দেশৰ কিছু অংশত ভূপৃষ্ঠৰ তাপমাত্ৰা ৬০ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ আশংকা

শস্যক্ষেত্ৰ, কৰ্মক্ষেত্ৰ সকলোতে পৰিব প্ৰভাব

0 40

শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে’: বা-মাৰলী, ভূমিকম্প নহয়, অধিক উষ্ণপ্ৰৱাহৰ দৰে প্ৰাকৃতিক পৰিঘটনাৰে ভয়ানক দুৰ্যোগৰ সন্মুখীন হৈছে ভাৰতবৰ্ষ। ক্ৰমাৎ বৃদ্ধি পাই আহিছে দেশখনৰ বায়ুমণ্ডল, ভূপৃষ্ঠৰ তাপমাত্ৰা। গ্ৰীষ্মকাল অহাৰ পূৰ্বেই অসহনীয় হৈ পৰিছে জনজীৱন। গোলকীয় উষ্ণতাৰ তাপে এতিয়া দহিবলৈ আৰম্ভ কৰিছে শস্যক্ষেত্ৰ, কৰ্মক্ষেত্ৰ সকলোতে। যোৱা শনিবাৰে এখন সংবাদমেলত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মহানিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই কৈছে যে, মে’ মাহতো দেশৰ উত্তৰ-পশ্চিম আৰু মধ্য অংশত এই উষ্ণপ্ৰৱাহৰ পৰিস্থিতি অব্যাহত থাকিব। তেওঁৰ মতে এই অঞ্চলসমূহত গড় তাপমাত্ৰা ৩৫.৯ ৰ পৰা ৩৭.৭ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত থাকিব।মহানিৰ্দেশক গৰাকীৰ সংবাদ মেলৰ সমান্তৰালকৈ ইউৰোপীয় মহাকাশ সংস্থাই দাবী কৰিছে যে, উত্তৰ-পশ্চিম ভাৰতৰ বহুবোৰ অঞ্চলত ভূপৃষ্ঠৰ তাপমাত্ৰাই ৫৫ ডিগ্ৰী চেণ্টিগ্ৰেড স্পৰ্শ কৰিব আৰু কেইবাখনো ঠাইত আনকি এই তাপমাত্ৰা ৬০ ডিগ্ৰী চেণ্টিগ্ৰেড হ’বগৈ। INSAT 3D, Copernicus Sentinel 3 আৰু নাছাৰ উপগ্ৰহৰ চিত্ৰৰ পৰা লাভ কৰা এই তথ্যই বিজ্ঞানীসকলৰ মাজত এনে অতি উচ্চ তাপমাত্ৰাই সৃষ্টি কৰিব পৰা বিষম পৰিস্থিতিৰ সন্দৰ্ভত দু:চিন্তা বৃদ্ধি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিজ্ঞানী অসীম মিত্ৰয়ো এই তথ্যপাতিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছে যে, বিভিন্ন উপগ্ৰহৰ সংবেদকসমূহৰ পৰা লাভ কৰা ভূপৃষ্ঠৰ তাপমানৰ তথ্যৰ শুদ্ধতা আছে। ভাৰতৰ উত্তৰ-পশ্চিম অংশৰ কিছু কিছু ঠাইত ২৯ এপ্ৰিল তাৰিখৰ পুৱা ১০ বাজি ৩০ মিনিটত ভূপৃষ্ঠৰ তাপমান সৰ্বোচ্চ ৬২ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ তথ্য কেইবাটাও উপগ্ৰহৰ পৰা প্ৰাপ্ত হৈছে। ইউৰোপীয় মহাকাশ সংস্থাৰ তথ্য অনুযায়ী ২৯ এপ্ৰিলত জয়পুৰ আৰু আহমেদাবাদত ভূপৃষ্ঠৰ তাপমান আছিল ৪৭ ডিগ্ৰী চেণ্টিগ্ৰেড।79f662fc01cd13702608e913e1f86150 XL
আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মহানিৰ্দেশক গৰাকীয়ে উপগ্ৰহীয় এই তথ্য সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰি কয় যে, “উপগ্ৰহসমূহে যিহেতু ভূপৃষ্ঠৰ প্ৰায় ৩৬,০০০ ফুট উচ্চতাৰ পৰা চিত্ৰ সংগ্ৰহ কৰে, সেয়ে এই তথ্য সমূহ পুনৰীক্ষণ কৰাটো জৰুৰী আৰু পোনচাতেই ইয়াক মানি ল’ব নোৱাৰি। ভাৰতবৰ্ষৰ ৰাজস্থানত লিপিৱদ্ধ হোৱা ৫২.৬ ডিগ্ৰী চেণ্টিগ্ৰেডেই এতিয়ালৈকে দেশখনৰ সৰ্ব্বোচ্চ তাপমাত্ৰা। যথাযথ পৰ্যবেক্ষণ নকৰাকৈ এনেবোৰ তথ্যৰ প্ৰচাৰে মানুহৰ মাজত ভয় আৰু আতংকৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে আৰু সেয়ে আমি দায়িত্বশীল হোৱাটো উচিত।” সি যিয়েই নহওক, এইবাৰ গ্ৰীষ্মকালৰ সময়ছোৱা দেশবাসীৰ বাবে বৰ সুখকৰ নোহোৱাৰ সম্ভাৱনাই অধিক আৰু আহিবলগীয়া বছৰসমূহতো উৎকট তাপপ্ৰবাহে যে প্ৰলয় সৃষ্টি কৰিব সেয়াও একপ্ৰকাৰ নিশ্চিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More