ৰাজ্যত নিযুক্তিৰ চিণ্ডিকেট চলিছে: তেজপুৰত লুৰীণ জ্যোতি গগৈ

0 15

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৬ছেপ্টেম্বৰ: ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি হৈছে৷দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাটো এক চৰকাৰী প্ৰহনশীলতাৰ বাহিৰে আন একো নহয়৷আজি তেজপুৰত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই দৰে মন্তব্য কৰে৷নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ভিক্তৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰাচাৰি স্বৰূপটো উদঙাই দিছে বুলি গগৈয়ে মন্তব্য কৰি লগতে কয় যে ইয়াৰ বিৰুদ্ধে ৰাজ্যত তথা সামাজিক মাধ্যমত প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈছে৷অসম জাতীয় পৰিষদৰ সভাপতিজনে লগতে কয় যে,ৰাজ্যত লুইছ বৰ্জাৰ, সাৰদা,ভূমি কেলেংকাৰি আদিৰ বিৰুদ্ধে তদন্ত নহয়৷এই সকলেই উত্তৰ কাছাৰত সংঘটিত কেলেংকাৰিতো জড়িত বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে ৰাজ্যত নিযুক্তিৰ এক চিণ্ডিকেট চলা বুলি অভিযোগ কৰি গগৈয়ে কয় যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল,লখিমপুৰ,ডিব্ৰুগড় আৰু ডিফুৰ চিকিৎসা মহাবিদ্যালয় সমূহত জালুকবাৰী সমষ্টিৰ লোকেই কেনেদৰে নিযুক্তি লাভ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ লগতে কয় যে,বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নহয়,প্ৰকৃততে এইখন চৰকাৰে দুৰ্নীতিৰ প্ৰতি সম্পূৰ্ণ সহযোগিতাহে আগবঢ়াইছে৷তেওঁ শেহতীয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা সকলৰ ভিতৰত বিধায়ক মানৱ ডেকাৰ ব্যক্তিগত সহায়কৰ পত্নী,গুৱাহাটীৰ বাসগৃহৰ ৰান্ধনী,ডেকাৰ পৰিবাৰৰ সহায়িকা আদি সকলে নিযুক্তি লাভ কৰাৰ লগতে বিজেপিৰ স্হানীয় নেতা তথা মেডিয়া কোষৰ সদস্যৰ পৰিবাৰে নিযুক্তি লাভ কৰিছে৷এই তালিকা আৰু অধিক দীঘলীয়া হ’ব বুলি দাবী কৰি তেওঁ লগতে কয় যে,এফালে বিধায়ক ভৱেশ কলিতাই নিযুক্তিৰ নামত ধন দাবী কৰে আৰু এফালে ৰামেশ্বৰ তেলীৰ অঙহী বঙহীসকলে ভাৰতীয় তেল নিগমত নিযুক্তি লাভ কৰে৷লখিমপুৰত নিযুক্তিৰ ক্ষেত্ৰত তেওঁ বিজেপি নেতা হেমন্ত চেতীয়া,জিতেন দত্তৰ আত্মীয়ৰ নামো উল্লেখ কৰে৷শিক্ষা আৰু স্বাস্থ্য বিভাগত জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীয়েই আটাইতকৈ অধিক নিযুক্তি কেনেদৰে লাভ কৰে বুলিও লুৰীণ জ্যোতি গগৈয়ে মন্তব্য কৰি এইবোৰৰ বিষয়ে ৰাইজে