শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ উপায়ুক্তক আন এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ পৌৰ কৰৰ পৰিমাণ চৰকাৰে ৭.৫শতাংশলৈ বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰি ৰাজ্যপাললৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত জিলা কংগ্ৰেছে ,মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা, অপ্ৰতিৰোধ্য অৰ্থনৈতিক অৱনতি আৰু নাগৰিকৰ ওপৰত অভূতপূৰ্ব ঋণৰ বোজা জনসাধাৰণক প্ৰভাৱিত কৰিব পৰাকৈ কঠোৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।চৰকাৰে ৰাজ্যৰ পুঁজি বৃদ্ধিৰ বাবে ৰাজহ সম্পদ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে৷সম্প্ৰতি দেশে কল্পনাতীত অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি প্ৰকাশ কৰি খালী ৰাজকোষক টনকিয়াল কৰিবলৈ আন উপাই বিচাৰি নোপোৱা চৰকাৰে পৌৰসভা কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্ত ন্যায্যতাৰ বাহিৰত বুলিও উল্লেখ কৰে কংগ্ৰেছে।শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি স্বাক্ষৰিত স্মাৰকপত্ৰত লগতে এই বিষয়টোত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি এনে পদক্ষেপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱা হয়৷ আনহাতে জিলা কংগ্ৰেছে শোণিতপুৰৰ উপায়ুক্তক দাখিল কৰা আনখন স্মাৰকপত্ৰত জিলাখনৰ একাধিক স্হানীয় সমস্যাৰ বিষয়ে উল্লেখ কৰি এই সমস্যা সমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই৷ স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, বিগত বছৰ তেজপুৰৰ লগতে শোণিতপুৰবাসী ৰাইজ কৃত্রিম বান, খোৱাপানীৰ সমস্যা, উন্মুক্ত পদ-পথ, কৃষিভূমিত অবৈধ গৃহ নিৰ্মাণ,হোলা সমূহত বেদখল আদি হৈ আহিছে৷ ফলত অতিৰিক্ত পানী নিস্কাসন ব্যৱস্থা বিঘ্নিত কৰি তোলাৰ বিষয়ে উল্লেখ কৰি প্রাকৃতিক হোলাসমূহ সংৰক্ষণ কৰাৰ লগতে খেতি মাটিসমূহ কেৱল খেতিৰ বাবে ব্যৱহাৰৰ ব্যৱস্থা কৰিবলৈ আৰু ইয়াত বে- আইনীভাবে গৃহ নিৰ্ম্মণ কৰাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা হয়।তদুপৰি,তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত জন-জীৱনক বিপদাপন্ন কৰি তোলা উন্মুক্ত পদ-পথ সমূহ বন্ধ কৰাৰ উপৰি কৃত্রিম বান ৰোধ আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বিভাগীয়ভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয়৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.