ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত ধেমাজিৰ পাঁচ খেলুৱৈৰ সাফল্য

0 21

 

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে’ : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্যসমাপ্ত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকচ্ প্ৰতিযোগিতাত অসমৰ পৰা ৩০ – ৮৫ বছৰ উৰ্ধলৈ পুৰুষ আৰু মহিলাৰ সৰ্বমুঠ ২০৩ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ পৰা ন গৰাকী প্ৰবীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে যদিও পাঁচগৰাকীয়েহে ভাল ফল দেখুৱাবলৈ সক্ষম হয় । ধেমাজি জিলাৰ পৰা অংশগ্ৰহণ কৰা জয়নাথ বৰুৱাই (৭৫) দুশ মিটাৰ আৰু চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ উপৰি আঠশ মিটাৰ দৌৰত প্ৰথম স্থান লাভেৰে সোণৰ পদক অৰ্জন কৰে । প্ৰতিযোগিতাখনত ৭০ বছৰীয়া নিৰুমাই দেউৰীয়ে ৮০ মিটাৰ হাৰ্ডল ৰেচত দ্বিতীয়, আঠশ মিটাৰ দৌৰত দ্বিতীয় আৰু ৪×৪০০ ৰিলে ৰেচত তৃতীয় স্থান লাভ কৰে । যুগমায়া কছাৰীয়ে (৬০) জেভেলিন আৰু শ্বটপুট থ্ৰত দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৪×৪০০ ৰিলে ৰেচত তৃতীয় স্থান লাভ কৰে । আনহাতে নাৰায়ণ বুঢ়াগোহাঁয়ে ৪×১০০ ৰিলে ৰেচত প্ৰথম স্থান লাভ কৰি সোণৰ পদক লাভ কৰাৰ বিপৰীতে চিনু গগৈয়ে হামাৰ থ্ৰ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে । জানিব পৰা মতে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ দলটোৱে ১৬টা সোণ, ২৩টা ৰূপ আৰু ২২টা ব্ৰঞ্জৰ পদক সহ মুঠ ৬১ টা পদক লাভ কৰে। মহিলা দলৰ ৪৫ বছৰ উৰ্ধৰ অনিমা সোণোৱাল আৰু ৬০ বছৰ উৰ্ধৰ বিলাসী কুমচিঙে ব্যক্তিগতভাৱে ৩ টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More