ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 17

শতাব্দ প্ৰতিনিধি গুৱাহাটী,৫ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৈঠকত অন্তত সংবাদমেল যোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত পূৰ্বৰ পৰা চলি অহা আনন্দৰাম বৰুৱা বঁটাত লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক লেপটপৰ পৰিৱৰ্তে নগদ ১৬ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। সেইদৰে কেবিনেটতে ৰাজ্যৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতি সকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে। পৌৰপতিসকলৰ দৰমহা ১০ হাজাৰৰ পৰা ১৫ হাজাৰ আৰু উপ-পৌৰপতি সকলৰ দৰমহা ৭ হাজাৰৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি সদস্যৰ দৰমহা ৫ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে। আনহাতে প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ বিধবা পত্নীসকলৰ বাবে সম্পত্তি কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। আনহাতে আজিৰ ৰাজ্যিক কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ স্বীকৃতি প্ৰদান কৰিছে। ৫ টা জনগোষ্ঠীৰ লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি। গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দলৈ এই স্বীকৃতি। এম এছ এম ই খণ্ডৰ উদ্যোগী সকলৰ বাবে চৰকাৰে ১০০কৌটি টকাৰ কৰ্পাছ ফাণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিবহন বিভাগৰ বেয়া যান বাহনসমূহৰ ক্ষেত্ৰত কেবিনেটে সিদ্ধান্ত। এতিয়াৰে পৰা ফিটনেচ নথকা গাড়ী স্ক্ৰেপ হিচাপে গণ্য কৰা হ’ব। চৰকাৰৰ ১৫ বছৰ পূৰণি গাড়ী স্ক্ৰেপ হিচাপে চিহ্নিত হ’ব। পুৰণি বাহন সমূহে অধিক প্ৰদূষণৰ সৃষ্টি কৰে। সেয়ে এনে বাহন সমূহ নষ্ট কৰা, পুনৰ ব্যৱহাৰ যোগ্য কৰি তোলা সন্দৰ্ভত পলিচী গ্ৰহণৰ বাবে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰণি বাহন নষ্ট কৰাৰ পাছত একেজন মালিকে নতুন বাহন কিনিলে নতুন বাহনখনত ২৫ শত‍াংশ পৰ্যন্ত ৰেহাই পাব। নতুনকৈ হ’ব লগা পৰিবহণ বিভাগৰ পলিচী অনুসৰি এই বিষয় সামৰি লোৱা হ’ব। ইফালে ক’ভিডক লৈ চৰকাৰ উদ্বিগ্ন যদিও ক’ভিদৰ শেহতীয়া ভেৰিয়েন্ট গুৰুত্বপূৰ্ণ তথা মাৰাত্মক নহয় বুলি সদৰি কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More