নিৰ্মাণৰত যোৰহাট-মাজুলী সংযোগী দলঙৰ দুটাকৈ খুটাত মেলিছে বৃহৎ ফাট

প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্যত বিসংগতি দেখি স্তম্ভিত মাজুলীবাসী

0 41

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী,১ মে’:  যোৰহাট-মাজুলী সংযোগী দলং যোৱা বৰ্ষৰ ২৯ নৱেম্বৰত শুভাৰম্ভ কৰিছিল। ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ আগেয়ে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উভয় চৰকাৰে লক্ষ্য স্থিৰ কৰাত বৰ্তমান যোৰহাট মাজুলী সংযোগী দলঙৰ মাজুলীৰ দিশৰ কেইবাটাও খুটাৰ পাইলি‌ং ( piling )ৰ কাম অব্যাহত আছে। দলঙৰ মুঠ ৫৩ টা খুঁটাৰ ভিতৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই শুভাৰম্ভ কৰা দলঙৰ প্ৰথমটো খুঁটাকে ধৰি এতিয়ালৈকে মুঠ ১২ টা খুঁটাৰ প্ৰায় ৩০-৪০ ফুট গভীৰতালৈ পাইলিং হৈ উঠিছে। কিন্তু দলংখনৰ মাজুলী দিশৰ খুঁটা সমূহৰ নিৰ্মাণ কাৰ্য্য অব্যাহত থকাৰ মাজতে ৬ আৰু ৮ নম্বৰৰ দুটাকৈ খুটাত প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হৈছে। কালি স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে দলংখনৰ কাম-কাজ চাবলৈ যোৱাৰ সময়তে দলঙৰ ৮ নম্বৰৰ খুটাটোত থকা ফাট প্ৰথমে পৰিলক্ষিত হোৱাৰ পিছত দলংখনৰ ৬ নম্বৰৰ খুটাটো এটা প্ৰকাণ্ড ফাট পৰিলক্ষিত হয়। বিষয়টো পোহৰলৈ অহাৰ পিছতেই নিশাৰ ভাগতে দলংখনৰ মূল নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation ৰ নিৰ্দেশত ৮ নম্বৰৰ খুটাৰ ফাটটো মেৰামতি কৰি মাটিৰে ঢাকি দি অনিয়ম ঢাকি পেলোৱাৰ চেষ্টা কৰে। দলঙৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য্যতে সংঘটিত উক্ত অনিয়মৰ খবৰে মাজুলীৰ ৰাইজক স্তম্ভিত কৰি তুলিছে। ইফালে এই অনিয়মৰ কথা পোহৰলৈ অহাত আজি পুৱাই মাজুলীৰ এটি সাংবাদিকৰ দল দক্ষিণপাটৰ দলং নিৰ্মাণ স্থলীত উপস্থিত হোৱাৰ পিছতেই স্থানীয় ৰাইজেও দলঙৰ উক্ত খুঁটা দুটাত ফাট মেলাৰ কথা জানিবলৈ দি অনিয়ম ঢকাৰ স্বাৰ্থতে মাটিৰে খুটাৰ ফাটটো ঢাকি দিয়ে বুলি জানিবলৈ দিয়ে। আনহাতে এই ঘটনাৰ পিছতেই আজি মাজুলীত আহি উপস্থিত হয় ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্য। সাংবাদিকৰ দল আৰু স্থানীয় সংগঠনৰ প্ৰতিনিধিয়ে দলঙৰ বিসংগতিৰ চৰজমিন তদন্ত কৰি থাকোতেই দলংখনৰ মূল নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation ৰ বিষয়া- অভিযন্তাক লগত লৈ ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্য উপস্থিত হোৱাৰ পিছতেই নিৰ্মাণকাৰী সংস্থাৰ বিষয়া-অভিযন্তাৰ সৈতে স্থানীয় সংগঠনৰ লোকৰ তীব্ৰ যুক্তি তৰ্ক হয়। মাজুলী জিলা যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰা আৰু অলিন হাজৰিকাৰসহ স্থানীয় ৰাইজে নিৰ্মাণকাৰী সংস্থাক অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেঁওলোকে অভিযোগ নস্যাৎ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পিছতেই নিৰ্মাণস্থলীত মাজুলীৰ বিধায়ক ভূৱন গামে বিভাগীয় উচ্চ পদস্থ বিষয়াসহ উপস্থিত হৈ মাটিৰে পুতি পেলোৱা দলঙৰ ৮ নম্বৰৰ খুটাৰ বৃহৎ ফাট মেলা অংশ জে চি বিৰে খান্দি চোৱাৰ লগতে খুটাটো সঠিক মতে পাইলিং কৰা হৈছে নে নাই কোম্পানীৰ বিষয়াৰ পৰা সবিশেষ জানিবলৈ বিচাৰে।খুঁটাৰ বিসংগতি প্ৰত্যক্ষ কৰি মাজুলীৰ বিধায়ক ভূৱন গামে মাজুলীৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণ অতি নিখুঁত ভাৱে হব লাগিব বুলি কোৱাৰ লগতে মাজুলীৰ ৰাইজক দলঙৰ কাম কাজত সমানে চকু ৰাখিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে ভাৱে দলঙৰ অনিয়মৰ খবৰৰ পিছতে মাজুলীৰ উপায়ুক্ত পুলক মহন্ত দলং নিৰ্মাণস্থলীত উপস্থিত হৈ ফাট মেলা ৮ নম্বৰৰ খুঁটাৰ নিৰ্মাণ কাৰ্য সাময়িক ভাৱে বন্ধ কৰি দিয়ে। অভিযোগ অনুসৰি দলঙৰ চোৱাচিতাৰ দায়িত্বত মাজুলীৰ লোক নিৰ্মাণ (পথ) বিভাগৰ ক্ৰমে সহকাৰী অভিযন্তা কিৰণ শইকীয়া, কণিষ্ঠ অভিযন্তা ৰাজীৱ শইকীয়া আৰু উত্তম দলেক দায়িত্ব দিয়া হৈছিল যদিও উক্ত অভিযন্তা কেইজন নিৰ্মাণস্থলীলৈ নাহে। যাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণকাৰী সংস্থাই উক্ত অনিয়ম সংঘটিত কৰিব পাৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। দলঙৰ নিৰ্মাণস্থলীত লোক নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ এক শাখা কাৰ্যালয় থাকিব লাগে যদিও আজিকোপতি নিৰ্মাণস্থলীত স্থাপন নহল কাৰ্যালয়। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্যই দলংখনৰ অনিয়ম সন্দৰ্ভত লোক নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ মুখ্য কাৰ্যবাহী অভিযন্তাক প্ৰতিবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দলং সংযোগী পথৰ সৈতে মুঠ ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী-যোৰহাটৰ মাজত বহু প্ৰত্যাশিত দলংখনৰ কাম সময়মতে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত উভয় চৰকাৰৰ অৰ্থনৈতিক সক্ষমতাৰ ওপৰত যদিও নিৰ্ভৰ কৰিব তথাপি দলংখনৰ কাম যাতে নিখুঁত ভাৱে হয় তাৰ ওপৰত মাজুলীৰ ৰাইজে বিশেষ চকু ৰখাৰ উপৰি ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰক দলংখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে যোৰহাট -মাজুলীৰ দলঙৰ বাবে মুঠ ৯২৫.৪৭ কোটি টকা ব্যয় হব যদিও ৬০০.৫৩ কোটি টকা মূল দলঙৰ কামত ব্যয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More