ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড

0 14

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাইঃ দেশত ক’ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ১১৩৮জনলৈ বৃদ্ধি হৈছে। অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৭৩জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ হাৰ ১০.৩৮ শতাংশ। বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰত কৰ’না আক্ৰান্ত এজনৰ মৃত্যু হয়। কামৰূপ মহানগৰ জিলাত ২৪ ঘণ্টাত ১০০জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ঠিক তেনেদৰে কামৰূপত ৪৬ জন, ডিব্ৰুগড়ত ২৮ জন, দৰং জিলাত ১৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে ৰাজ্যত ২,৬৩১জনৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More