ৰুছদীৰ আক্ৰমণক গৰিহণা দিবলৈ ভাৰতে সময় ল’লে ১৩ দিন

1 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : লেখক ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিছে। ঘটনাৰ ১৩ দিন পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথম সঁহাৰি দি লেখকজনৰ আশু আৰোগ্য কামনা কৰে। ১২ আগষ্টত নিউয়ৰ্কত এখন সাহিত্য সমাৱেশত ৰুছদীক আক্ৰমণ কৰা হৈছিল। বুকাৰ বিজয়ী লেখকগৰাকী সেইদিনা মঞ্চত ঢলি পৰিছিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ভেন্টিলেচনত ৰখা হৈছিল। সেই ঘটনাৰ ১৩ দিন পাৰ হৈ গ’ল৷ ছলমানৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি ভাৰতে চৰকাৰীভাৱে কোনো সঁহাৰি দিয়া নাছিল। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ২৫ আগষ্ট বৃহস্পতিবাৰে কয়— “ভাৰত সদায় হিংসা আৰু উগ্ৰবাদৰ বিৰুদ্ধে থিয় দি আহিছে। ছলমান ৰুছদীৰ ওপৰত হোৱা এই ভয়ানক আক্ৰমণক আমি গৰিহণা দিছোঁ। তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।’’ নিউয়ৰ্কৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা ঠাইত আক্ৰমণ কৰা হৈছিল ৰুছদীক। মঞ্চত কথা ক’বলৈ ওলোৱাৰ সময়তে আক্ৰমণ কৰা হয় তেওঁক। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে বুকাৰ বিজয়ী লেখক ৰুছদী মঞ্চত থকাৰ সময়তে এজন আক্ৰমণকাৰীয়ে ছুৰীৰে আক্ৰমণ কৰে। খন্তেকতে লেখকজনৰ ডিঙি-বুকু-পেটত ১৫ৰ পৰা ২০টা ছুৰীৰ আঘাত বহে। মঞ্চত তেওঁ ঢলি পৰিছিল। আৰক্ষীয়ে হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। ২৪ বছৰীয়া আক্ৰমণকাৰী হাদী মাতাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্তগৰাকী। কিন্তু প্ৰশ্ন উত্থাপন হয়, ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিবলৈ ভাৰতৰ কিয় প্ৰায় দুসপ্তাহ সময় লাগিল? একে সময়তে একাংশ লোকৰ প্রশ্ন— স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীত তেওঁৰ The Satanic Versus নামৰ কিতাপখন নিষিদ্ধ তালিকাৰ পৰা কিয় আঁতৰাব পৰা নাই? ৰুছদীৰ ওপৰত হোৱা আক্ৰমণৰ লগে লগে এই প্ৰশ্ন উত্থাপন কৰে চলচ্চিত্ৰ পৰিচালক অপৰ্ণা সেনে। তেওঁ টুইটাৰত লিখিছে— ‘‘দ্য চেটানিক ভাৰ্চেছ’ৰ লেখকক কংগ্ৰেছ চৰকাৰে সন্তুষ্টিৰ বাবে অসাংবিধানিকভাৱে নিষিদ্ধ কৰাক মই গৰিহণা দিছোঁ। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত আমাৰ সংবিধানৰ সন্মান ৰক্ষাৰ বাবে এই নিষেধাজ্ঞা উঠাই দিবলৈ মই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম।” অৱশ্যে চৰকাৰে এই আবেদন মানি লোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। যিদিনা ভাৰতে আনুষ্ঠানিকভাৱে আক্ৰমণক গৰিহণা দিছে আৰু ৰুছদীক শুভেচ্ছা জনাইছে সেই ঘটনাৰ পিছত প্ৰশ্নটো অধিক প্ৰাসংগিক হৈ পৰিল।

১ টা মন্তব্য
  1. Avatar of M A
    M A says

    আক্ৰমণৰ গৰিহণা প্ৰসংশনীয়। কিন্তু ৰুছদীৰ দৰে হিংসা বিয়পোৱা লেখকক বুকাৰ দিয়াটো অতি পৰিতাপৰ কথা। ধৰ্মীয় বিদ্বেষ সৃষ্টি কৰাত তেওঁৰ লেখাই যচেষ্ট অৰিহণা যোগাই আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More