ঢকুৱাখনা বিধান সভা সমষ্টিক সংৰক্ষণমুক্ত কৰাৰ ব্যাপক দাবী, প্ৰচাৰ অভিযান, সভা

২২ মে'ত ঘিলামৰাত বিশাল ৰাজহুৱা সভা

0 56

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ মেঃ ভৰতৰ নিৰ্বাচন আযোগে ১৯৬৫ চনৰ ১৫ এপ্ৰিল তাৰিখে জাৰি কৰা অধিসূচনা ( No SO1219) মৰ্মে বিগত ৫৭ বছৰে ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতি সংৰক্ষণৰ আউটিত আছে। আনহাতে ২০১১ চনৰ লোকপিয়ল মতে সমষ্টিটোত ৫৫.১৫ শতাংশ লোক অজনজাতিৰ। এই অজনজাতি লোকসকলে স্বাধীনতাৰ পিছৰে পৰা ৰাজনৈতিক অধিকাৰ লাভ কৰা নাই। গৰিষ্ঠসংখ্যক অজনজাতিৰ লোকৰ আধিপত্য থকা ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতিৰ নামত সংৰক্ষিত হৈ থকাটো অসাংবিধানিক বুলি অভিযোগ তুলি ইতিমধ্য়ে গঠিত হৈছে আৰক্ষণমুক্ত দাবী সমিতি। সমিতিৰ কাৰ্যকৰী সভাপতি পদ্মেশ্বৰ কোঁছ আৰু সম্পাদক সুচেন গগৈয়ে জনোৱা মতে সমষ্টিটোৰ তিনিটা উন্নয়ন খণ্ড ক্ৰমে ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদীত ইতিমধ্যে আঞ্চলিক সজাগতা সমিতি গঠন কৰি বিধান সভা সমষ্টিটো সংৰক্ষণমুক্ত কৰিবলৈ ব্যাপক প্ৰচাৰ, সভা অনুষ্ঠিতকৰণ আৰু প্ৰতিবাদৰ সিদ্ধান্ত লোৱা হৈছে। সেইমৰ্মে ২২ মে’ দেওবাৰে পুৱা ১১ বজাত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মুকলি প্ৰেক্ষাগৃহত এখন বিশাল ৰাজহুৱা সভা আহ্বান কৰিছে। সভালৈ ৰাইজক নিমন্ত্ৰণ জনাইছে দাবী সমিতিখনে। পৰৱৰ্তী পৰ্যায়ত বিষয়টোক কেন্দ্ৰ কৰি প্ৰবল জনমত গঠন কৰাৰ লগতে চৰকাৰক ঢকুৱাখনা সমষ্টিটো সংৰক্ষণমুক্ত কৰিবলৈ দাবী জনোৱা হ’ব বুলি জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More