বিচাৰ কৰক বুলি আহ্বান জনায়৷ভিক্তৰ দাসৰ গ্ৰেপ্তাৰৰ বিপৰীতে জুই আছে বাবে ধোঁৱা ওলাইছে বুলি মন্তব্য কৰে তেওঁ লগতে কয় যে এতিয়া এই জ্বুই বাঢ়ি আছে৷অএমআৰ চিটত গণ্ডগোল কৰিবলৈ আটাইতকৈ সহজ আৰু ইয়াৰে সুযোগ লৈ এই নিযুক্তি কেলেংকাৰি সংঘটিত কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াত আগতীয়াকৈ নাম আৰু একোটা নম্বৰ উল্লেখ থাকে আৰু একাংশ প্ৰাৰ্থীয়ে এশ শতাংশ শুদ্ধ বুলি নিশ্চিত উত্তৰ সমূহ দিয়াৰ বাহিৰে বাকী সকলো পাছতহে পূৰণ কৰে বুলি গগৈয়ে সংবাদমেলত মন্তব্য কৰে৷চৰকৰৰক স্বৈৰচাৰী আৰু অগণতান্ত্ৰিক কাৰ্য ত্যাগ কৰিবলৈ আহ্বান জনাই গগৈয়ে কয় যে,বিগত ১৫বছৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে পাৰকৰা গগৈয়ে কয় যে,ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নামত অট্টালিকা নিৰ্মাণ হ’লেও ইয়াত আন্তগাঁথনি বুলি একোৱেই নাই৷তেওঁ লগতে কয় যে,তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়োজনীয় যন্ত্ৰপাতি নাই৷কাৰ্ডিঅল’জি,নিউৰ’ল’জি আদি বিভাগৰ উপযুক্ত যন্ত্ৰ আৰু চিকিৎসক নাই বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে ইয়াত থকা ২২টা বিভাগৰ বহুসংখ্যকতে চিকিৎসক নাই৷এনে অৱস্থাত ইয়াত অধ্যয়নৰত ছাত্ৰছাত্ৰী সকল কেনেদৰে উপকৃত হ’ব বুলিও তেওঁ প্ৰশ্ন কৰে৷একেদৰে ইয়াত স্হাপিত কৰ্কট চিকিৎসা কেন্দ্ৰটো ৰেডিয়েছন যন্ত্ৰকে ধৰি বহু প্ৰয়োজনীয় যন্ত্ৰপাতি নাই বুলি উল্লেখ কৰি লগতে গগৈয়ে কয় যে আমি বিচাৰোঁ তেজপুৰৰ এই কেঞ্চাৰ চিকিৎসা প্ৰতিষ্ঠান উত্তৰ পাৰৰ পাঁচখন জিলাৰ সৰ্বসাধাৰণৰ বাবে সকলো সাসুবিধাসম্পন্ন চিকিৎসা প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠক৷কিন্তু এনেদৰে নোহোৱাৰ বাবেই সৰ্বসাধাৰণে কৰ্কটৰ চিকিৎসা বাহিৰত ৩৩লাখ টকাৰ পেকেজত কৰিব লাগে৷আনহাতে,তেজপুৰক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়িবলৈ চৰকাৰে কোনো পৰিকল্পনা গ্ৰহণ নকৰি সকলোকে প্ৰৱঞ্চনা কৰি আহিছে বুলিও কয়৷গগৈয়ে কয় যে,একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিবলৈ যিমান ধনৰ প্ৰয়োজন তাৰ ২০-২৫শতাংশ উদ্বোধনী সভা পাতি ব্যয় কৰা হয়৷প্ৰধানমন্ত্ৰী,মন্ত্ৰী মাতি এশ কোটি টকা ব্যয় কৰি উদ্বোধনী সভা অনুষ্ঠিত কৰাৰ অজাপই বিৰোধিতা কৰে বুলি উল্লেখ কৰি গগৈয়ে এই ধন ৰাজ্যৰ উন্নয়নত ব্যয় কৰক বুলিও আহ্বান জনায়৷একেদৰে ৬০খন চাহ বাগিছা থকা জিলাখনৰ যি ১৫খন আদৰ্শ বিদ্যালয় স্হাপন কৰিছে তাতো শিক্ষক নিযুক্তি দিয়া নাই তথা চাহশ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰতো চৰকাৰে প্ৰৱঞ্চনা কৰি অহা বুলি তেওঁ মন্তব্য কৰে৷আনহাতে অজাপৰ সভাপতিজনে কয় যে,দলটোৱে পৰিস্কাৰ ভাবে ৰাইজক সকলো কথা কৈ আহিছে আৰু এ আই ইউ ডি এফ বা বিজেপিৰ মাজত গোপন বুজাবুজি আছে৷তুলুঙা আৰু পাতল কথাৰে চৰকাৰ চলোৱা বিজেপিয়ে যেতিয়াই কোনো বিষয়বস্তুৰ পৰা সৰ্বসাধাৰণৰ দৃষ্টি আঁতৰাবলগীয়া হয় তেতিয়াই বদৰুদ্দিন আজমলে একোটা সাম্প্ৰদায়িক মন্তব্য কৰে৷বিজেপিয়ে হিন্দু ভোটৰ বাবে আৰু এ আই ইউ ডি এফে মুছলমান ভোটৰ বাবেই এনে সাম্প্ৰদায়িক মন্তব্য কৰি থকাৰ বিপৰীতে অজাপে এক শান্তিপূৰ্ণ আৰু অসাম্প্ৰদায়িক পৰিৱেশ বিচাৰে বুলি উল্লেখ কৰি লগতে কয় যে,দলটোৱে ৰাজ্যৰ পৰা সকলো বিদেশী বহিস্কাৰৰ দাবী কৰে৷তদুপৰি বিজেপিক আটাইতকৈ ডাঙৰ ৰাজনৈতিক শত্ৰু হিচাপে উল্লেখ কৰি গগৈয়ে কয় যে বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে বিৰোধীৰ ভোট যাতে এঠাইতে পৰে সেয়া নিশ্চিত কৰিব লাগিব৷আদৰ্শগত কাৰণত সকলো দলৰ স’তে মিত্ৰতা সম্ভৱ নহলেও বিৰোধীৰ ৬৬শতাংশ ভোট একত্ৰিত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷আনহাতে,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত অসুস্থ প্ৰতিযোগিতা চলিছে আৰু ইয়াৰপৰা সৰ্বসাধাৰণৰ কোনো লাভ হোৱা নাই বুলিও লুৰীণ জ্যোতি গগৈয়ে মন্তব্য কৰে৷তদুপৰি ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা নিদিয়াটো দেশৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ থলুৱা জনগোষ্ঠীসমূহক প্ৰৱঞ্চনা কৰি অহা আৰু গুৰুত্ব নিদিয়া কথাকে প্ৰমাণ কৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,নিৰ্বাচনৰ সময়ত এই বিষয়টো এক ললিপপ হিচাপে ব্যৱহাৰ কৰে বিজেপিয়ে৷অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে এই সংবাদমেলত দলটোৰ সম্পাদক জান বৰা,সহকাৰী সম্পাদক কাস্তম বসুমতাৰী, দুলদুল বৰটকী,অঞ্জন উপাধ্যায়,অজয় তাঁতী আৰু অনিল ডেকা আদি নেতা সকলে অংশ লয়৷সংবাদমেলত দেশৰ সকলো বান খহনীয়া আক্ৰান্ত ৰাজ্যৰ ক্ষয়ক্ষতি মিলালে যিমান ক্ষতিৰ পৰিমাণ ওলাব তাতকৈ অসমৰ ক্ষতি আৰু প্ৰাণহানিৰ সংখ্যা বহু অধিক বুলি উল্লেখ কৰি গগৈয়ে তেজপুৰত জীয়াভৰলী নৈ আৰু ব্ৰহ্মপুত্ৰই শিঙিতলি, পাঁচমাইল,ৰাজগড়,যোৰগড়,কলিবাৰীলৈকে কৰা খহীয়াৰ বিষয়েও উল্লেখ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More