ৰাজ্যৰ মুঠ ২৫টা সমষ্টি শোচনীয় বানৰ কবলতঃ তেজপুৰত জলসম্পদ মন্ত্ৰী

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০মে’:
ৰাজ্যত যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত বানৰ সৃষ্টি হৈছে।ৰাজ্যত পূৰ্বে এটা দিনত ৬০ মিলি মিটাৰ বৰষুণ হোৱাৰ বিপৰীতে যোৱা সপ্তাহত ডিমা হাছাওত এটা দিনতে ৪৬১ মিলিমিটাৰ বৰষুণ হৈছিল । এই তথ্য আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ,সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। পৰিণতিত ডিমা হাচাওত অভাৱনীয় বান পৰিস্থিতিৰ উদ্ভৱ হ’লেও তথা ৰাষ্টা ঘাটৰ লগতে ৰে’ল আস্থানৰ ক্ষতি কৰিলেও জলসম্পদ বিভাগৰ মথাউৰি ছিঙা নাই বুলি মন্তব্য কৰে মন্ত্ৰীজনে । মন্ত্ৰী হাজৰিকাই সম্প্ৰতি বানত বৰাক উপত্যকাৰ ১৬টা সমষ্টিৰ লগতে ডিমা হাছাও, হোজাই, যমুনামুখ, ৰহা আৰু বৰহমপুৰ সমষ্টিকে ধৰি ৰাজ্যৰ মুঠ ২৫টা সমষ্টি শোচনীয় বানৰ কবলত পৰাৰ কথা ব্যক্ত কৰে। মন্ত্ৰীজনে ২০০০চনৰ পৰা ২০২০চন পৰ্যন্ত ৰাজ্যখনত বানত জল সম্পদ বিভাগৰ ৪০টাকৈ স্থানত মথাউৰি ছিঙাৰ লগতে ২০০৪চনৰ বানত সৰ্বাধিক ৩৫৪টা স্থানত মথাউৰি ছিঙাৰ বিপৰীতে ২০২১ত এটা আৰু চলিত বানত জল সম্পদ বিভাগৰ এটা অংশত মথাউৰি ছিঙাৰ বিষয়ে সদৰী কৰে। তেওঁ লগতে কয় যে,জলসম্পদ বিভাগৰ বহু মথাউৰি ৩০-৪০বছৰ পুৰণা আৰু সেয়ে যি সমূহ মথাউৰিৰে পানী বিৰিঙিছে তেনে মথাউৰিসমূহ মেৰামতি কৰি ৰাইজৰ জীৱন সম্পত্তি ৰক্ষা কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই থকা হৈছে ।

মন্ত্ৰী হাজৰিকাই আজি বিয়লি শোণিতপুৰৰ উপায়ুক্তৰ সন্মিলন কক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বীৰ লগত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আৰু জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আচঁনিৰ কামৰ উন্নয়নৰ খতিয়ান লয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More