ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি

খানাপাৰাত মেগা নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

0 65
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ মে’ : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদৰ বাবে আজি নিযুক্তি পত্র প্ৰদান কৰা হয়। এই উপলক্ষ্যে গুৱাহাটীৰ খানাপ‍াৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বিশাল নিযুক্তি পত্র বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্রীসকলে আনুষ্ঠানিকভাৱে ১৭ গৰাকী প্ৰাৰ্থীৰ হাতত তুলি দিয়ে নিযুক্তি পত্র। আজিৰ অনুষ্ঠানৰ যোগেদি গৃহ বিভাগত ৮,৮৬৭টা, শিক্ষা বিভাগত ১১,০৬৩ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা, জলসম্পদ বিভাগত ১০৫টা, সমাজ কল্যান বিভাগত ৬৯টা, স্বাস্থ্য বিভাগত ২,৪১৯টা, কৃষি বিভাগত (গৃহ) ৫৫ টা, পৰিৱেশ আৰু বন বিভাগত ২৩টা, লোক নিৰ্মাণ বিভাগত ৮ টা, খনি আৰ খনিজ পদাৰ্থ বিভাগত ২টা আৰু শ্ৰমিক কল্যান বিভাগত ১৭ টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্র প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে এক লাখ চৰকাৰী চাকৰি আৰু দুই লাখ কৰ্মসংস্থাপন দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ দিশে চৰকাৰ আগবাঢ়ি গৈছে। বিগত বৰ্ষৰ ১০ মে’ত চৰকাৰ গঠন হোৱাৰ পাছত শিক্ষা বিভাগত ৪৭৭৯ পদ নিযুক্তি দিয়া হৈছিল। আজি আমি ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি পত্ৰ দিছো। এবছৰত আমাৰ চৰকাৰে ২৮ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে কয় যে অহা মাহত নাইবা জুলাই মাহত আৰু ৭-৮ হাজাৰ নিযুক্তি দিয়া হ’ব। আনহাতে জুলাইৰ শেষৰ সপ্তাহত ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ১ লাখ নিযুক্তি দিয়‍াৰ সংকল্প সিদ্ধিলৈ ৰূপ‍ান্তৰ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০১১ চনত টেটৰ জৰিয়তে নিকা নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছতা আৰু নিকা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। কোনোবাই নিজে চাকৰি নাপাই আনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে আমাৰ হাতত কৰিবলগীয়া একো নাথাকে বুলি তেওঁ কয়। নিযুক্তি পোৱাসকলক উদ্দেশ্যি তেওঁ কয় যে  আমাক এনে শিক্ষক লাগে যিয়ে দিনটোত প‍াঠ্যক্ৰমক লৈ ব্যস্ত থাকে। ফেচবুকত নিজৰ প্ৰাপ্ৰ্যৰ হিচাপ-নিকাজ লৈ ব্যস্ত হৈ থকা শিক্ষক নালাগে। ভগৱানে যিটো কাম কৰিব নোৱাৰে সেই কাম শিক্ষা আৰু শিক্ষকে কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ভগৱানৰ পৃথিৱীত জন্মৰ বৈষম্য শিক্ষা আৰু শিক্ষকেহে দূৰ কৰিব পাৰে। অসম আৰক্ষীত নিযুক্তি লাভ কৰা কনিষ্টবল সকলক উদ্দেশ্যি তেওঁ কয় যে আজি নিযুক্তি ল‍াভ কৰা সকলৰ বেছিভাগেই দৰিদ্ৰ তথা নিম্ন মধ্যবিত্তৰ ঘৰৰ লৰা-ছোৱালী। লাঠি পোৱাৰ লগে লগে দৰিদ্ৰজনৰ ওপৰত প্ৰয়োগ কৰাৰ প্ৰৱনতা ত্যাগ কৰিব লাগিব। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ গাড়ীৰ সন্মুখত আন ডাঙৰ গাড়ী আহিলে পুলিচে হুইচেল মাৰে। কিন্তু ৰিক্সাৱাল নাইবা ঠেলাৱাল আহিলে লাঠি মাৰে। আজি নিযুক্তি লাভ কৰা কনিষ্টবল সকলে জীৱনত কেতিয়াও দৰিদ্ৰ সাধাৰণ লোকৰ ওপৰত লাঠি নচলাও বুলি প্ৰতিজ্ঞা কৰাৰ বাবে তেওঁ আহ্বান জনায়। আৰক্ষীৰ লোকক দৰমহাৰ অতিৰিক্ত কিয় লাগে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্রীয়ে দুৰ্নীতিৰ পৰা আঁতৰত থকাৰ বাবে আহ্ব‍‍ান জনায়। সাধাৰণ দৰিদ্ৰ লোকৰ প্ৰতি হৃদয়বান হোৱাৰ বিপৰীতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ তথা দানৱ হোৱাৰ বাবে আৰক্ষীৰ প্ৰতি তেওঁ আহ্বান জনায়। নতুনকৈ নিযুক্তি পোৱা সকলক আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনাই তেওঁ কয় যে শীৰ্ষ বিষয়াই কলেও তেওঁলোকে যাতে কোনো কাৰণতে পইচা সংগ্ৰহ নকৰে। অসমত পূৰ্বতে দুৰ্নীতি হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ গাড়ী চালকজনেও অসম আৰক্ষীৰ চাকৰিৰ বাবে ২০ হাজাৰ টকা উৎকোচ দিব লগা হৈছিল। ভাষণ প্ৰসংগত তেওঁ কয় যে এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ দিনাই এখন কিতাপ প্ৰকাশ কৰাৰ কথা মুখ্য সচিবক কৈছো। য’ত নিযুক্তি প্ৰাপ্ত সকলোৰে নাম-ঠিকনা উল্লেখ থাকিব। নিকা আৰু স্বচ্ছভাৱে হোৱা নিযুক্তি বিষয়ে গ্ৰন্থখনৰ যোগেদি সকলোৱে জানিব পাৰিব। নিযুক্তি পত্র বিতৰণৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মন্ত্রী কেশৱ মহন্ত, অতুল বৰা, ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, ৰণজিত কুমাৰ দাস, অজন্তা নেওগ আৰু যোগেন মহন, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More