ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 33

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বানত ১৪৬ টা ৰাজহ চক্ৰৰ ৯০০২খন গাঁৱৰ ৭৩,৪৬০০ লোক প্ৰভাৱিত হৈছে। ইতিমধ্যে ৩,৩১৭ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। আজিৰ কেবিনেটে বান ক্ষতিগ্ৰস্ত লোক সকলক তৎকালে সাহায্য দিয়াৰ বাবে প্ৰতিজন মন্ত্ৰীক একোখন নাইবা তাতোধিক জিলাৰ দায়িত্ব প্ৰদান কৰিছে। প্ৰতিজন মন্ত্ৰীৰ সৈতে এজন সচিব থাকিব আৰু তেওঁলোকে বানাক্ৰান্ত অঞ্চলত শিবিৰ কৰি থাকিব। ২৮ জুনৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰিব লাগিব আৰু ১০ জুলাইৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। সেই প্ৰতিবেদনৰ ভিত্তিত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা হ’ব। সেইদৰে এছ ডি আৰ এফৰ পুঁজি মোকলাই দিয়াৰ ব্যৱস্থাটোত যথেষ্ট সৰলীকৰণ কৰা হৈছে। জলসম্পদ বিভাগে যাতে সময়মতে মেৰামতিৰ কাম কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেবিনেটত আজি ‘আছাম ৰে’ল ইনফ্ৰাষ্ট্ৰাক্সাৰ ডেভলপমেন্ট কৰ্পৰেশ্যন লিমিটেড’ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিভিন্ন ক্ষেত্রত ইয়াৰ যোগেদি অসম চৰকাৰ আৰু ৰে’ল কৰ্তৃপক্ষই কাম কৰিব। আনহাতে ‘অৰুণোদয়’ আঁচনিত অতিৰিক্ত আৰু ৭.৫৬ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব। কেবিনেটে এইক্ষেত্রত অনুমোদন জনায়। সেইদৰে অৰুণোদয় আঁচনিৰ ধন অক্টোবৰ মাহৰ পৰা ১২৫০ টকাকৈ পাব। এহাজাৰ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ শিপিনীসকলক উপকৃত কৰাৰ বাবে আজিৰ কেবিনেটে ‘স্ব-নিৰ্ভৰশীল নাৰী’ নামৰ এটা নতুন পৰ্টেল মুকলিৰ ব্যৱস্থা কৰিছে। এই পৰ্টেলৰ জৰিয়তে শিপিনীয়ে নিৰ্ধাৰিত মূল্যত চৰকাৰক নিৰ্দ্দিষ্ট কৰি দিয়া সামগ্ৰী বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত শিপিনীয়ে নিজৰ সামগ্ৰীৰ উচিত মূল্য পাব আৰু মধ্যভোগী নোহোৱা হ’ব। আজিৰ কেবিনেটত এই মাহৰ ভিতৰতে কাগজ কলৰ কৰ্মচাৰীৰ বাবে ১২৬.৭৫ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে ‘আৰোহণ’ আঁচনিৰ জৰিয়তে মেধাবী ছাত্ৰ-ছাত্ৰীক বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা কেবিনেটত লোৱা হয়। কেবিনেটে হাজো, মাজুলী আৰু টিংখং পলিটেকনিকৰ বাবে ১৫০ কোটি টকা মোকলাই দিয়ে। সেইদৰে আজিৰ কেবিনেটে ‘দ্য আসাম এলিমেণ্টৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেটিং অৱ পোষ্টিং এণ্ড ট্ৰান্সপাৰ্চ-২০২২’ বিধিৰ অনুমোদন জনায়। ইয়াৰ যোগেদি জিলাৰ ভিতৰত তথা আন্তঃজিলা বদলিকৰণ আদি হ’ব। আনহাতে বুজাবুজি বদলিকৰণ সকলো সময়তে মুকলি থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More