২৯ এপ্ৰিলৰ পৰা কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ হ’ব

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

0 21

শতাব্দ প্ৰতিনিধি, গুৱাহাটী ২২ এপ্ৰিলঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা সাতখন কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে অন্যতম কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ত আজি পুৱা ৮ বজাতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ চিকিৎসালয়খন উদ্বোধনৰ বাবে চলি থকা অন্তিম প্ৰস্তুতি নিৰীক্ষণ কৰে। নিৰ্মীয়মান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় চৌহদতে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই কৰ্কট চিকিৎসালয়খনিও অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। ইতিমধ্যে কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ৰ বাবে নিযুক্ত কৰ্কট ৰোগৰ চিকিৎসক, নাৰ্ছ, লেবৰেটৰী এছিছটেণ্ট, ৰেডিঅ’লজী এছিছটেণ্ট আদিয়ে যোগদান কৰিছে। শুভ উদ্বোধনৰ পাছতে অহা ২৯ এপ্ৰিলৰ পুৱাৰে পৰা এই কৰ্কট চিকিৎসালয়তো কৰ্কট ৰোগীৰ বাবে বহিঃ চিকিৎসা সেৱা (অ’পিডি) আৰম্ভ হ’ব। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত কোকৰাঝাৰ (পূৱ) সমষ্টিৰ বিধায়ক ল’ৰেন্স ইছলাৰী, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিআৰ প্ৰশাসনৰ প্ৰধান সচিব অনুৰাগ গোৱেল, বিটিচিৰ স্বাস্থ্যসেৱা বিভাগৰ সচিব ডাঃ কৃষ্ণা কেম্প্ৰাৰ লগতে আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ৰ প্ৰকল্প মূৰব্বী, নিৰ্মাণকাৰী সংস্থা এলএণ্ডটিৰ প্ৰকল্প প্ৰৱন্ধক আৰু নিৰ্মাণকাৰ্যৰ গুণগত মান নিৰীক্ষণকাৰী ম’ট মেকডনাল্ডৰ সহকাৰী প্ৰৱন্ধকো উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More