শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত আৱক্ষ মূৰ্তি উন্মোচনেৰে গোলাঘাট মিডিয়া ফ’ৰামৰ গভীৰ শ্ৰদ্ধাঞ্জলি

0 6

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১৭ মেঃ অসমৰ এগৰাকী আপোচহীন বলিষ্ঠ সাংবাদিক, জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু দিৱসৰ দিনটোত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদনেৰে গোলাঘাট মিডিয়া ফ’ৰামে আজি গোলাঘাট নগৰৰ প্ৰমোদাভিৰাম উদ্যানত স্থাপন কৰা সাংবাদিক গৰাকীৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰে। স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰে গোলাঘাট মিডিয়া ফ’ৰামৰ উদ্যোগত নিৰ্মাণ কৰা এই আবক্ষ মূৰ্তি বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ হৈ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰ নাথ দত্তই । এই উপলক্ষে গোলাঘাট পৌৰ সভাৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে গোলাঘাট মিডিয়া ফ’ৰামৰ সভাপতি, প্ৰবীণ সাংবাদিক, সমাজকৰ্মী দ্বীপেন দত্তই। মিডিয়া ফ’ৰামৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আবক্ষ মূৰ্তিৰ উন্মোচক জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । সভাত আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট মিডিয়া ফ’ৰামৰ কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামীয়ে । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গোলাঘাট পৌৰ সভাৰ উপ-পৌৰপতি সীমান্ত বৰাই । সভাত বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰ নাথ দত্ত, জ্যেষ্ঠ সাংবাদিক,গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ ড° লুকুমণি গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ জীৱন-কৰ্ম আৰু অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা অৱদান সম্পৰ্কত বক্তব্য আগবঢ়ায়। সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাস, বিশিষ্ট সমাজকৰ্মী দেৱজিৎ বৰা, গোলাঘাট পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি জুৰি দাস ৰাজখোৱা আদিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । সভাৰ উদ্দেশ্যে ব্যাখা আৰু শলাগৰ শৰাই আগবঢ়ায় গোলাঘাট মিডিয়া ফ’ৰামৰ সম্পাদক দিগন্ত কুমাৰ বৰাই । অনুষ্ঠানত বিশিষ্ট সাংবাদিক গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মা, জ্যেষ্ঠ সাংবাদিক গিৰিণ বৰা, মিডিয়া ফ’ৰামৰ বিষয়ববীয়া সাংবাদিক পংকজ হাজৰিকা, মোস্তাক হুছেইন, সমাজকৰ্মী দাদু টাই আদিয়ে অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More