ৰোনাল্ডোৰ অবিশ্বাস্য অভিলেখ

কঠিন যুঁজত পৰ্তুগালৰ জয়

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : শীৰ্ষ দহৰ ভিতৰত পৰ্তুগাল। আনহাতে ৰেংকিঙৰ ক্ষেত্ৰত ঘানা বিশ্বকাপত অংশগ্ৰহণ কৰা অন্যতম নিম্ন স্থানৰ দল। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দলৰ বহু পিছৰ দল; কিন্তু ইভেণ্টৰ বিশ্বকাপত পৰ্তুগালৰ সৈতে তুলনা কৰিব নোৱৰা দলটোৱে ৰোনাল্ডোৰ ওপৰত পৰ্যাপ্ত হেঁচা প্ৰয়োগ কৰিলে। খেলখনৰ সময়ত প্ৰশিক্ষক ফাৰ্নাণ্ডো ছান্টোছে বেছি সময় শিথিল হৈ থাকিব নোৱাৰিলে। কপালখন কেইবাবাৰো কোঁচ খালে। ৬৬ নম্বৰ স্থানৰ আফ্ৰিকান দলটোৱে ৩-২ গ’লৰ ব্যৱধানত খেলপথাৰৰ পৰা ওলাই অহাৰ পূৰ্বে কেইছেকেণ্ডমানলৈকে পতুৰ্গালক নিয়ন্ত্ৰণত ৰাখিছিল। অৱশ্যে পৰ্তুগালে কুণ্ঠাবোধ কৰা নাছিল। চি আৰ চেভেনে বিশ্বকাপৰ মঞ্চত এক বিৰল নজিৰ গঢ়ি তুলিছিল চি আৰ ছেভেনৰ গ’লেৰে পেনাল্টিৰ পৰা পৰ্তুগালে অগ্ৰগতি লাভ কৰিছিল।

বিতৰ্কৰ সৈতে কাটাৰলৈ আহিছিল ক্রিষ্টিয়ানো ৰোনাল্ডো। কিন্তু বাহিৰৰ জগতৰ কোলাহলে তেওঁক বিশেষ স্পৰ্শ কৰা নাছিল, খেলপথাৰতে তেওঁৰ উত্তৰ দিলে। তেওঁৰ বয়সৰ ব্যৱধান যিমানেই গধুৰ নহওক কিয়, মেচখনৰ আৰম্ভণিৰে পৰাই কঁপি উঠিল বিপক্ষৰ শিবিৰ। খেলখনৰ দশম মিনিটত ৰূপালী পাছৰ পৰা বাৰ্নাৰ্ডোৱে এক সুন্দৰ সুযোগ লাভ কৰে। সেইটো ব্যৰ্থ হ’ল। খেলখনৰ প্ৰথমটো গ’ল চাবলৈ বহু দেৰি হৈছিল। ঘানাৰ ৰক্ষণশীল আধিপত্যই প্ৰথমাৰ্ধত পৰ্তুগীজৰ আক্ৰমণত বিশেষ সহায় কৰা নাছিল। ফলত ৪৫ মিনিটলৈকে স্ক’ৰলাইন আছিল ০-০। দ্বিতীয়াৰ্ধত মেচখন ছন্দলৈ ঘূৰি আহিল। ৰোনাল্ডোৰ আক্রমণ। প্রতিটো আক্রমণতে গুৰুত্ব দিবলৈ ধৰিলে। খেলখনৰ ৬৫ মিনিটত চি আৰ চেভেনে পেনাল্টি দি পৰ্তুগালক অগ্ৰগতি লাভ কৰে। বহু প্ৰত্যাশিত মুহূৰ্তটো। একে সময়তে পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীয়ে পাঁচখন বিশ্বকাপত গ’ল দিয়া প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়।

ঘানাই ৰোনাল্ডোক সঁহাৰি জনাবলৈ বেছি সময় নালাগিল। ৭৩ মিনিটত পৰ্তুগালৰ ৰক্ষণাত্মক ভুলৰ সুযোগ লৈ আন্দ্ৰে আয়েৱে সমতা স্থাপন কৰে। অঘটন! এই অঘটনে ফুটবল অনুৰাগীৰ মনলৈ প্ৰশ্ন আনিলে— ৰণাল্ডোৱে অভিলেখ সৃষ্টি কৰা নিশাটো পতুৰ্গালৰ বাবে বিফলে যাব নেকি? কেইমিনিটমানৰ ভিতৰতে জোৱাও ফেলিক্সৰ এক আচৰিত গ’লেৰে ভয়টো লাঘৱ হৈ পৰিল। বিকল্প হিচাপে ৰাফেল লিয়াওৱে খেলপথাৰত প্ৰৱেশ কৰি দুমিনিটমানৰ ভিতৰতে ব্যৱধান বৃদ্ধি কৰে। ৩-১ৰ পৰিস্থিতিৰ পৰা উভতি অহাৰ কোনো সুযোগ নাই ঘানাৰ। যদিও দৰ্শকে তেনেকৈয়ে ভাবিছিল, ঘানাই হাৰ নামানিলে। ৮৯ মিনিটত উছমান বুখাৰীৰ গ’লেৰে ব্যৱধান কমি যায় আৰু দলটোৱে মেচলৈ ঘূৰি অহাৰ সংকেত দিয়ে। এই গ’লৰ ঠিক আগতেই ৰোনাল্ডোক খেলপথাৰৰ পৰা উলিয়াই আনে ফাৰ্নাণ্ডো ছান্টোছে। ৯ মিনিটৰ সংলগ্নতাৰ সময়তো স্নায়ুৰ উত্তেজনাপূৰ্ণ যুদ্ধ চলি থাকে। এই সময়ছোৱাত ঘানাই দুটা সুযোগ সৃষ্টি কৰিছিল যদিও সফল নহ’ল। আফ্ৰিকান দলৰ দৃঢ়তাক মষিমূৰ কৰি পৰ্তুগালে মুখত হাঁহি লৈ খেলপথাৰ এৰিলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More