ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ শতাধিক বিশ্বখ্যাত লেখকৰ পত্ৰ

স্বাধীনতাৰ পাছতো ভাৰতত মানৱ অধিকাৰ উলংঘন

0 45

শেহতীয়াকৈ নিউয়ৰ্কত ছুৰীৰে হত্যা কৰাৰ প্ৰয়াস হৈছিল তেওঁক। এইজন বিশ্ববিখ্যাত লেখক ছলমান ৰুছদীয়ে ৰাজহুৱাভাৱে ভাৰতৰ গণতন্ত্ৰৰ অৱস্থাৰ বিষয়ে মাত মাতিছিল। তেওঁ গভীৰ অনুশোচনাৰে লিখিছিল— “আমি যিখন দেশক গভীৰভাৱে ভাল পাইছিলোঁ, সেই দেশখনৰ ছাঁহে আছে।” ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ দিনা ৰুছদীকে ধৰি ১০০ৰো অধিক লেখকে দেশত বৰ্তমান মানৱ অধিকাৰৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ১১৩ জন ভাৰতীয় আৰু ভাৰতীয় মূলৰ লেখকে সামূহিকভাৱে গণতন্ত্ৰৰ অভাৱৰ বিষয়ে ‘ইণ্ডিয়া এট ৭৫’ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে, যিখন প্ৰতিবেদন প্ৰকাশ কৰিছে ‘দ্য পেন’এ। বিশ্বৰ প্ৰায় ১০২গৰাকী লেখক তথা দ্য পেনৰ সমৰ্থকে স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি ভাৰতত লেখাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। নিজেই আক্ৰমণৰ পূৰ্বে ৰুছদীয়ে এই প্ৰচেষ্টাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই প্ৰতিবেদনৰ আৰম্ভণিতে মেহতা, ৰুছদী আৰু ৰাজমোহন গান্ধীৰ চুটি ৰচনা সংযোজন কৰা হৈছে। ১৯৮৮ চনত ভাৰতে প্ৰথমবাৰৰ বাবে ৰুছদীৰ ‘দ্য চেটানিক ভাৰ্চেছ’ গ্ৰন্থখন নিষিদ্ধ কৰিছিল আৰু লেখক দেশলৈ ঘূৰি অহাৰ বাবে চৰকাৰী কৰ্তৃপক্ষ আৰু ইছলামিক গোটৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। মুম্বাইত জন্মগ্ৰহণ কৰা ছলমান ৰুছদীয়ে ২০১৩ চনত শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ১১৩ জন লেখকৰ বাৰ্তাৰে (তাৰ ভিতৰত কিৰণ দেশাই, ঝুম্পা লাহিৰী, গীতাঞ্জলি শ্ৰী, গণেশ দেৱী, প্ৰিয়ম্বদা গোপাল, শোভা দে, অশোক বাজপেয়ী আৰু মেহতা) দ্য পেনে ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা আৰু স্বাধীন ভাৰতৰ দ্বাৰা কঠোৰ ঔপনিৱেশিক আইন ৰক্ষাৰ প্ৰস্তাৱনা আগবঢ়াইছে বুলি উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে— “২০১৪ চনৰ নিৰ্বাচনে ভাৰতক এনে এখন দেশলৈ ৰূপান্তৰিত কৰিছে য’ত ঘৃণামূলক ভাষণ প্ৰকাশ কৰা হয় আৰু কণ্ঠস্বৰেৰে প্ৰচাৰ কৰা হয়। ইয়াত মুছলমানসকলৰ লগত বৈষম্য আৰু মাৰপিট কৰা হয়। তেওঁলোকৰ ঘৰ-বাৰী, মছজিদ বুলডেজাৰে মহটিয়াই পেলোৱা হৈছিল, যাৰ ফলত তেওঁলোকৰ জীৱিকা ধ্বংস হৈছিল। ইয়াত খ্ৰীষ্টানসকলক মাৰপিট কৰা হয় আৰু গীৰ্জাসমূহত আক্ৰমণ কৰা হয়। ইয়াত ৰাজনৈতিক বন্দীসকলক বিচাৰ নোহোৱাকৈ জেলত ৰখা হয়। বিৰোধী সাংবাদিক, সাহিত্যিকক দেশ এৰি যাবলৈ দিয়া নহয়।” প্ৰবন্ধটোৰ প্ৰস্তাৱনাত কোৱা হৈছে যে ভাৰতৰ স্বাধীনতা ৰক্ষা কৰিব পৰা প্ৰতিষ্ঠান, আদালত, সংসদ, অসামৰিক সেৱা আৰু অধিকাংশ সংবাদ মাধ্যমক নীৰৱ কৰি ৰখা হৈছে বা দুৰ্বল কৰা হৈছে। লেখাৰ স্বাধীনতাৰ ওপৰত PEN Americaৰ শেহতীয়া সূচকাংক অনুসৰি ভাৰত বিশ্বৰ ভিতৰত সৰ্বনিম্ন গণতান্ত্ৰিক দেশৰ ভিতৰত স্থান লাভ কৰিছে য’ত লেখক আৰু বুদ্ধিজীৱী কাৰাগাৰত বন্দী হয়। শিক্ষাৰ স্বাধীনতা, ডিজিটেল অধিকাৰ, অনলাইন ট্ৰলিং আৰু হাৰাশাস্তি ব্যাপক হাৰত বৃদ্ধি পাইছে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘পেন আমেৰিকা’ই ভাৰতৰ সাহিত্যিক আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ মাজত হাত আগবঢ়াই নিজৰ নিজৰ অনুভৱ ৰেকৰ্ডত প্ৰকাশ কৰিছে। ইমানবোৰ স্বাধীন মতবাদ একেলগে বিশ্ব অভিলেখৰ এক ঐতিহাসিক নথি।

(শতাব্দ সম্পাদনা গোট, ১৮ আগষ্ট )

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More