ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন 

চলিত বৰ্ষৰ পৰাই ১০০ এমবিবিএছ আসনেৰে পাঠদান আৰম্ভ হ'ব  

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ আয়োগে অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনএমচিৰ বিশেষজ্ঞ দলে শেহতীয়াকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আকস্মিক পৰিদৰ্শনৰ অন্তত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত সন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ ‘মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড’ (এমএআৰবি)ৰ অধ্যক্ষই আজি চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক এক পত্ৰযোগে অৱগত কৰিছে। পত্ৰখনত আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিগত সা-সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰীনিবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাৰ লগতে এনএমচিৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলীসমূহ পূৰণত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় সক্ষম হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আয়োগে সেউজ সংকেত আগবঢ়াইছে। আয়োগৰ এই অনুমতিৰ সূত্ৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত এমবিবিএছৰ ১০০খন আসনেৰে চলিত বৰ্ষৰ পৰা পাঠদান কৰিব পাৰিব। ইফালে, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ এনএমচিৰ অনুমোদনক আদৰণি জনাইছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। এনএমচিৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰবাসীৰ লগতে ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মুৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাকো  স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰশংসা কৰে। তেঁও কয়- ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয় ৰূপে এই বছৰৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি পাবলৈ সক্ষম হোৱাটো সমগ্ৰ ৰাজ্যখনৰ বাবেই অতি গৌৰৱৰ বিষয়। আমি আশা কৰিছো যে ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰাই এমবিবিএছ পাঠ্যক্ৰম শুভাৰম্ভ কৰিব পৰাকৈ নৱনিৰ্মিত নলবাৰী আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়েও এনএমচিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More