ৰেমলৰ বাবে লখিমপুৰত এলাৰ্ট জাৰি

0 110

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মেঃ  লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে সাম্প্ৰতিক ঘূৰ্ণী বায়ুজনিত পৰিঘটনাৰ বাবে আজি জিলাখনত সতৰ্কবাণী জাৰি কৰিছে।images 16 এক নিৰ্দেশত অতিৰিক্ত জিলা আযুক্ত তথা মুখ্য কার্যবাহী বিষয়াই কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতর্কবাণীৰ মতে ২৮ আৰু ২৯ মে ২০২৪ তাৰিখে বংগোপসাগৰৰ ওপৰেৰে বিকশিত হোৱা আৰু উত্তৰ দিশে আগবাঢ়ি অহা তীব্র ঘূর্ণীবতাহ “ৰেমল’ৰ বাবে অসম আৰু অসমৰ বেছিভাগ দক্ষিণ অংশত ধাৰাসাৰ বৰষুণ আৰু বতাহ আহিব বুলি ধাৰণা কৰা হৈছে আৰু এই ঘূর্ণীবতাহে লখিমপুৰ জিলাকো প্ৰভাৱিত কৰিব পাৰে। ৰাইজৰ সুৰক্ষা আৰু জ্ঞাতার্থে নিম্নলিখিত পৰামৰ্শ লানি জাৰি কৰা হৈছে:
১. ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সময়ত বাহিৰলৈ নাযাব আৰু সেই সময়ত ধুমুহা/বজ্রপাতৰ পৰা বাচিবলৈ মুকলি পথাৰলৈ যোৱাতো আৰু কৃষি কর্ম পৰিহাৰ কৰিব।
২. দ-পানী জমা হোৱা আৰু আকস্মিক বানপানীত আক্ৰান্ত হোৱা অঞ্চললৈ যোৱা পৰিহাৰ কৰিব।
৩. উক্ত সময়ত হাত-নাও/ মেচিন-নাও চলোৱা ও যাত্রা কৰা পৰিহাৰ কৰিব।
৪. যিকোনো পাৱাৰ লাইন বা বৈদ্যুতিক খুটা ক্ষতিগ্রস্ত হোৱা দেখিলে, স্পর্শ নকৰিব আৰু লগে লগে শক্তি-বিভাগ/ এপিডিটিএল (APDCL) কর্তৃপক্ষক অৱগত কৰিব।
৫. বতৰৰ পূর্বানুমান সতর্কবাণী অনুসৰণ কৰক।
৬. যিকোনো জৰুৰী কালীন অৱস্থাৰ বাবে, জিলা নিয়ন্ত্রণ কক্ষ (DEOC), লখিমপুৰৰ সৈতে যোগাযোগ কৰক:- ০৩৭৫২- ২৪৫৭৬১/১০৭৭.

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More