ৰাজ্যৰ চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ২২৩ কোটি ১ লাখৰ অধিক টকা অনাদায়

চাহ বাগিচাৰ মালিকৰ প্ৰতাৰণা

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ জানুৱাৰী: অসমৰ স্হায়ী আৰু অস্হায়ী তথা অৱসৰপ্ৰাপ্ত লাখ লাখ চাহ শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা কোটি কোটি টকাৰ ভৱিষ্যনিধিৰ ধনৰ লগতে চাহ বাগিচাৰ মালিকসকলে আদায় দিবলগীয়া ভৱিষ্যনিধিৰ অংশ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়া নাই বহু সংখ্যক চাহবাগিচাৰ মালিকে৷ ‘অখিল ভাৰতীয় চাহ মজদুৰ সংঘ (অসম)ই এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ অনুসৰি লাভ কৰা তথ্য মতে ৰাজ্যৰ ৫৭৩ খন বাগিচাই ২২৩ কোটি এক লাখ ৯৮ হেজাৰ ৯১৮.৪৬ টকা জমা কৰা নাই ভৱিষ্যনিধি কাৰ্যালয়ত৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় মণ্ডলৰ ১৪৩ খন বাগিচাই ৪২কোটি চাৰি লাখ চাৰি হেজাৰ ৫৮৩.৪১ টকা, যোৰহাট মণ্ডলৰ ৫১ খন বাগিচাৰ ৮ কোটি ৩৭ লাখ ৭৩হেজাৰ ১১০.৩৩ টকা, তেজপুৰ মণ্ডলৰ ৪৪ খন চাহ বাগিচাৰ ২২কোটি ৭১ লাখ ৮৬ হেজাৰ ৭২০.৩৮ টকা, শিৱসাগৰ মণ্ডলৰ ২৬ খন চাহ বাগিচাৰ ১ কোটি ৯৭লাখ এহেজাৰ ৪৯১.৩৮ টকা, শিলচৰ মণ্ডলৰ ৪০খন চাহবাগিচাৰ ১৪ কোটি ৬৩ লাখ ৫০ হেজাৰ ৯৫১.৭৯ টকা, গোলাঘাট মণ্ডলৰ ৩৮ খন চাহবাগিচাই ১১ কোটি  ৪৮ লাখ ১৯হেজাৰ ১১২.২২ টকা, তিনিচুকীয়া মণ্ডলৰ ১২৮ খন বাগিচাই ৪৮ কোটি ৬৮ লাখ ৬৬ হেজাৰ ০৮১.৬৪ টকা,
লখিমপুৰ নিৰীক্ষণালয়ৰ অধীনৰ ১৩ খন চাহ বাগিচাই ৭ কোটি ৯৪ লাখ ১০ হেজাৰ ৪৬.০২ টকা, নগাঁও নিৰীক্ষণালয়ৰ অধীনত ১৩ খন বাগিচাই ১২ কোটি ৮৪ লাখ ৭১ হেজাৰ 888.১১ টকা, সোণাৰী নিৰীক্ষণালয়ৰ অধীনত এখন বাগিচাই ২০ কোটি ৯১ লাখ ১৩ হেজাৰ ১৯৭টকা, কৰিমগঞ্জ নীৰিক্ষণালয়ৰ অধীনত ১৯ খন চাহ বাগিচাই ৮ কোটি ৮৩ লাখ ১৭হেজাৰ ১৩৫.৮৯ টকা, গুৱাহাটী নীৰিক্ষণালয়ৰ অধীনত ছখন চাহ বাগিচাই ৫ কোটি ৪৭ লাখ ৭১ হেজাৰ ৪০৬.০৪ টকা আৰু মঙ্গলদৈ নিৰীক্ষণালয়ৰ অধীনত ১৬খন বাগিচাই ৫ কোটি ৮৭ লাখ ৭২হেজাৰ ২০১,৬৮ টকা সহ মুঠ ২২৩ কোটি ১ লাখৰ অধিক টকা আদায় দিয়া নাই৷ চাহ শ্ৰমিকসকলক এইক্ষেত্ৰত কৰি অহা প্ৰতাৰণাৰ বিপৰীতে ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠি অহাৰ উপৰি চাহ শ্ৰমিকসকলৰ একমাত্ৰ সাঁচতীয়া ধন ভৱিষ্যনিধিৰ টকা অৱসৰৰ বহু বছৰৰ পিছতো এই পৰ্যন্ত আদায় নোপোৱাত এনেসকল চাহশ্ৰমিকে যান্ত্রণাময় জীবন কটাবলৈ বাধ্য হোৱাৰ লগতে বহুসংখ্যকে প্রাপ্য ধন নোপোৱাকৈ মৃত্যুবৰণ কৰিবলগা হৈছে। উল্লেখযোগ্য যে, ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা চাহ শ্ৰমিকসকলৰ শ্ৰমৰ ধন এনেদৰে বছৰৰ পাছত বছৰ ধৰি বৃহৎ সংখ্যক চাহ বাগিচাৰ মালিকপক্ষই আত্মসাৎ কৰি ৰখাৰ পাছতো এনেসকলক চৰকাৰে শ্ৰমিকৰ প্ৰাপ্য ধন জমা দিবলৈ সৈমান কৰিব পৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More