ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ক ঐতিহ্যস্থলী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত

শিক্ষাবিদ, লেখক ড০ প্ৰাণজিৎ হাজৰিকাক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ফেব্ৰুৱাৰী : উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান “জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়”ৰ আজি অনুষ্ঠিত ৮৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ সভাই ঐতিহ্য বহনকাৰী এই সংগীত শিক্ষানুষ্ঠানখনক বিশেষ কাৰ্যসূচীৰে বিশেষ ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে সংগীতৰ শিক্ষক সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, ৰণজিৎ শৰ্মা, জয়ন্তজিৎ বনিয়া আৰু উৎপল বৰাৰ জড়িয়তে বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা ৰচিত আৰু মনোজ নাথ সুৰাৰোপিত মহাবিদ্যালয়খনৰ শীৰ্ষ গীতেৰে শুভাৰম্ভ কৰা আৰু পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ বৰাৰ পৌৰোহিত্যত আৰম্ভ হোৱা আজিৰ এই ত্ৰিবাৰ্ষিক সাধাৰণ সভাতেই আগন্তুক তিনিটা বছৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰাবন্ধিক ড০ প্ৰাণজিৎ হাজৰিকাক সভাপতি হিচাপে লৈ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰণ সভাৰ আৰম্ভণিতে পৰিচালনা সমিতিৰ সম্পাদক মাধৱ চৌধুৰীয়ে বিগত কাৰ্যকালৰ কাৰ্যবিৱৰণী আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি সভাত গৃহীত কৰে। পৰিচালনা সমিতিৰ উপদেষ্টাদ্বয়, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মা আৰু শৈলজা কুমাৰ পদ্মপতিৰ উপস্থিতিত সাধাৰণ সভাখনত পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰুৱাই ভাষণ প্ৰদান কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোনৰ ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে সংগীত মহাবিদ্যালয়খনৰ এক বিশেষ মহত্ব আছে বুলি কৈ সেই মহত্বক প্ৰতিফলিত কৰিব পৰাকৈ আগন্তুক সময়ত গতানুগতিক কাৰ্যসূচীৰ বিপৰীতে কেতবোৰ বিশেষ কাৰ্যসূচীৰে উঠি অহা প্ৰজন্মৰ মাজত ইয়াৰ ঐতিহ্য আৰু মহত্বক প্ৰতিফলিত কৰিবলৈ আহ্বান জনায়। আনহাতে সভাত উপস্থিত থকা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই ভাষণ প্ৰদান কৰি জ্যোতি কলাকেন্দ্ৰ সংগীত মহাবিদ্যালয় অসমৰ সংগীত জগতৰ এটি ঐতিহ্যময়ী প্ৰবাহ, এনে ঐতিহ্যৰ ধাৰাৰ বাহক এটি অনুষ্ঠানে তেজপুৰ তথা সমগ্ৰ ইতিহাস সম্পৃক্ত এখন গ্ৰন্হ ৰচনা তথা প্ৰকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন বুলি মন্তব্য কৰে। ভাষণত অধ্যাপক ভট্টাচাৰ্য্যই আধুনিক তেজপুৰৰ সংগীতৰ ইতিহাস খ্ৰীষ্টান মিছনেৰীসকলৰ আগমনৰ লগেই লগেই প্ৰাৰম্ভ হৈছিল বুলি ক’ব পাৰি বুলি কৈ ১৮৩৫ খ্ৰীষ্টাব্দত নাথান ব্ৰাউন পত্নী এলিজা ব্ৰাউনৰ নেতৃত্বত অহা মিছনেৰী দলটোৱে তেজপুৰত নিশা যাপন কৰিছিল আৰু নাথান ব্ৰাউনে তেওঁ লগত লৈ অহা বেহালাখনেৰে সংগীতৰ মূৰ্ছনা তুলিছিল বুলি উল্লেখ কৰি আধুনিক তেজপুৰৰ সংগীতৰ ধাৰা নাথান ব্ৰাউনৰ বেহেলাৰ সুৰেৰেই আৰম্ভ ঘটিছিল বুলিব পাৰি বুলি ভট্টাচাৰ্য্যই মন্তব্য কৰে।অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰা, সাংস্কৃতিক কৰ্মী তথা শিক্ষক অনুপ অসমীয়া আদিয়েও পৰামৰ্শসূচক ভাষণ প্ৰদান কৰা সাধাৰণ সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ লিখন শৰ্মাই ১৯৭৫ চনৰ পৰা জড়িত হৈ থকাৰ ইতিহাস দাঙি ধৰি এইখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী এতিয়া দেশ বিদেশৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী সংগীত শিল্পী হিচাপে পৰিচিত হৈ আছে বুলি তথ্য দাঙি ধৰে। আনহাতে নৱনিৰ্বাচিত সভাপতি ড০ প্ৰাণজিৎ হাজৰিকাক অধ্যক্ষ লিখন শৰ্মাই এখন গামোচাৰে সভাৰ মাজতেই অভিনন্দন জনোৱাৰ পিছত ড০ হাজৰিকাই এই গুৰু দায়িত্ব কান্ধ পাতি লোৱাৰ পাছত নিজকে সকলো প্ৰকাৰে মহাবিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশৰ বাবে নিয়োজিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে আজিৰ সাধাৰণ সভাই পূৰ্বৰ কাৰ্যকালৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মা আৰু শৈলজা কুমাৰ পদ্মপতিক পুনৰ উপদেষ্টা, বসন্ত বৰাক উপসভাপতি, পূৰ্বৰ কাৰ্যকালৰ সম্পাদক আৰু সহকাৰী সম্পাদক ক্ৰমে মাধৱ চৌধুৰীক পুনৰ সম্পাদক, পংকজ বৰুৱাক পুনৰ সহকাৰী সম্পাদক, অৰ্ণৱ শৰ্মা আৰু ললিত লাক্ৰাক অভিভাৱক সদস্য, পল্লৱ ভট্টাচাৰ্য্য, মৃদুল মহন্ত, ইন্দিৰা গগৈক শুভাকাংক্ষী সদস্য, পূৰ্বৰ সভাপতি জগন্নাথ বৰা আৰু অধ্যক্ষ লিখন শৰ্মাক পদেন সদস্য, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অতুল বৰুৱা, চিত্তদেৱ শৰ্মা, জ্ঞানেন্দ্ৰ নাথ বৰা আৰু মৃগেন চন্দ্র বড়াক বিশেষ সদস্যৰ লগতে ৰমেশ ডেকা আৰু ৰণজিৎ শৰ্মাক শিক্ষক সদস্য হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্য যে, ১৯৪০ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰ মিউজিক স্কুল হিচাপে গঢ়ি তোলা সংগীতৰ এই প্ৰথমখন শিক্ষানুষ্ঠান ১৯৫১ চনত মহাবিদ্যালয়লৈ উত্তৰণ ঘটাৰ পিছত সম্প্ৰতি কন্ঠসংগীত, তবলা, কথক নৃত্য, চেটাৰ, বেহেলা, চাৰুকলা, ভাৰত নাট্যম, সত্ৰীয়া নৃত্য, আধুনিক নৃত্য আৰু গীটাৰ বিভাগৰে ২১ গৰাকী শিক্ষক – কৰ্মচাৰী আৰু পাঁচশ শিক্ষাৰ্থীৰে এখন অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More