ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ

ৰাজ্যিক সমাৰোহত অসমৰ ৩৫ খন জিলাৰ ২১৯ টা ব্লকৰ মাজৰ পৰা শ্ৰেষ্ঠত্ব অৰ্জন

0 529

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহত অসমৰ ৩৫ খন জিলাৰ ২১৯ টা ব্লকৰ মাজত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডক শ্ৰেষ্ঠ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হিচাপে পুৰস্কৃত কৰা হয় ।সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডৰ সমন্বয়ক লাৱণ্য লাহন চুতীয়াক মানপত্ৰসহ দহ হেজাৰ টকাৰ চেকসহ পুৰস্কাৰটি প্ৰদান কৰে ।IMG 20220910 WA0029এই পুৰস্কাৰ প্ৰদানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ যুটীয়া সচিব আৰু কামৰূপ জিলাৰ উপায়ুক্ত কীৰিতি জলীয়েও সহযোগ কৰে। এই সমাৰোহত ধেমাজি জিলাৰ পৰা নিৰ্বাচিত মাছখোৱা খণ্ডৰ ছাত্ৰী শাৰদী কোঁৱৰেও প’ষ্টাৰ দ্ৰয়িং প্ৰতিযোগিতাত নিচুকনী বঁটা লাভ কৰে । উল্লেখ্য যে, ২০০৮ চনৰ পৰা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত পৰ্যায় ক্ৰমে সমগ্ৰ অসমতে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহ স্থাপন কৰা হয় ।এই আঁচনিৰ অধীনত ধেমাজি জিলাতো পাঁচটা ব্লকত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হয় । মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণ তথা বৈজ্ঞানিক মানসিকতাৰ উৎকৰ্ষ সাধনৰ লগতে জনসাধাৰণৰ মাজলৈও বিজ্ঞানক লৈ যোৱাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহে বিভিন্ন কাৰ্যসূচী নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে । IMG 20220910 WA0028উল্লেখ্য় যে, ১৯৯৩ চনতে অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত কলিকতা স্থিত এন চি এচ এম ৰ অধীনৰ গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সহযোগত সমগ্ৰ অসমতে স্থাপন কৰা ২৮ টা বিজ্ঞান কেন্দ্ৰৰ ভিতৰতে ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো স্থাপন কৰা বিদ্যালয় বিজ্ঞান কেন্দ্ৰটি ২০০৮ চনতে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয় । আৰম্ভণিৰে পৰা এই বিজ্ঞান কেন্দ্ৰটিয়ে নিয়মীয়া বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ উপৰি কেইবাটাও প্ৰকৃতি অধ্যয়নৰ কৰ্মশালা, টেলিস্কোপৰ জৰিয়তে আকাশ নিৰীক্ষণ, সূৰ্য গ্ৰহণ, চন্দ্ৰ গ্ৰহণ পৰ্য্যবেক্ষণ আদি নিয়মিত কাৰ্যসূচী, গ্ৰাম্য বিজ্ঞান মেলা, অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী বিভিন্ন কাৰ্যসূচী, সজাগতা সভা, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ নিয়ন্ত্ৰণ, শিশু বিজ্ঞান সমাৰোহত যোগদান প্ৰমুখ্যে বিভিন্ন কাৰ্যসূচী, নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহাৰ উপৰি ‘ সেউজী ধৰণী ধুনীয়া ‘ নামেৰ বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰী সকলৰ দ্বাৰা অভিনীত পৰিৱেশ সজাগতা বিষয়ৰ ওপৰত এখনি চুটি ছবি নিৰ্মাণ কৰি প্ৰচাৰ কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More