি বান্ধৰ বিৰুদ্ধে কথা কৈছিল আৰু আন্দোলন কৰিছিল।তেন্তে আন্দোলনকাৰীৰূপে ৰাজনাথ সিঙে ক’ৰ পৰা বিদেশী পুঁজি লৈছিল, তাক ৰাজহুৱা কৰক। তেওঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মন্তব্য আগবঢ়োৱাৰ লগতে বিশেষজ্ঞ সমিতিয়েও ভূ-কম্প অঞ্চলটোত বৃহৎ নদীবান্ধ সম্ভৱ নহয় বুলি চূড়ান্ত প্রতিবেদন দিছিল।Rajnath Sing 1 আমাৰ স্পষ্ট দাবী – নামনি অঞ্চলৰ সুৰক্ষা নিশ্চিত নোহোৱা পর্যন্ত বান্ধৰ বিৰোধিতা কৰি যাম। শক্তি মন্ত্ৰী গৰাকীয়ে বিশেষজ্ঞ সমিতিৰ প্রতিবেদন অধ্যয়ন কৰাৰ প্রয়োজনীয়তা আছে। ভাৰতৰ বিভিন্ন ঠাইত বৃহৎ নদীবান্ধে কেনেদৰে বিভিষীকাৰ সৃষ্টি কৰিছে সেয়া শক্তি মন্ত্ৰীয়ে দেখি শুনিও এতিয়া এন. এইচ. পি. চি.ৰ সপক্ষে মাত মাতিছে। এই কথাত আমি কেতিয়াও সম্মতি দিব নোৱাৰো। একেদৰে আজি শক্তি মন্ত্ৰীজনৰ মন্তব্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা সৌৰভ দাসে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয় ২০০৮ চনৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। ভৱিষ্যতে ধ্বংস লীলা সৃষ্টি কৰিব পৰা আৰু জৈৱ বৈচিত্র্য ধ্বংস কৰিব পৰা এন. এইচ পি. চি.ৰ দৰে বৃহৎ‍ নদীবান্ধ আমাক কোনো কাৰণতে নালাগে। যদি আমি বিদেশী পুঁজিৰে আন্দোলন কৰিছো তেনেহ’লে শক্তি মন্ত্ৰীৰ হাতত যদি কিবা তথ্য আছে তাক ৰাজহুৱা কৰক। অন্যথা শক্তি মন্ত্রীয়ে এনে মন্তব্য সন্দৰ্ভত ক্ষমা খুজিব লাগিব। আমাৰ সভ্যতা-সংস্কৃতি, দেশ আৰু জাতিৰ স্বাৰ্থত আমি সদায় মাত মাতি আহিছো আৰু ভৱিষ্যতেও মাত মাতি যাম। বান্ধ বিৰোধী আমাৰ নেতা কৰ্মীক তেওঁলোকে জেলত ভৰাই আমাৰ আন্দোলনক কেতিয়াও নিঃশেষ কৰিব নোৱাৰিব বুলি দাসে শক্তি মন্ত্রী তথা কেন্দ্রীয় চৰকাৰক এক প্ৰকাৰে সকীয়াই দিয়ে। বি. জে. পি. চৰকাৰেহে এন. এইচ. পি. চি.ৰ পৰা ধন লৈ বান্ধৰ সপক্ষে থিয় দিছে বুলি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় নেতাজনে অভিযোগ উত্থাপন কৰে। আমাৰ গণতান্ত্রিক আন্দোলনক ফেচিবাদী পন্থাৰে কেতিয়াও মষিমূৰ কৰিব নোৱাৰিব বুলি তেওঁ ব্যক্ত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More