সোমবাৰৰ পৰা দিল্লীত ‘ৰাইছিনা ডাইলগ’

৯০ খন ৰাষ্ট্ৰৰ ২১০ গৰাকী বক্তাই ভাষণ প্ৰদান কৰিব

0 14
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ সোমবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব সপ্তম ‘ৰাইছিনা ডাইলগ’। ২০১৬ চনৰে পৰা প্ৰতি বছৰেই নতুন দিল্লীত অনুষ্ঠিত হৈ অহা এই সন্মিলনখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন অতি গুৰুত্বপূৰ্ণ বৈঠক। ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই সন্মিলনখন ভাৰতবৰ্ষৰ বাবে এখন সন্মানীয়, মৰ্যদাপূৰ্ণ মঞ্চ। ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ‘অৱজাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যন’ৰ সহযোগত এই সন্মিলনখনৰ আয়োজন কৰে। ভাৰত চৰকাৰৰ হৃদপিণ্ড স্বৰূপ দিল্লীৰ সৰু পাহাৰীয়া অঞ্চল ‘ৰাইছিনা’ৰ নামেৰেই নামকৰণ কৰা ‘ৰাইছিনা ডাইলগ’ত সাধাৰণতে বিশ্ব সম্প্ৰদায়ে সমকালীন সময়ত সন্মুখীন হোৱা জটিল প্ৰত্যাহ্বান সমূহৰ বিষয়ে আলোচনা হয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতৃবৃন্দৰ লগতে উদ্যোগ-বাণিজ্য, সংবাদ মাধ্যম আৰু নাগৰিক সমাজৰ লগত জড়িত শীৰ্ষ ব্যক্তিসকলে ‘ৰাইছিনা ডাইলগ’ত প্ৰতি বছৰেই বিশ্বৰ সন্মুখত দেখা দিয়া বিভিন্ন সমসাময়িক সমস্যা সমূ্হৰ সমাধানৰ পথ নিৰূপণ আৰু এই ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়।
২৫ ৰ পৰা ২৭ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ সন্মিলনখনে ক’ভিডোত্তৰ পৰিস্থিতি আৰু ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত অধিক গুৰুত্ব লাভ কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সংবাদ মাধ্যমক জনোৱা মতে সপ্তমবাৰৰ বাবে আয়োজন কৰা এইবাৰৰ সন্মিলনখনত বিভিন্ন বিষয়ৰ ওপৰত মুঠ এশ খন বৈঠক সুকীয়া সুকীয়াকৈ অনুষ্ঠিত হ’ব আৰু ইয়াত প্ৰায় ৯০ খন ৰাষ্ট্ৰৰ ২১০ গৰাকী বক্তাই ভাষণ প্ৰদান কৰিব। মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে জনাইছে যে, ইতিমধ্যে আৰ্জেণ্টিনা, আৰ্মেনিয়া, গুয়েনা, নাইজেৰিয়া, নৰৱে, লিথুৱানিয়া, পোলেণ্ড, লাক্সেমবাৰ্গ, মাদাগাস্কাৰ, পৰ্টুগাল, ফিলিপাইনছ, নেদাৰলেণ্ড, শ্ল’ভেনিয়া আদি দেশৰ বিদেশ মন্ত্ৰীসকলে যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে। সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া তিনিদিনীয়া সন্মিলনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয় সংঘৰ সভাপতি উৰ্শ্বুলা ভন ডাৰ লেয়েন। অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী।সপ্তম সংস্কৰণৰ ‘ৰাইছিনা ডাইলগ’ৰ মূল বিষয়-বস্তু হৈছে, “Terranova – Impassioned, Impatient, Imperilled”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More