যোৰহাটত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদানৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই জগত সভাত প্ৰতিষ্ঠা লাভ কৰিছে 

0 420

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৬ মে’ : “অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মানৱ কল্যাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক জগত সভাত প্ৰতিষ্ঠা কৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদান আগবঢ়াইছিল । এই গৰাকী অসমৰ সুযোগ্য সন্তানক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতিটো খোজতে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। ” – আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত আৰু যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত জিলা শাখাৰ নামঘৰত অনুষ্ঠিত ” কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ ” স্মাৰক বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই এনেদৰে কয় । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ সঞ্চালনাত অনুষ্ঠিত স্মাৰক বক্তৃতা অনুষ্ঠানত ড° মৃণাল কুমাৰ বৰুৱা আৰু ড° মানস প্ৰতীম বৰা সম্পাদনাত প্ৰকাশিত ” মুখ্যেশ্বৰ শইকীয়া ব্যক্তি আৰু ব্যক্তিত্ব ” শীৰ্ষক স্মাৰক গ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰনাথ ডেকাই । স্মাৰক গ্ৰন্থ উন্মোচন কৰি ডেকাই কয় যে এজন সফল পূৰ্ণাঙ্গ মানুহক চিৰ স্মৰণীয় কৰি ৰখাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই চলাই অহা এই পদক্ষেপে উঠি অহা প্ৰজন্মক জাতিৰ হকে কাম কৰাত অনুপ্ৰেৰণা লাভ কৰিছে । মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ হাজৰিকাই কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতাই সমাজৰ সাংগঠনিক ভেটি গঢ়াত যি অৱদান আগবঢ়াই থৈ গৈছে সেই কথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উত্তৰণে সোঁৱৰাই দিয়ে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ এটা খণ্ড যোৰহাট জিলাত চলিত বৰ্ষত শুভাৰম্ভ কৰা প্ৰচেষ্টা চলোৱা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । স্মাৰক বক্তৃতা অনুষ্ঠানতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সদস্য মহীয়ান শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন ফুকন আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক অনন্ত বৰুৱাই এক লাখ টকা কৈ বৰঙণি আগবঢ়ায় । স্মাৰক বক্তৃতাৰ নিৰ্দিষ্ট বক্তা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন মুলৰ সদস্য ৰূপেশ্বৰ নেওগ কয় যে কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াই কোন জন মানুহে সমাজত কি কাম কৰিব পাৰে সেই সম্পৰ্কে চিনাক্ত কৰি সেইজনক সেই কামৰ দায়িত্ব অৰ্পণ কৰে । ইয়াৰোপৰি মানবীয় প্ৰমূল্যৰে সমাজখন ধৰি ৰখা যি অৱদান আগবঢ়াই থৈ গৈছে সেই কথা আজি অনুভৱ কৰে। মুখ্যেশ্বৰ শইকীয়া একেধাৰে সমাজ সংগঠক , অভিনেতা , শিল্পী , লেখক আৰু শিক্ষাবিদ এই গুণ বোৰ এজন মানুহৰ মাজত থকাটোৱে সমাজৰ প্ৰগতি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । স্মাৰক বক্তৃতা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ডাঃ দুৰ্লভ পাঠক আৰু ফুনু বৰা গগৈ । স্মাৰক বক্তৃতা অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ১৬ খন আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কাৰ্যনিৰ্বাহ সদস্যসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানটি শুভাৰম্ভ কৰে শিল্পী মৰম তৃষ্ণা বৰুৱা বৰগীতে । অনুষ্ঠান আঁত ধৰে কেন্দ্ৰীয় সেৱা বাহিনী অধিনায়ক শঙ্কৰ প্ৰসাদ ৰায় আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক দ্বীজেন শইকীয়াই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More