মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতিপূৰ্ণ নিৰ্মাণক লৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ নাগৰিক সভা

১৫ দিনৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ

0 31

শতাব্দ প্ৰতিনিধি,মাজুলী,১৬ মে’: মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মাণ দলঙৰ খুঁটা বিসংগতিৰে নিৰ্মাণ কৰা ফলস্বৰূপে দলঙৰ খুঁটাত বৃহৎ ফাট ধৰা পৰাত মাজুলীত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।নিৰ্মীয়মাণ দলঙৰ দুটা খুটাত বিসংগতি দেখাৰ লগে লগে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই তৎপৰতাৰে মাজুলীৰ সমূহ সংগঠন আৰু ৰাইজক একত্ৰিত কৰি আজি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন নাগৰিক সভা অনুষ্ঠিত কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই । বক্তব্য প্ৰসংগত আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই নিৰ্মিয়মান দলং মাজুলীবাসীৰ প্ৰাপ্য । এই দলং সময় মতে নিৰ্মাণ শেষ হ’ব লাগিব আৰু যি সমূহ আঁসোৱাহ আছে এই সম্পৰ্কত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি মাজুলীবাসীক শংকামুক্ত কৰিবলৈ আহ্বান জনায় । আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে ফেৰী ভাড়া কোনো কাৰণত আভ্যন্তৰীণ জলপৰিবহণ বিভাগে যাতে দুগুণ নকৰে তাৰ বাবে আহ্বান জনায় । সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞাই এই দলঙৰ আঁসোৱাহ দূৰ কৰিবৰ বাবে বিভাগ তথা চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দলঙৰ খুটা সমূহ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰিব লাগে বুলি বক্তব্য আগবঢ়ায়। সভাত সাহিত্য সভাৰ প্ৰভাত বুঢ়াভকত, জ্যেষ্ঠ নাগৰিক সন্থাৰ হৈ উমাকান্ত ৰাজখোৱা, সমাজকৰ্মী বীৰেণ শইকীয়া, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দাস, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক নীলকমল শইকীয়া, সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা, শিক্ষা কোষৰ সভাপতি ঘনকান্ত নাথ, সম্পাদক ৰঞ্জিত সেন, পূব মাজুলী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা, মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আনন্দ হাজৰিকা, জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, মাজুলী আউনীআটী হেমচন্দ্ৰ উঃমাঃবিঃৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ কৰুণা বৰা, প্ৰাক্তন আছু নেতা দুলাল ভূঞা, ভৰত দত্ত, সমাজ কৰ্মী প্ৰতাপ বৰুৱাৰ লগতে মাজুলী বহু বিশিষ্ট নাগৰিক, শিক্ষাবিদ, বিভিন্ন সংগঠনৰ নেতৃবৃন্দ, সাংবাদিক সন্থা, আপকুৰ বিষয়ববীয়া সকলে উপস্থিত থাকি মনৰ ভাব ব্যক্ত কৰাৰ লগতে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিশেষকৈ মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতি থকা ৮ আৰু ১১ নম্বৰ খুঁটাৰ লগতে বাকী ১০ টা খুটাও উচ্চ পৰ্যায়ৰ বিশেষজ্ঞই পৰীক্ষা কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । লগতে দলং নিৰ্মাণ কাম স্থবিৰ নকৰি বিজ্ঞান সন্মত ভাবে বিশেষজ্ঞৰ উপস্থিতিত দলং নিৰ্মাণ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । লগতে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱাৰ যি দুগুণ ভাড়াবৃদ্ধি হৈছে এই সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগে শীঘ্ৰে বাতিলৰ বাবে সভাই দাবী জনাইছে । এই প্ৰস্তাৱ সমূহ মাজুলীৰ বিধায়কৰ যোগেদি মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নাগৰিক সভাই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More