ৰাজ্যত ৪৩৬২কোটি টকা ব্যয়ৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ কিয়?

এএইচিএ ৰ তীব্ৰ বিৰোধিতা

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬জানুৱাৰী: ৰাজ্যৰ ৪৪ লাখ বিদ্যুৎ গ্ৰাহকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা ১২জানুৱাৰীত অনুমোদন জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এচোছিয়েছনে৷ এ এ ই চি এৰ ৰাজ্যিক আহ্বায়কদ্বয় অজয় আচাৰ্য্য আৰু হিল্লোল ভট্টাচাৰ্যই এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত কয় যে,প্ৰচলিত ডিজিটেল মিটাৰে অতি সুক্ষ্মভাৱে বিদ্যুৎ পৰিমাপ কৰিবলৈ সক্ষম হোৱাৰ পিছতো লাখ লাখ ডিজিটেল মিটাৰ ডাষ্টবিনলৈ নিক্ষেপ কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি নতুনকৈ প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ ওলোৱাত ৰাজ্যবাসী আতংকিত হৈ পৰিছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে, যি সময়ত ৰাজ্যখন কেবা লক্ষ কোটি টকা ধাৰৰ ওপৰত চলি থকাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাঙি পৰাৰ উপক্ৰম হৈছে তথা আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ সমাধান কৰাত চৰকাৰ ব্যৰ্থ হৈছে, সেই সময়ত জনসাধাৰণৰ কৰ চাৰিহেজাৰ ৩৬২ কোটি টকাৰ বিপুল ধন ব্যয় কৰি অপ্ৰয়োজনীয় প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁৰত স্মাৰ্ট মিটাৰ প্ৰস্তুতকাৰী ব্যক্তিগত কোম্পানীক মুনাফা লুটাৰ সুযোগ কৰি দিয়াৰ চক্ৰান্তই যে কাম কৰিছে,সেয়া বুজাত কাৰো অসুবিধা হোৱা নাই।বিবৃতিত আৰু কোৱা হয় যে, সম্পূৰ্ণৰূপে গ্ৰাহক স্বাৰ্থবিৰোধী প্ৰিপেইড মিটাৰ ব্যৱস্থাত বিদ্যুৎ বিতৰণ কোম্পানীয়ে গ্ৰাহকসকলৰ পৰা বিদ্যুৎ ব্যৱহাৰৰ পূৰ্বেই কোটি কোটি টকা আদায় কৰি সেই টকাৰে ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব, যিটো সম্পূৰ্ণৰূপে অনৈতিক আৰু অন্যায়। দ্বিতীয়তে,গ্ৰাহক এজনে কিমান দৰত কিমান বিদ্যুৎ ব্যৱহাৰ কৰিছে, তাৰ হিচাপ পোৱাৰ কোনো সহজ উপায় নথকাত গ্ৰাহকসকলক যে লুন্ঠন নকৰিব, তাৰ কোনো নিশ্চয়তা এই ব্যৱস্থাত নাথাকিব। ইয়াৰোপৰি, প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ বাবে হোৱা বিপুল খৰচৰ ধন চৰকাৰে বিদ্যুতৰ মাছুল, ফিক্সড চাৰ্জ, মিটাৰ চাৰ্জ ইত্যাদি বৃদ্ধি কৰি ৰাইজৰ পৰাই উঠাই লব, যাৰ ফলত জনসাধাৰণৰ ওপৰত নামি আহিব অধিক আৰ্থিক বোজা।তদুপৰি বিবৃতিটোত কোৱা হয় যে, প্ৰিপেইড মিটাৰ স্থাপনৰ পাছত মিটাৰ ৰিডাৰৰ কোনো প্ৰয়োজনেই যিহেতু নাথাকিব, গতিকে স্মাৰ্ট মিটাৰ স্থাপনৰ যোগেদি পাঁচ হেজাৰ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ কথাটো প্ৰকৃততে ৰাইজক আভুৱা ভাঁৰাৰ বাহিৰে আন একো নহয়।বৰং ইতিমধ্যে যিসকল মিটাৰ ৰিডাৰ আছে, তেওঁলোকৰ চাকৰিও মিটাৰ ৰিডাৰৰ প্ৰয়োজন নথকাত নোহোৱা হৈ যাব। চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত কৰ্মী সংকোচন কৰাৰ বাবে হেজাৰ হেজাৰ চৰকাৰী পদৰ বিলুপ্তি ঘটোৱাৰ উপৰিও কৰ্পোৰেটৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ স্থাপনৰ দ্বাৰা আৰু কেইবা হেজাৰক কৰ্মহীন কৰাৰ যি জনস্বাৰ্থবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে,তাক বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্যব্যাপী শক্তিশালী বিদ্যুৎ গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে ৰাইজলৈ বিবৃতিটোৰ জৰিয়তে আহ্বান জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More