কৰ্ম সংস্থাপন প্ৰয়াসীৰ বাবে বিচিত্ৰ ডেকাই গঢ়িছে কমাৰশাল–জ্ঞানম

৩৭ যুৱক - যুৱতীয়ে লাভ কৰিলে আৰক্ষীৰ চাকৰি

0 160

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৬ মেঃ তেজপুৰৰ এগৰাকী উদ্যমী শিক্ষিত যুৱক । এই যুৱক গৰাকীয়ে ২০১৮ চনতেই গঢ়ি তোলা ‘‘জ্ঞানম কচিং চেন্টাৰ ” নামৰ এক অনুষ্ঠানৰ জৰিয়তে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে বৰ্তমানলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰশ যুৱক-যুৱতীৰ চৰকাৰী চাকৰি নিশ্চিত কৰি আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তোলা ঘটনাই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে । নিজৰ এই পাঠদান অনুষ্ঠানত শিক্ষাৰ্থীসকলক যিকোনো চৰকাৰী চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰাকৈ তাত্বিক দিশ আৰু শাৰীৰিক শিক্ষা সমানে প্ৰদান কৰি শিক্ষাৰ্থী সকলক পাৰদৰ্শী কৰি তোলা পৰিলক্ষিত হৈছে । এনে প্ৰচেষ্টাৰ মাজতেই তেজপুৰৰ নিকটৱৰ্তী পটিয়া চুবুৰী ৰঙাপুখুৰীৰ নিৱাসী বিচিত্ৰ ডেকা নামৰ এই উদ্যমী শিক্ষিত যুৱকগৰাকীৰ জ্ঞানম কচিং চেন্টাৰত পাঠ গ্ৰহণ কৰি শেহতীয়াকৈ অসম চৰকাৰৰ আৰক্ষী কনিষ্টবল পদত ৩৭ গৰাকীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হয় । সৰ্বমুঠ ৫৯ গৰাকী এনে পদৰ শিক্ষাৰ্থীৰ ভিতৰত ৩৭ গৰাকীয়ে শেহতীয়াকৈ আৰক্ষী কনিষ্টবলৰ নিযুক্তি লাভ কৰাৰ পিছত আজি কচিং চেন্টাৰটিত আটাইকেইগৰাকী নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে বিচিত্ৰ ডেকাই । অভিনন্দন গ্ৰহণ কৰি সকলো চাকৰি লাভ কৰা প্ৰাৰ্থীয়েই এই চেন্টাৰত অনুশীলন অব্যাহত ৰখাৰ ফলতেই এই চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি বিচিত্ৰ ডেকাক কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে- এই কচিং চেন্টাৰটোত চাকৰি প্ৰাৰ্থীসকলক লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আৰু যিকোনো শাৰীৰিক পৰীক্ষাৰ বাবে অতি সুন্দৰকৈ সাজু কৰি তোলা হয় । শেহতীয়া আৰক্ষী কনিষ্টবল পদৰ বাবে এগৰাকী কামাণ্ডোৰ বাবে যি শাৰীৰিক অনুশীলনৰ প্ৰয়োজন সেই প্ৰশিক্ষণো তেওঁলোকক দিয়া হৈছিল আৰু সেয়েহে গৰিষ্ঠ সংখ্যকে এই পদ লাভ কৰিবলৈ সক্ষম হয় বুলি প্ৰাৰ্থীসকলৰ অভিভাৱক একাংশই আজি সাংবাদিকৰ আগত মন্তব্য কৰে । উল্লেখ্য যে আজি এই অভিনন্দন অনুষ্ঠানত প্ৰাৰ্থী সকলৰ অভিভাৱকসকলেও অংশ গ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More