ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব– তেজপুৰত মুখ্যমন্ত্ৰী 

পূজাৰ পিছত ১৮ লাখ পৰিয়াললৈ বিনামূলীয়া চাউল

0 31

শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ছেপ্টেম্বৰ: তেজপুৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ কেন্দ্ৰীয়ভাবে আজি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত দিনৰ ১১ বজাত আৰম্ভ হয় এই অনুষ্ঠানৰ৷ এই আঁচনিৰ অধীনত ১৮ বছৰৰ উৰ্ধৰ বিধবা মহিলাক মাহিলী পেঞ্চন আগবঢ়োৱা হয়৷ মাহিলী পেঞ্চনৰ উপৰি ১৮-৪৫ বছৰ বয়সৰ বিধৱা মহিলাক এককালীন ভাবে ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয় আজিৰ অনুষ্ঠানত।২০২২ ৰ পহিলা এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই এই আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব বুলি সভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি শেহতীয়া বানত সম্পূৰ্ণৰূপে ঘৰ বাৰী উটি যোৱা বিপদগ্ৰস্ত পৰিয়াললৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পুনৰ সংস্থাপনৰ উপৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্ত এক লাখ টকাকৈ অনুদান আগবঢ়োৱা হয়।শোণিতপুৰ জিলাৰ পাঁচটা বিধান সভা সমষ্টিৰ ৪৪ টা পৰিয়ালক মুখ্যমন্ত্ৰীয়ে এই অনুদান আগবঢ়ায়৷ উল্লেখযোগ্য যে ৰাজ্যৰ বানত ঘৰভেটি উচন হোৱা মুঠ ৩০৮টা পৰিয়ালক একলাখ টকাকৈ সাহায্য প্ৰদান কৰা হয়৷আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আৰু বান ক্ষতিগ্ৰস্ত সকলৰ ভিতৰত ন গৰাকীক প্ৰতীকী ৰূপত সাহয্যৰ চেক বিতৰণ কৰে৷ ৰাজ্য চৰকাৰে ঘোষণা বিধবা পেঞ্চন,দিব্যাংগ সকলৰ পেঞ্চন কে ধৰি সকলো আঁচনিৰ ধন প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত হিতাধিকাৰী সকলৰ নিজ নিজ বেংক একাউণ্টত আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও ভাষণত কয় মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যত মুঠ আঠ লাখ নতুন হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত নতুন কৈ অন্তৰ্ভুক্ত কৰা হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ইতিমধ্যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত হোৱা জৰীপত নতুনকৈ এই আঁচনিৰ সুবিধা লাভ কৰিবলগীয়া পৰিয়াল চিনাক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে৷আনহাতে একাংশ লোকে এই সময়চোৱাত তেওঁলোকে লাভ কৰা অৰুণোদয় আঁচনি আৰ্থিক ভাবে স্বচ্ছল হোৱাৰ বাবে উভতাই দিয়া বুলিও ভাষণত প্ৰকাশ কৰে৷ অৰুণোদয় আঁচনিৰ অধীনত ছয় লাখ নতুন হিতাধিকাৰীৰ লগতে আন দুইলাখ লোককো সামৰি লোৱা হ’ব বুলি কয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মহিলা সমাজৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে। অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিমাহে ৮৩০ টকাৰে আৰম্ভ কৰা এই আঁচনিখনৰ ধন এহেজাৰ টকাকৈ বৃদ্ধি কৰা হৈছে। অহা কেইদিনমানৰ ভিতৰত আৰু ২৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে বহু পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পোৱা নাই।সেয়ে নতুনকৈ আৰু ১০ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বিনামূলীয়া চাউল লাভ কৰিবলৈ সমর্থ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ শাৰদীয় দুৰ্গা পূজা ৰ পিছত ৫০ লাখ ব্যক্তিক বা ১৮ লাখ পৰিয়ালক বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি,যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আন এখন কাৰ্ড ৰাজ্য চৰকাৰে দিব বিচাৰিছে। এই কাৰ্ডৰ জৰিয়তে তেওঁলোকে পাঁচ লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।