ৰান্ধনিশালত খোৱাতেলৰ উতলাংকই দহিব দেশবাসীক

পাম অইল ৰপ্তানিত নিষেধাজ্ঞা ইন্দোনেছিয়াৰঃ মে'ৰ পৰা ভাৰতত খোৱাতেলৰ নাটনিৰ আশংকা

0 32

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতৰ ৰান্ধনিশাল সমূহত এতিয়া ৰন্ধন তেলৰ উতলাংকই অভিলেখ সৃষ্টিৰ দিশত অগ্ৰসৰ হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ খাৰ-বাৰুদৰ ধোঁৱা ইতিমধ্যে ভাৰতৰ প্ৰতিটো পৰিয়ালৰ ৰান্ধনিশালতো প্ৰৱেশ কৰিছে। নিয়মিত মূল্য বৃদ্ধিৰ উপৰি যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা খোৱা তেলৰ উৰ্ধমুখী মূল্যই ভাৰতৰ প্ৰতিগৰাকী ৰান্ধনীকেই নাকনি-কাননি খুৱাইছে আৰু আহিবলগীয়া দিনবোৰতো ইয়াৰ পৰিস্থিতি উন্নত হোৱাৰ আশা সুদূৰ পৰাহত। জ্বলা জুইত ঘিঁউ ঢালি কালি ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে দেশখনৰ পৰা পাম অইল ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত অন্যান্য দেশসমূহৰ লগতে ভাৰততো ৰন্ধন তেলৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিশ্বৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ পাম অইল উৎপাদন কৰা ইন্দোনেছিয়াতে বৰ্তমান তেওঁলোকৰ ঘৰুৱা বজাৰত পাম অইলৰ মূল্য অত্যধিক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অহা ২৮ এপ্ৰিলৰ পৰা এই তেলৰ ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰিছে। সমগ্ৰ বিশ্বই প্ৰতিবছৰে ব্যৱহাৰ কৰা ২৫০ নিযুত মেট্ৰিক টন খোৱা তেলৰ ৩৪ শতাংশ অৰ্থাৎ ৮০ নিযুত মেট্ৰিক টনেই পাম অইল আৰু ইয়াৰ ৫০ নিযুত মেট্ৰিক টন কেৱল ইন্দোনেছিয়াই যোগান ধৰে। জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা পাম অইল কৃষিৰ সম্প্ৰসাৰণৰ বাবে ২০১৮ চনৰ পৰা নতুনকৈ কোনো অনুমতি নিদিয়াত দেশখনত পাম অইলৰ উৎপাদনতো ব্যাঘাত জন্মিছে।
ভাৰতবৰ্ষই প্ৰতিবছৰে ১৩ ৰ পৰা ১৩.৫ নিযুত মেট্ৰিক টন খোৱা তেল আমদানি কৰে আৰু ইয়াৰে ৬৩ শতাংশই (৮.৫ নিযুত মেট্ৰিক টন) হৈছে পাম অইল। আমদানিকৃত এই পাম অইলৰ আকৌ ৪৫ শতাংশই আহে ইন্দোনেছিয়াৰ পৰা। বাকী পৰিমাণ মালয়েছিয়া আৰু থাইলেণ্ডৰ পৰা আমদানি কৰা হয়। ইন্দোনেছিয়াই হঠাতে লোৱা এই সিদ্ধান্তৰ ফলত ভাৰতত মে’ মাহৰ পৰা প্ৰতি মাহেই প্ৰায় ৪ নিযুত মেট্ৰিক টন পাম অইলৰ ঘাটি পৰিব আৰু এই ঘাটিৰ পৰিমাণ তৎকালেই পূৰাবৰ বাবে পৰিস্থিতি স্বাভাৱিকতেই কিছু প্ৰত্যাহ্বানমূলক হ’ব আৰু খোৱা তেলৰ মূল্য বৃদ্ধি ঘটাতো অৱশ্যম্ভাৱী। যুদ্ধকে ধৰি অন্যান্য কাৰকৰ বাবে ভাৰতত আমদানিকৃত কেঁচা পাম অইলৰ মূল্য যোৱা বছৰৰ তুলনাত ইতিমধ্যেই ৫১ শতাংশ বৃদ্ধি পাইছে। পাম অইল যে কেৱল ৰন্ধন কাৰ্যতহে ব্যৱহাৰ হয় তেনে নহয়, প্ৰসাধন, অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুততো ইয়াৰ ব্যাপক ব্যৱহাৰ হোৱাৰ ফলত এনে পৰিস্থিতিত এই উদ্যোগসমূহো ক্ষতিৰ সন্মুখীন হ’ব।
আনফালে ভাৰতবৰ্ষৰ খোৱাতেলৰ বজাৰত প্ৰাধান্য বিস্তাৰ কৰা ছানফ্লাৱাৰ অইলৰ ক্ষেত্ৰতো ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে কিয়নো ভাৰতে আমদানি কৰা ছানফ্লাৱাৰ অইলৰ অধিকাংশই আহে ইউক্ৰেইনৰ পৰা। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আমদানি বন্ধ হৈ যোৱাৰ ফলত ভাৰতত এহাতেদি খোৱাতেলৰ নাটনিয়ে দেখা দিয়াৰ পাছত নাটনিৰ জোৰা মাৰিবলৈ ৰাছিয়াৰ পৰা আমদানি কৰা ছানফ্লাৱাৰ অইলৰ মূল্যই অভিলেখ সৃষ্টি কৰিছে। যুদ্ধৰ পূৰ্বে প্ৰতি মেট্ৰিক টনত ১,৬৩০ ডলাৰকৈ ভাৰতে ক্ৰয় কৰাৰ বিপৰীতে দুমাহতে এই তেল বিধৰ মূল্য এপ্ৰিল মাহত বৃদ্ধি পাই হৈছেগৈ ২,১৫০ ডলাৰ। পৰিস্থিতি এতিয়া এনে হৈছেগৈ যে, অধিক মূল্যৰ বিনিময়তো মানবিশিষ্ট খোৱাতেলৰ অভাৱে এটা সংকটজনক খাদ্য নিৰাপত্তাৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More