ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

২১ বছৰীয়া ৰিয়ান পৰাগ যুদ্ধংদেহি মুডত আছিল আৰু হাৰ্ড হিটিঙেৰে প্ৰতিদ্বন্দ্বী বলাৰক বশ কৰিছিল। তেওঁ সহজে বাউণ্ডেৰী বিচাৰি পাইছিল। খেলপথাৰৰ ওপৰেৰে বল পঠিয়ালৈয়ো কুণ্ঠাবোধ কৰা নাছিল।

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে। অসমৰ এই দমনীয় প্ৰদৰ্শনৰ মূলতে আছিল ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং। ৰিয়ানে ১২টা অভাৰ বাউণ্ডেৰী আৰু সমসংখ্যক বাউণ্ডেৰীৰৰ সহায়ত ১১৬টা বলত ১৭৪ ৰাণ কৰি জম্মু কাশ্মীৰে বান্ধি দিয়া বৃহৎ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰাত মুখ্য ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি হেনান নাজিৰ ১২৪ (১১৩ বল, ৫ চাৰি, ৫ ছয়) আৰু শুভম খাজুৰিয়াৰ ১২০ (৮৪ বল, ৮ চাৰি, ৮ ছয়) ৰাণৰ সহায়ত জম্মু কাশ্মীৰে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৫০ ৰাণৰ বৃহৎ স্কৰ থিয় কৰে। এই বৃহৎ লক্ষ্য অতিক্ৰমৰ বাবে নিজৰ ইনিংছ আৰম্ভ কৰা অসমে কম ৰাণৰ ভিতৰতে অধিনায়ক কুনাল শইকীয়া (২৩) আৰু ৰাহুল হাজৰিকা (৮)ৰ উইকেট হেৰুৱাই বিপদত পৰিছিল। কিন্তু এই প্ৰাৰম্ভিক আঘাত সত্বেও ৰিয়ান পৰাগে আক্ৰমণাত্মক আৰু ঋষৱ দাসে ধৈৰ্যশীল ( ১১৮ বলত ১১৪ ৰান) বেটিঙেৰে খেলখনত স্থিতি সবল কৰি তোলে। ২১ বছৰীয়া ৰিয়ান পৰাগ যুদ্ধংদেহি মুডত আছিল আৰু হাৰ্ডহিটিং কৰি প্ৰতিদ্বন্দ্বী বলাৰক দমন কৰিছিল ৷ তেওঁ সহজে বাউণ্ডেৰী বিচাৰি পাইছিল বিচাৰি আৰু খেলপথাৰৰ ওপৰেৰে বল পঠিয়ালৈয়ো কুণ্ঠাবোধ কৰা নাছিল। ঋষভ দাস আৰু ৰিয়ান পৰাগ মিলি তৃতীয় উইকেটৰ যুটিত যোগ দিয়ে ২৭৭ ৰাণ। এই গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপৰ বাবেই প্ৰতিযোগিতাখনত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই অহা জম্মু কাশ্মীৰৰ বলাৰসকলৰ বলিং কৌশল সাধাৰণ যেন লগা কৰি তুলিলে। চলিত বিজয় হাজাৰে ট্ৰফীত এইটো হৈছে ৰিয়ান পৰাগৰ তৃতীয়টো শতক। এই শতকেৰে অসমৰ বাবে কঠিন যেন লগা বিজয় সহজ কৰি তুলিলে। ৰিয়ান পৰাগ বিজয় লক্ষ্য পাবলৈ ২৯ ৰান বাকী থাকোতেই আউট হয় যদিও অসমৰ ইনিংছৰ দ্বিতীয়জন ৰূপকাৰ ঋষভ দাসে ২৩টা বল বাকী থকা অৱস্থাতে অসমক বিজয় আনি দিয়ে। প্ৰথমে বেটিং কৰা জম্মু-কাশ্মীৰে সুন্দৰ আৰম্ভণিৰে বৃহৎ স্কৰৰ দিশে অগ্ৰসৰ হৈছিল। অপেনাৰ খাজুৰিয়া আৰু বিভ্ৰান্ত শৰ্মাই (৩৪) অপেনিং যুটিত ১১.৪ অভাৰত ৭৪ ৰান সংগ্ৰহ কৰে। শৰ্মাৰ পতনৰ পাছত খজুৰিয়া আৰু নাজিৰে দ্বিতীয় উইকেটৰ যুটিত ১২৯ ৰাণ সংগ্ৰহ কৰে। অভিনৱ চৌধুৰীয়ে (২/৪৭) খাজুৰিয়াক আউট কৰি মিনি পতনৰ সূচনা কৰিছিল যদিও নাজিৰ আৰু ফাজিল ৰছিদে (৫৩ ৰাণ, ৪৬ বল, ৩ চাৰি, ২ ছয়) পঞ্চম উইকেটত ১১৩ ৰান সংগ্ৰহ কৰি দলীয় স্ক’ৰ ৩৫০লৈ তুলি অসমৰ বাবে ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে।

Assam Cricket Team Vijay Hazare Trophy Twitter 1

সংক্ষিপ্ত স্ক’ৰ :
জম্মু কাশ্মীৰ : ৫০ অভাৰত ৭ উইকেটত ৩৫০ ৰাণ (হেনান নাজিৰ ১২৪, শুভম খাজুৰিয়া ১২০, ফাজিল ৰছিদ ৫৩)

অসম : ৪৬.১ অভাৰত ৩ উইকেটত ৩৫৪ ৰাণ (ৰিয়ান পৰাগ ১৭৪, ঋষৱ দাস ১১৪ নট আউট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More