ৰাষ্ট্রপতি পদত এনডিএৰ প্রার্থীৰূপে কিয় দ্রৌপদী মুর্মুৰ নাম বাচনিত উঠিল ?

বিপক্ষত যশৱন্ত সিনহা

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : ৰাষ্ট্রপতি পদৰ বাবে এনডিএৰ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। তেওঁ ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল। বিজেপি নেতৃত্বৰ দাবী— তেওঁ প্রথম এনডিএৰ তৰফৰ পৰা ৰাষ্ট্রপতি পদৰ আদিবাসী প্রার্থী। বিজেপিৰ সর্বভাৰতীয় সভাপতি জেপি নাড্ডাই ২১ জুন মঙলবাৰে সংবাদ মেলত এই নাম ঘোষণা কৰে। বিজেপি সভাপতি জেপি নাড্ডাই জনায় যে, সকলো মিলি ঠিক হৈছিল ভাৰতৰ পূব প্ৰান্তৰ পৰা কোনো প্রার্থী নিৰ্বাচিত কৰা হ’ব। কোনো মহিলাক প্রার্থী কৰাৰ চেষ্টা কৰা হ’ব। আদিবাসী কোনো লোকক কৰা হওক প্ৰাৰ্থী— এয়াও এনডিএৰ সংসদীয় বোর্ডৰ ইচ্ছা আছিল। সেইক্ষেত্রত এনডিএৰ তৰফৰ পৰা দ্রৌপদী মুর্মুক ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাবে ঘোষণা কৰা হ’ল। দ্রৌপদী মুর্মুৱে বিধায়ক পদো চম্ভালিছিল। উৰিষ্যাৰ মন্ত্রীও আছিল এসময়ত। পৰৱর্তী সময়ত তেওঁ ২০১৫ চনৰ পৰা ঝাড়খণ্ডৰ ৰাজ্যপালৰ দায়িত্ব চম্ভালিছিল। ইফালে বিৰোধী জোঁটে ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাবে যশৱন্ত সিনহাৰ নাম ঘোষণা কৰিছে। তৃণমূল কংগ্ৰেছে এই নাম ঘোষণাত বৃহৎ ভূমিকা লৈছে। তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰিলে এনডিএই। এনডিএৰ নেতৃত্বই জনায় যে, মুঠ ২০টা নাম লৈ আলোচনা হৈছিল। দীর্ঘ আলোচনাৰ অন্তত দ্রৌপদী মুর্মুৰ নামত ছীল-মোহৰ পৰে।

  •  দ্ৰৌপদী মুৰ্মুৰ অতীত
    ৰাজনৈতিক জীবন আৰম্ভ কৰিছিল একেবাৰে তৃণমূল স্তৰৰ পৰা। পশ্চিমবঙ্গৰ প্রতিবেশী ৰাজ্যৰ এইগৰাকী আদিবাসী নেত্রীক ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাবে ঘোষণা কৰা দ্রৌপদী মুর্মুৰ জন্ম হয় ১৯৫৮ চনৰ ২০ জুনত। ১৯৭৯ চনৰ পৰা ১৯৮৩ চন পর্যন্ত উৰিষ্যা চৰকাৰৰ জলসম্পদ আৰু শক্তি দপ্তৰৰ জুনিয়ৰ এচিছটেন্ট হিচাবে কাম কৰিছিল। ১৯৯৪ চনৰ পৰা ১৯৯৭ চন পর্যন্ত শ্রী অৰবিন্দ ইন্টিগ্রাল এডুকেচন চেন্টাৰত শিক্ষক আছিল। কাউন্সিলৰ হিচাবে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলেন দ্রৌপদীৱে। পৰৱর্তীত ৰায়ৰংপুৰ উপদেষ্টা কমিটীৰ চেয়াৰপাৰ্ছন হৈছিল। যিটো বিধানসভা সমষ্টিৰ পৰা দুবাৰ ভোটত জিকিছিল তেওঁ। উৰিষ্যাৰ দুবাৰৰ বিধায়ক আছিল আদিবাসী নেত্রী দ্রৌপদী। বিজু জনতা দল তথা নবীন পাটনায়ক চৰকাৰৰ মন্ত্রীও আছিল। যিখন চৰকাৰক সমর্থন দিছিল বিজেপিয়ে। ২০০০ চন আৰু ২০০৪ চনত বিজেপিৰ টিকটেৰেই ময়ূৰভঞ্জ জিলাৰ ৰায়ৰাংপুৰ সমষ্টিৰ পৰা ভোটত জিকিছিল। ২০০০ চনৰ পৰা ২০০৪ চন পর্যন্ত বিজেডি-বিজেপি জোঁট চৰকাৰত একাধিক গুৰুত্বপূর্ণ পদ আছিল দ্রৌপদীৰ হাতত। পৰিবহণ, মৎস্য আৰু পশুপালন দপ্তৰৰ দায়িত্বত আছিল। তাৰ মাজতে ২০০৭ চনৰ উৰিষ্যাৰ শ্ৰেষ্ঠ বিধায়ক হৈছিল। ঝাড়খণ্ডৰ ৰাজ্যপাল আছিল দ্রৌপদী মুর্মু। ২০১৫ চনৰ পৰা ২০২১ চন পর্যন্ত সেই পদত আছিল আদিবাসী নেত্রীগৰাকী। যদি দ্রৌপদী মুৰ্মু নির্বাচনত জিকি যায়, তেতিয়াহ’লে ইতিহাস গঢ়িব। প্রথম আদিবাসী মহিলা হিচাবে বহিব ৰাষ্ট্রপতিৰ চকীত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More