তেওঁ ভাষণত মহিয়সী নাৰী ইন্দিৰা মিৰিৰ জীৱন আৰু কৰ্মৰ আলোকপাত কৰি কয় যে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে শৈক্ষিক আৰু সামাজিক বিকাশৰ বাবে যথেষ্ট অবদান আগবঢ়াই গৈছে। জনজাতীয় সমাজখনক শিক্ষাৰ আলোকেৰে আলোকিত কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। এই মহান নাৰীগৰাকীৰ স্মৃতিত ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা আঁচনিখন আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সামৰি নোলোৱা বিধবা মহিলাসকলক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে। পূৰ্বতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ অধীনত হিতাধিকাৰীসকলে নিয়মিত পেঞ্চন লাভ কৰিবলৈ সমৰ্থ হোৱা নাছিল বুলিও ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, বৰ্তমানৰ চৰকাৰৰ পদক্ষেপৰ বাবে প্ৰতি মাহৰ ১০ তাৰিখে এই আঁচনিসমূহৰ ধন হিতাধিকাৰীসকলে লাভ কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিখনৰ অধীনত যিসকলে এতিয়াও উপকৃত হ’ব পৰা নাই তেওঁলোকক গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। আনহাতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক এই আঁচনিখন অধিক জনপ্রিয় কৰি তুলিবলৈও তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে দুমাহৰ ভিতৰতে আর্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বানপানীৰ কবলত পৰা লোকসকলক উদ্ধাৰ আৰু সাহায্য কার্য, শিবিৰত খাদ্য-সামগ্রী যোগান, শিবিৰৰ পৰা অহাৰ সময়ত প্রয়োজনীয় সামগ্রী ক্রয়ৰ বাবে আর্থিক সাহায্য, বানপানীত মৃত্যু হোৱাৰ লোকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ বিষয়টো আলোকপাত কৰে। তেওঁ কয় যে ঘৰ বাৰী উটুৱাই নিয়া পৰিয়ালসমূহক পূৰ্বতে দিয়া ধনৰ উপৰি আজি অতিৰিক্তভাবে এক লাখ টকাকৈ প্ৰদান কৰা হৈছে। শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছভাবে নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ বাবে মেধাসম্পন্ন দৰিদ্ৰ পৰিয়ালৰ সন্তানেও চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হৈছে। অহা ছয়-সাত মাহৰ ভিতৰত এক লাখ লোকক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়।আনহাতে,আজিৰ সভাৰ আৰম্ভণিতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ বাবে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিখনৰ সফল ৰূপায়ণ সম্ভৱ হৈ উঠিছে। এই আঁচনিখনৰ জৰিয়তে বিধবা মহিলাসকল উপকৃত হ’ব পাৰিছে বুলিও তেওঁ কয়। আজিৰ এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত,তেজপুৰৰ সাংসদ পল্লব লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷আনহাতে অনুষ্ঠানৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় “কেগে কৈছে আমাৰ অৰ্থনীতি বেয়া,কিন্তু আমি একলাখ চাকৰি দিছোঁ,আগৰ চৰকাৰে দিব পৰা নাছিল৷আমি অৰুণোদয় দিছোঁ,আগৰ চৰকাৰে দিয়া নাছিল৷আমি ২৫হেজাৰ টকাৰ সাহায্য আঁচনি দিছোঁ৷গতিকে আমাৰ অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল নোহোৱা হ’লে আমি এইবোৰ কৰিব নোৱাৰিলোঁহেতেন৷”তেওঁ লগতে কয়“কেগৰ প্ৰতিবেদন মই পঢ়া নাই, হ’ব পাৰে আমাৰ অৰ্থনীতি দিল্লী মুম্বাইতকৈ বেয়া৷ কিন্তু আগৰ আমাৰ চৰকাৰতকৈ এতিয়া আমাৰ অৰ্থনীতি ভাল৷এতিয়া ২৪-২৫খন চিকিৎসা মহাবিদ্যালয় স্হাপন হৈছে৷ বানপানীত ক্ষতিগ্ৰস্ত সকলৰ বহুতে আগৰ ২০০৯,২০১১,২০১৪ৰে ধন এতিয়ালৈকে পোৱা নাই৷ এতিয়া আমি মাত্ৰ দুমাহৰ ভিতৰতে দিছোঁ৷ গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল হ’ব লাগিব৷” মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয় যে সকলো বিভাগৰে পাবলৈ বাকী থকা বিল ৩১মাৰ্চৰ আগতে সম্পূৰ্ণকৈ আদায় দিয়া হৈছে৷আনহাতে,ভাষণত কোৱা কথাকেই পাছত সুধিলে পুনৰ সেই বিষয়ে নকয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,বিদ্যুতৰ বিলৰ বৃদ্ধি সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছিল আৰু এই সমীক্ষাত কিছুলোকৰ ঘৰত মিটাৰ ৰিডিঙত বিসংগতি ধৰা পৰাৰ লগতে বাকী একাংশই তেওঁলোকে গৰমৰ বাবে অধিক বিদ্যুৎ খৰচ কৰা বুলি জনাইছে৷বিদ্যুৎ বিলৰ বিসংগতি দূৰ কৰিবলৈ এপিডিচিএলে বিজ্ঞাপন প্ৰকাশ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে দৰিদ্ৰৰ বাবে আঁচনি ৰূপায়ণ কৰিবৈ লাগিব বুলি বিনামূলীয়া আঁচনিৰ সপক্ষে মত প্ৰকাশ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে বিপদত পৰা লোকক যদি সহায় কৰা নহয় তেনেহলে চৰকাৰৰ প্ৰয়োজন ক’ত !

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More