ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি,মাজুলী, ৪ জুন: প্ৰৱঞ্চক ৰানা পগাগক সহযোগিতা কৰি আৰক্ষীৰ জালত পৰা আৰক্ষীৰ উপ-পৰিৰ্দশক জোনমনি ৰাভাক আজি তিনিটা দিনে বাৰ/তেৰ ঘন্টাকৈ চলোৱা জেৰাৰ অন্তত আজি মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিৰ্দশক গৰাকীক। এছ আই জোনমনি ৰাভাৰ হবলগীয়া স্বামী ৰাণা পগাগ আৰু জোনমনি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ তিনি ব্যৱসায়ীয়ে আজিৰ পৰা প্ৰায় ২৫ টা দিনৰ পূৰ্বে গড়মূৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাণাক নগাঁৱৰ পৰা যোৱা ১৮ মে’ত মাজুলী আৰক্ষীয়ে জিম্মাত লৈ ৭ দিনৰ জেৰাৰ অন্তত যোৱা ২৭ মে’ত আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও জোনমনি ৰাভাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা দুৰ্বল আছিল। যোৱা ২ জুনত গড়মূৰ থানাত উপস্থিত হোৱা জোনমনি ৰাভাক মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই দুগৰাকীকৈ অভিযোগকাৰীক মুখামুখিকৈ বহুৱাই জেৰা চলায়। প্ৰথম দিনাৰ জেৰাৰ পিছত জোনমনিৰ সন্দৰ্ভত আৰক্ষীৰ ভূমিকা সন্দেহজনক হোৱাত সৰৱ হৈ উঠে মাজুলীৰ সংবাদ মাধ্যমে দ্বিতীয় দিনা অৰ্থাৎ কালিও জোনমনি ৰাভাক দুই ভুক্তভোগী ব্যৱসায়িক একেলগে বহুৱাই ডেৰ ঘন্টাৰ জেৰাৰ অন্তত মাজুলীৰ আৰক্ষী অধীক্ষকে বেংক বিষয়া, বিভিন্ন জনৰ সাক্ষী গ্ৰহণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়াত গাফিলতি নহয় বুলি মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে কালি গড়মূৰস্থিত কানাড়া বেংকৰ মেনেজাৰ গৰাকীক আৰক্ষীয়ে গড়মূৰ থানাত গোচৰ সংক্ৰান্তীয় কথাত সোধা পোছা কৰে। সন্ধিয়াৰ ভাগলৈ জোনমনি ৰাভাৰ এক্সিচ বেংকৰ 921010021109554 একাউন্ট নম্বৰত আৰু কানাড়া বেংকৰ 6764101002459 নম্বৰৰ একাউন্টত মুঠ ২০,৪৭,৫৮৮ টকাৰ লেনদেন ধৰা পৰে। এই তথ্যৰ পিছতেই জোনমনিৰ গ্ৰেপ্তাৰৰ নিশ্চয়তা বাঢ়ি গৈছিল। আজি তৃতীয় দিনা জোনমনিক গড়মূৰ থানাত পুৱা ১০.৩০ বজাৰ পৰা জেৰা কৰাৰ অন্তত মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয় যে- জোনমনিৰ বিৰুদ্ধে বিভিন্ন তথ্য প্ৰমাণ পোৱা গৈছে। প্ৰয়োজনত জোনমনি ৰাভাক গ্ৰেপ্তাৰ কৰা হব পাৰে বুলি মন্তব্য কৰাৰ পিছত জোনমনি ৰাভাক গড়মূৰ থানাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০১৮ চনত এছ আই হিচাপে চাকৰি জীৱন আৰম্ভ কৰা থানাখনতেই গ্ৰেপ্তাৰ হবলগীয়া হোৱা জোনমনি ৰাভাক থানাতে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰোৱা অন্তত আদালতলৈ নিয়াৰ বাবে আৰক্ষীয়ে জো-যা চলায় যদিও থানাতে জোনমনিৰ মাতৃ আৰু জোনমনি কান্দোনত ভাগি পৰে। ইয়াৰ পিছতে দিনৰ ২.১৭ বজাত জোনমনিক মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে।আদালতলৈ নিয়াৰ সময়ত জোনমনিয়ে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ। ৰাণা পগাগে মোৰ লগত বিশ্বাসঘাটকতা কৰিলে বুলি চিঞৰি চিঞৰি মন্তব্য কৰে। ইয়াৰ পিছতেই জামিন বিহীন ধাৰাত অভিযুক্ত জোনমনি ৰাভাক মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। খাকী পোছাকত কলংকিত কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাক গ্ৰেপ্তাৰ কৰি মাজুলী আৰক্ষীয়ে আইন যে সকলোৰে বাবে সমান তাক প্ৰতীয়মান কৰিলে। উল্লেখযোগ্য যে ৰাণাই ব্যৱসায়ী অজিত বৰাক ONGC ৰ দুটা ভূৱা কামৰ ৱৰ্ক অৰ্ডাৰ দিয়াৰ লগতে জোনমনি আৰু ৰাণাৰ জড়িয়তে ONGC ৰ বিভাগৰ পেডত ভুৱা চিল মোহৰ মাৰি ব্যৱসায়ী বৰাক Work order letter no EE/ONGC/CSR/81-1(A)2019-20 আৰু 4) Work order letter no.EE/ONGC/CSR/82-1(A)2019-20 নম্বৰৰ ভূৱা অৰ্ডাৰ মতেই বেংক একাউণ্ট খুলিবলৈ দিছিল বুলি অভিযোগ উঠিছিল। উল্লেখযোগ্য যে প্ৰৱঞ্চক এটাৰ সৈতে মিলি অ এন জি চিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত এছ আই জোনমনি ৰাভাক মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল। প্ৰৱঞ্চক ৰাণা পগাগে মাজুলীৰ ক্ৰমে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা, ৰঞ্জন কুটুমৰ পৰা ২৫ লাখ টকা প্ৰৱঞ্চনাৰে নিয়াৰ সমগ্র ঘটনা ক্ৰমত জোনমনি জড়িত থকাৰ বিষয়ে লিখিত অভিযোগ দাখিল কৰিছিল। ইয়াৰ উপৰি প্ৰৱঞ্চনাৰে ৰাণা পগাগে লোৱা ধন জোনমনিয়ে নিজে হাতে গনি লোৱাৰ সন্দৰ্ভতো এজাহাৰত উল্লেখ আছিল। ইফালে একে কেইটা গোচৰত মাজুলী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জোনমনিৰ ভাবী স্বামী তথা প্ৰৱঞ্চক ৰাণা পগাগক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা