ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১ মেত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে চনত যোগদান কৰা গগৈয়ে ২০১৬ চনৰ ১৬ ডিচেম্বৰত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰে ০২/০৫/২০১৭ তাৰিখে স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে ।
উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ দুটা দুবছৰীয়া কাৰ্যকাল অৰ্থাৎ চাৰিটা বছৰৰ বাবে সভানেত্ৰী হিচাপে গুৰু দায়িত্ব পালন কৰি মাধ্যমিক শিক্ষা ব্যৱস্থাৰ উত্তৰণত অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তদানীন্তন শিক্ষা বিভাগৰ উপদেষ্টা আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্তৰ অধ্যক্ষতা আৰু ৰমেশ চান্দ জৈনক সদস্য সচিব হিচাপে লৈ গঠিত দহজনীয়া High Level Committeeৰ এগৰাকী সন্মানীয় সদস্য কল্পনা গগৈ l অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, মাধ্যমিক শিক্ষা পৰিষদ, অসম আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কৰ্মশালাত আমন্ত্ৰিত সদস্য হিচাপে অংশগ্ৰহণ কৰা গগৈয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ ৰ বাবে বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণো কৰি আহিছে। এইবছৰৰ জুলাই মাহত NIEPA ৰ দ্বাৰা নতুন দিল্লীত অনুস্থিত ” Good Governance in School Education : Prospects and Innovative Practices ” শীৰ্ষক তিনিদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিল সু শিক্ষয়িত্ৰী কল্পনা গগৈয়ে। বিভিন্ন প্ৰান্তত থকা বহু ঢকুৱাখনীয়া প্ৰতিস্থিত ব্যক্তিৰ হাইস্কুলীয়া জীৱনৰ আদৰ্শৱতী শিক্ষাগুৰু কল্পনা গগৈ সদৌ অসম লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা শাখাৰ প্ৰাক্তন সম্পাদিকা, মুখপত্ৰ মনস্বী আৰু বিকাশৰ ক্ৰমে সম্পাদিকা আৰু তত্বাৱধায়ক আৰু অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More