ৰূপকোঁৱৰে গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান ধ্ৰুপদী গীত-নৃত্যৰে মুখৰিত

‘জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়’ত সংগীত প্ৰতিযোগিতা

0 66

শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২২ মে’: দেশে স্বাধীনতা লাভ কৰাৰ আগতেই তেজপুৰত সংগীত চৰ্চাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ১৯৪০ চনতেই গঢ়ি তোলা জ্যোতি কলা কেন্দ্ৰ সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় উত্তৰপাৰৰ অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে । এই সংগীতৰ অনুষ্ঠানৰ পৰাই দশক দশক ধৰি বহু সংগীতানুৰাগীয়ে সংগীতৰ বিভিন্ন বিষয়ৰ আদিপাঠ গ্ৰহণ কৰি বৰ্তমানে দেশৰ বিভিন্ন প্ৰান্তত একোগৰাকী পাৰদৰ্শী সংগীত শিল্পী হিচাপে পৰিচিতি লাভ কৰিছে । এই জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ে প্ৰতিবছৰেই বিভিন্ন বিভাগৰ শিক্ষাৰ্থী সকলৰ মাজত সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ উমান লৈ আহিছিল যদিও বিগত দুটা বছৰে ক’ৰোণা অতিমাৰীৰ বাবে এই ধাৰাবাহিকতাত যতি পৰিছিল। ইয়াৰ মাজতে এইবাৰ মহাবিদ্যালয়খনে আয়োজন কৰে বিভিন্ন বিভাগৰ প্ৰতিযোগিতা ।IMG 20220522 WA0067 খেয়াল, ভজন, ভায়লিন, তবলা, গীতাৰ, চিত্ৰকলা, সত্ৰীয়া নৃত্য, কথক নৃত্য, ভাৰতনাট্যম, জ্যোতি সংগীত আৰু থলুৱা বা আধুনিক গীতৰ প্ৰতিযোগিতা আয়োজন কৰাৰ পিছত আজিৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে শ্ৰেষ্ঠ প্ৰতিযোগীসকলক বঁটা সমূহ প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ সভাকক্ষত নটৰাজৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ বৰাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰথমে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিশিষ্ট সংগীত শিল্পী লিখন শৰ্মাই আগবঢ়োৱা আদৰণি ভাষণত সংগীত চৰ্চা কৰা আৰু ভগৱানক পূজা কৰা একেই বুলি মন্তব্য কৰি অভিভাৱকসকলক সন্তানে লাভ কৰা পাৰদৰ্শিতাৰ পত্ৰ সমূহ ঘৰৰ কোঠাত সজাই ৰখাত গুৰুত্ব দিয়াতকৈ সংগীতৰ সাধনাত ৰত হ’বলৈ আহ্বান জনায়। আনহাতে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই প্ৰদান কৰা ভাষণত প্ৰসংগক্ৰমে এই মহাবিদ্যালয়ত নিজৰ পত্নীৰ লগতে পুত্ৰ, কন্যাই সংগীত পাঠ গ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰি অসমৰ ভিতৰতেই লেখত ল’বলগীয়া সংগীতৰ অনুষ্ঠানটিৰ অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত সকলো পক্ষকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত ৰাজশ্ৰী ভূঞাই খেয়াল পৰিৱেশন কৰাৰ লগতে বৰ্ণালী মহন্তৰ ভায়লিন বাদন আৰু নৱশ্ৰী কলিতাৰ ভাৰত নাট্যম অনুষ্ঠানে উপস্থিত সকলোকে মুগ্ধ কৰি তোলাৰ পিছত বিশিষ্ট অতিথি ঋতুবৰণ শৰ্মা, পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ বৰা, পৰিচালনা সমিতিৰ উপসাধাৰণ সম্পাদক পংকজ বৰুৱা, সদস্য তথা সাংস্কৃতিক কৰ্মী ইন্দিৰা গগৈ, সম্পাদক মাধৱ চৌধুৰী, সদস্য বসন্ত বৰাই প্ৰতিযোগিতা সমূহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা শ্ৰেষ্ঠ প্ৰতিযোগিতাসকলক পাৰদৰ্শিতাৰ পত্ৰ আৰু মেডেল প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More