ৰাজ্যত দলিলৰ নাটনিঃ অত্যধিক মূল্যত বিক্ৰী দলিল
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ , ৯মে’ঃ সম্প্ৰতি ৰাজ্যত ভূমি পঞ্জীয়ন, বিভিন্ন চুক্তি পত্ৰ সম্পন্ন কৰা আৰু আদালতৰ বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা একোখন দলিল সংগ্ৰহ কৰিবৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে জনসাধাৰণ। এই দলিল ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰিত মূল্যৰ বিপৰীতে ভৰিব লগা হয় অত্যধিক ধন।এই অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপাৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ অসমৰ৷ আজি এক বিবৃতিত এই সন্দৰ্ভত কোৱা হয় যে, এশ টকাৰ দলিলখন ক্ৰয় কৰোতে দিব লগা হয় এশ পঞ্চাশৰ পৰা এশ সত্তৰ টকা। সেই বৃদ্ধি হাৰত সকলোবোৰ দলিল অধিক দামত বিক্ৰী কৰি এক নিয়ন্ত্ৰণহীন বেহা ৰাজ্যত সৃষ্টি কৰিছে বুলি অভিযোগ কৰি সংস্হাটোৱে আৰু কয় যে, এই বিষয়টো অতি স্পৰ্শ কাতৰ বুলি বিবেচনা কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপাৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ অসমে।সংস্হাটোৰ ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ্ডে সন্থাৰ সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথৰ জড়িয়তে কাকতলৈ প্ৰেৰণ কৰা বিবৃতিটোত অধ্যক্ষ গৰাকীয়ে প্ৰকাশ কৰে যে অসমবাসীয়ে সন্মুখীন হৈ অহা এই অসুবিধা দূৰ কৰিবলৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰীলৈ পত্ৰৰ জড়িয়তে যোগাযোগ কৰা হৈছে আৰু দলিল সকলোৰে বাবে সুলভ কৰি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তেওঁ ৰাজ্যত অনলাইন দলিল অতি সহজতে লাভ কৰাবৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে। তেওঁ লগতে উল্লেখ কৰে যে ভেন্দৰ সকলৰ পৰা দলিল ক্ৰয় কৰিবলৈ যাওঁতে অত্যধিক দামত দলিল ক্ৰয় কৰি বিক্ৰী কৰিবলৈ অনা বুলি অভিযোগ কৰে ভেন্দৰ সকলে৷এই অভিযোগৰো সত্যতা উদ্ঘাটন কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয় বিবৃতিটোত।