ৰাজ্যপালৰ পৰা উপ-ৰাষ্ট্ৰপতিলৈ জগদীপ ধনখৰ

0 21
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ অহা ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ১৬ জুলাইত দিল্লীত পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে বিজেপি প্ৰধান জে পি নাড্ডাই। তেওঁ কয় যে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে জগদীপ ধনখৰৰ নাম চৰ্চা হৈছিল। বিজেপিৰ সংসদীয় সমিতিৰ সদস্য আৰু এনডিএৰ নেতাসকলে এই কথাত সন্মতি প্ৰকাশ কৰে। ২০১৯ চনৰ পৰা তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব চম্ভালি আছে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি আৰু মিত্ৰশক্তিৰ স্থিতি শক্তিশালী। গতিকে তেওঁৰ বিজয় প্ৰায় নিশ্চিত। জগদীপ ধনখৰৰ জন্ম হয় ১৯৫১ চনত ৰাজস্থানৰ ঝুনঝুনুৰ কিতানা গাঁৱত। সৈনিক বিদ্যালয়ৰ পৰা প্ৰাথমিক জীৱন শিক্ষা। পৰৱৰ্তী সময়ত জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত অধ্যয়ন কৰে। ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁ সফলতাৰে ওকালতি কৰিছিল। ১৯৯০ চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হৈছিল। ১৯৮৯ চনত ঝুনঝুনুৱে লোকসভা সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিছিল। ১৯৯০ চনত তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৩ চনত ৰাজস্থান বিধানসভাৰ কৃষ্ণগড় আসনৰ পৰা উপ-নিৰ্বাচনত জয়লাভ কৰিছিল। ২০১৯ চনৰ পৰা তেওঁ ৰাজ্যৰ ৰাজ্যপালৰ কৰ্তব্য চম্ভালি আহিছে। বিজেপিৰ কেন্দ্রীয় নেতা-মন্ত্রীৰ সৈতে তেওঁৰ সুসম্পর্ক আছে। ১৬ জুলাইত দিল্লীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বৈঠকত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠকতো উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে জগদীপ ধনখৰক নামকৰণৰ বিষয়েও আলোচনা কৰা হয়। সেই বৈঠকত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে ৬ আগষ্টত নিৰ্বাচিত হ’ব উপ-ৰাষ্ট্ৰপতি। মনোনয়ন দাখিলৰ শেষ তাৰিখ ১৯ জুলাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More