ৰাজ্যপালৰ এদিনীয়া তিনিচুকীয়া ভ্ৰমণ

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমে সৰ্বভাৰতীয় নিৰ্মাতা সংগঠন (অসম ৰাজ্যিক পৰিষদ) আৰু অসম উৎপাদকতা পৰিষদৰ যৌথ উদ্যোগত ইয়াত আয়োজিত হীৰক জয়ন্তী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে সপত্নীক উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ লগতে একাধিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷ ৰাজ্যপালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উক্ত কাৰ্যসূচীত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা প্ৰেম মুখীয়ে, উপায়ুক্ত নৰসিং পৱাৰ, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, অসম উৎপাদকতা পৰিষদৰ অধ্যক্ষ বি পি বক্সী, সৰ্বভাৰতীয় নিৰ্মাতা সংগঠনৰ ৰাজ্যিক পৰিষদৰ অধ্যক্ষ এ পি আগৰৱালা, এন পি চিৰ সঞ্চালক ড° ৰজত শৰ্মা, অইল ইণ্ডিয়াৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিৰ লগতে অন্যান্য বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে অসম উৎপাদকতা পৰিষদৰ অধ্যক্ষ বি পি বক্সী আৰু সৰ্বভাৰতীয় নিৰ্মাতা সংগঠনৰ ৰাজ্যিক পৰিষদৰ অধ্যক্ষ এ পি আগৰৱালাই ৷ ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্য্যালোচনা বৈঠকত মিলিত হয় ৷ বৈঠকত ৰাজ্যপালে জিলাখনত ৰূপায়ন হৈ থকা আচঁনিৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয় ৷ অৰ্থনৈতিক বিকাশৰ বাবে কৃষিক্ষেত্রৰ উত্তৰণ অতিশয় জৰুৰী বুলি উল্লেখ কৰি জিলাখনত কৃষিক্ষেত্রৰ বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ ৰাজ্যপালে জিলা প্ৰশাসনক আহ্বান জনায় ৷ জিলাখনত কৃষিভূমি বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে সমন্বিত কৃষিৰ বাবে উৎসাহ যোগাবৰ বাবে সংশ্লিষ্ট বিভাগক ৰাজ্যপাল মুখীয়ে পৰামৰ্শ দিয়ে ৷ ৰাজ্যপালে জিলাখনত জলজীৱন মিছনৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰে ৷ চৰকাৰৰ সকলো ধ্বজাবাহী আঁচনিৰ সফলতাপূৰ্বক ৰূপায়নৰ বাবে জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক নিয়মিত নিৰীক্ষণ কৰিবৰ বাবে ৰাজ্যপালে নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি ৰাজ্যপালগৰাকী সুৰক্ষা বাহিনীৰ বিষয়াবৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More