ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান

তেজপুৰৰ জাহাজঘাটৰ ব্ৰহ্মপুত্ৰৰ পানীত নৌকা চালনাৰ দুঃসাহসিক প্ৰদৰ্শন আৰু সজাগতাত ৭৭ গৰাকী নৌবাহিনীৰ কেডেটৰ অংশ গ্ৰহণ

0 55

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে “ব্ৰহ্মপুত্ৰ নৌকা চালনা অভিযান-২০২২” যোৱা ১৭ অক্টোবৰত বিশ্বনাথ ঘাটত আৰম্ভ হয় । এই অভিযানত সহযোগ কৰিছে ৪৮ ক নৌবাহিনী, গুৱাহাটী গ্ৰুপে। উল্লেখ্য যে, এই অভিযান ৰ মুখ্য উদ্দেশ্য হৈছে কেডেটসকলৰ মাজত ব্ৰহ্মপুত্ৰৰ দৰে নদীত নৌকা চালনা প্ৰশিক্ষণ, দুঃসাহসিক অভিযানৰ প্ৰতি আকৰ্ষিত কৰা, নৌবাহিনীৰ বিভিন্ন প্ৰত্যাহ্বান মূলক ক্ৰীড়া কলাপৰ প্ৰতি উৎসাহিত কৰা আৰু জলসম্পদ তথা ব্ৰহ্মপুত্ৰৰ দৰে সুবিশাল নদীত অভিযানৰ জৰিয়তে ইয়াৰ প্ৰতি প্ৰেম আৰু সন্মান প্ৰদৰ্শন কৰা।মুঠ ৭৭ গৰাকী নৌবাহিনীৰ কেডেটে অংশগ্ৰহণ কৰা এই অভিযানকাৰী দল কালি তেজপুৰ জাহাজ ঘাটত উপস্থিত হৈ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত ক্ৰমে ল’ৰা আৰু ছোৱালী নৌবাহিনীৰ কেডেটসকলে নিৰ্দেশক সকলৰ সহিতে এটা দিনৰ নৈশ শিবিৰ কৰে। আজি পুৱা ৮ বজাত তেজপুৰ জাহাজ ঘাটত তেজপুৰ গ্ৰুপৰ ডেপুটি কমান্ডাৰ কৰ্ণেল প্ৰবীন ভালে পুনৰ নৌকা চালনা অভিযানৰ আৰম্ভণি কৰে আৰু এই শুভক্ষণত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কমাণ্ডিং অফিচাৰ লে. ক. জে. বি. চেত্ৰী , সহযোগী বিষয়া বৰ্ণালী শইকীয়া উপস্থিত থাকে। এই অভিযানৰ নেতৃত্ব বহন কৰে ৪৯ ক নৌবাহিনী ৰ কমাণ্ডিং অফিচাৰ লে. ক. ৰাজেশ ভূজেল আৰু ৪৮ ক নৌবাহিনী ৰ কমাণ্ডিং অফিচাৰ লে. ক. দেৱানন্দ দলেই।এই অভিযানকাৰী দলটোত থকা প্ৰশিক্ষক সকলে আজি পুৱা ৮ বজাৰ পৰা ব্ৰহ্মপুত্ৰত নৌকা চালনাৰ বিভিন্ন দিশৰ ওপৰত শিক্ষাৰ্থী বাহিনীৰ সদস্য সকলক নৌকা চালনাৰ বিভিন্ন কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More