ৰাজ্যৰ ৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পি এম এ ৱাই জিৰ গৃহ

0 27

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে’ : প্রধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত ১৯ মে’ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত যােৰহাটৰ কৰ্ট ফিল্ডত আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি আৰু কেন্দ্রীয় চৰকাৰৰ গ্রামােন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্রী গিৰিৰাজ সিঙে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব। এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত সাংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্রীগৰাকীয়ে কয় যে ২০২১-২২ বৰ্ষৰ বাবে কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী আৱাস যােজনা-গ্রামীণৰ অধীনত অসমক নতুনকৈ ৭ লাখ গৃহৰ আবণ্টন দিছে। ইয়াৰে ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীয়ে ১৯ মে’ত আনুষ্ঠানিকভাৱে গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি লাভ কৰিব। তেওঁ লগতে কয় যে এই ৫ লাখ ১০হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্রায় ৭৭৩৯.৫ কোটি টকা। প্রথম কিস্তি হিচাপে হিতাধিকাৰীসকলে লাভ কৰিব মুঠ ১৬৫৭.৫০ কোটি টকা। উল্লেখ্য যে প্রধানমন্ত্রী আৱাস যােজনা-গ্রামীণৰ প্ৰতিগৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত তিনিটা কিস্তিত মুঠ
১ লাখ ৩০ হেজাৰ টকাৰ সাহায্যৰ উপৰি এম জি এন ৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপে ২১,৭৫৫ টকা প্রদান কৰা হয়। অর্থাৎ পি এম এ ৱাই-জিৰ প্ৰতি গৰাকী হিতাধিকাৰীয়ে মুঠ ১,৫১,৭৫৫ টকাকৈ লাভ কৰিব। তেওঁ কয় যে হিতাধিকাৰীসকলে এবছৰৰ ভিতৰত গৃহ নির্মাণ সম্পূর্ণ কৰি তুলিব লাগিব। বাকী হিতাধিকাৰী সকলকো শীঘ্ৰে চৰকাৰে গৃহ আবণ্টন আৰু পুঁজি প্রদান কৰিব বুলি তেওঁ সদৰি কৰে। ২০২৪ চনৰ ভিতৰত চৰকাৰে ৰাজ্যখনত প্রধানমন্ত্রী আৱাস যােজনা-গ্রামীণৰ গৃহ নির্মাণ সম্পূর্ণ কৰি তােলাৰ বাবে প্রয়ােজনীয় সকলাে ব্যৱস্থা গ্ৰহণ কৰিছে। পি এম এ ৱাই-জিৰ হিতাধিকাৰীৰ বাবে বিভাগে ৬ টা গৃহ নক্সা প্রস্তুত কৰিছে আৰু এই নক্সাসমূহৰ পৰা এটা নক্সা নির্বাচন কৰি স্থানীয়ভাৱে উপলব্ধ সামগ্রী ব্যৱহাৰ কৰি হিতাধিকাৰীসকলে গৃহ নির্মাণৰ কাম সম্পূর্ণ কৰিব পাৰিব। তেওঁ কয় যে কোনাে যােগ্য হিতাধিকাৰীয়ে যাতে এই আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে অগ্রাধিকাৰ ভিত্তিত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে কাম কৰি আছে।
উল্লেখ যে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত “উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন” শীৰ্ষক এখনি প্ৰাদেশিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কেন্দ্রীয় গ্রামােন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্রী গিৰিৰাজ সিঙে অসমৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস আৰু গ্রামােন্নয়ন বিভাগৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রীদ্বয় ক্রমে ফাগান সিং কুলস্তে আৰু সাধ্বী নিৰঞ্জন জ্যোতিৰ উপস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি সমূহৰ কাম-কাজৰ অগ্রগতি সম্পৰ্কত পর্যালােচনা কৰে। সন্মিলনত অৰুণাচল প্রদেশ, চিকিম, মিজোৰাম, মণিপুৰ, নাগালেণ্ডৰ গ্রামােন্নয়ন বিভাগৰ মন্ত্রীসকলৰ লগতে কেন্দ্রীয় চৰকাৰৰ গ্রামােন্নয়ন বিভাগৰ সচিব নগেন্দ্রনাথ সিং, অসমৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে.বি. এক্কা, আয়ুক্ত বিক্রম কৈৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভালেসংখ্যক শীর্ষ বিষয়াই অংশ গ্রহণ কৰে। সন্মিলনত নতুনকৈ আবণ্টন লাভ কৰা ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ আঁচনিৰ অধীনৰ গৃহ সমূহৰ সঠিক তথা সফল ৰূপায়ণৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সমূহ কেনেদৰে অতিক্ৰম কৰি ৰাজ্যত উন্নয়নৰ গতি ত্বৰান্বিত কৰিব পাৰি সেই সন্দৰ্ভত বিশদ আলোচনা কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More