ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে’ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী কৰ্মচাৰীক পৰিবহন নিগমৰ পৰা চাটাই কৰা হৈছে । সেই অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰাও ৪৪ গৰাকীৰ চাকৰি যোৱাৰ লগে লগে পৰিয়াল সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য, তেজপুৰ সংমণ্ডলৰ অধীনত কাৰ্যালয় সহায়ক, সুৰক্ষা সহায়ক, কম্পিউটাৰ সহায়ক, মেকানিক আদি পদত ২০২০ত বিভাগীয় নিযুক্তিৰ বিজ্ঞাপন অনুসৰি সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ বাছনি লাভ কৰি অস্থায়ী ভিত্তিত বিগত সময়চোৱাত আঠহেজাৰ পাঁচশ টকা মাহেকীয়া বেতনেৰে কাম কৰি আহিছিল তেওঁলোকে। প্ৰণিধানযোগ্য যে ইয়াৰ ছয়জনে তেজপুৰ কাৰিকৰি সংমণ্ডলত সুৰক্ষা সহায়ক হিচাপে ব্যক্তিগত কোম্পানীৰ অধীনত ২০১৫ ৰ পৰা কাৰ্যনিৰ্বাহক কৰি থকাৰ সময়তে পৰিবহন নিগমৰ এই নিযুক্তিৰ বিজ্ঞাপন দেখি আৰু স্থায়ী চাকৰিৰ সপোনত উক্ত সাক্ষাৎকাৰত অৱৰ্তীন হোৱা বুলি আজি চাকৰি হেৰুৱাই ভাঙিপৰা এগৰাকী ভূক্তভোগীয়ে সদৰী কৰে৷তেওঁ লগতে কয় যে এইবেলি তেওঁৰ পুত্ৰই মেট্ৰিক পাছ কৰিছে, বহুত আশা আছিল কিন্তু এতিয়া কেনেকৈ পঢ়াম, পৰিয়াল কেনেকৈ চলাম, বয়সো নাই যে দোকান পোহাৰ দিম, চাকৰি কৰিম৷ এতিয়া কেনেকৈ ঘৰলৈ যাম সেয়া ভাবি উত্তৰ নোহোৱা হৈছে বুলি তেওঁ কয়। ইফালে তেজপুৰ পৰিবহন নিগমৰ কাৰখানাত কাম কৰা আন ন গৰাকী মেকানিকৰো চাকৰি যায়। ইয়াৰে চাৰি গৰাকীয়ে ২০১৮ ৰ পৰা এপেন্টিচ ভিত্তিত কাম কৰি আহিছিল আৰু এই সকল গুৱাহাটী ৰূপনগৰস্থিত আই টি চিত প্ৰশিক্ষণ প্ৰাপ্ত মেকানিক আছিল৷ সেই সূত্ৰে তেওঁলোকে তেজপুৰৰ ৰাজ্যিক পৰিবহন নিগমৰ কাৰখানাত গাড়ী মেৰামতিৰ কাম কৰিছিল। পৰৱৰ্ত্তী সময়ত নিগমে নিযুক্তিৰ বিজ্ঞাপন দিয়াত সাক্ষাৎকাৰত অৱৰ্তীন হয়। তেজপুৰ সংমণ্ডলৰ অধীনত তেজপুৰৰ কাৰখানাত নগৰাকী আৰু মংগলদৈত তিনি গৰাকী মেকানিকে কাৰ্যনিবাহ কৰি আহিছিল। আজি এই সকল কৰ্মচাৰীক চাটাই কৰি দিয়াত কাৰ্যালয় পৰিচালনাত জটিলতা আহি পৰে। তেজপুৰ আস্থানত কৰ্মৰত কম্পিউটাৰ (অস্থায়ী) সহায়ক পদত কৰ্মৰত কৰ্মচাৰীক উলিয়াই দিয়াত যাত্ৰীক টিকট দিবলৈ এজনে সকলো দায়িত্ব পালন কৰিবলগীয়া হয়।উল্লেখযোগ্য যে, তেজপুৰ আস্থানৰ পৰা নিতৌ ১৭খনকৈ নিগমৰ বাছ চলাচল কৰি আছে। ইয়াৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, কেন্সাৰ হাস্পতাললৈ ছয় খন পৰিবহন নিগমৰ বাছ সেৱা আগবঢ়াই আহিছিল। সম্প্ৰতি অস্থায়ী কৰ্মচাৰী চাটাই কৰি দিয়াত ইয়াৰ প্ৰভাৱ এই ক্ষেত্ৰত বাৰুকৈ পৰিব বুলি আশংকা বৃদ্ধি পাইছে৷ কৰ্ম সংস্থাপনৰ বাবে ৰাজ্যত হাহাকাৰ কৰি থকাৰ সময়ত কৰ্মৰত সকলক চাটাই কৰি নিৱনুৱা কৰাকলৈ আজি বিভিন্ন মহলত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More