ৰতন টাটাই কিনিব আৰু পাঁচটা কোম্পানীঃ এয়াৰ ইণ্ডিয়া, বিগ বাস্কেটৰ বাতৰি হ’ল পুৰণি

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : ইতিমধ্যেই Bigbasket, Air India, 1MG-ৰ দৰে সংস্থাবোৰ অধিগ্রহণৰ পিছত, টাটা গ্রুপে ভাৰতীয় বজাৰত নিজৰ অৱস্থান আৰু অধিক মজবুত কৰি তুলিছে। কিন্তু কথা ইয়াতেই শেষ নহয়। এইবাৰ ১০৩ বিলিয়ন ডলাৰৰ ব্যৱসায়িক দিশত ফুড এণ্ড বেভাৰেজৰ ইউনিটত Tata Consumer Products-এ নিজৰ উপস্থিতি আৰু শক্তিশালী কৰাৰ বাবে প্রস্তুতি চলাইছে। ইতিমধ্যে এই পর্বত, টাটা গ্রুপে মুঠ পাঁচটা কনজিউমাৰ ব্রেণ্ড অধিগ্রহণৰ বাবে আলোচনাও কৰিছে।

  •  টাটা গ্রুপৰ পৰিকল্পনা কি?
    এই প্রসঙ্গত টাটা কনজিউমাৰ প্রডাক্টৰ চীফ এক্সিকিউটিভ অফিচাৰ (CEO) সুনীল ডিছুজাই এটা সাক্ষাৎকাৰত জনাইছে যে, ভৱিষ্যতে কোম্পানীৰ প্রচুৰ সম্প্রসাৰণ ইন-অর্গেনিক উপায়ে ঘটিব। Tetley Tea আৰু Eight o’Clock Coffee বিক্রীকাৰী সংস্থাটোৱে আৰু অনেক সংস্থাৰ লগত গুৰুত্বপূৰ্ণ আলোচনা কৰিছে। কিন্তু কোম্পানীবোৰৰ নাম তেওঁ প্রকাশ কৰাৰ পৰা বিৰত আছে। তেওঁ কয়— “কিছু ঠাইত ভেলুৱেচন বেছি, কিন্তু বৃহৎ পৰিস্থিতি, লিকুইডিটি আৰু অন্যান্য বিষয় বিবেচনা কৰি আমি নিশ্চিত যে, সেইবোৰ বেছ খৰচী হ’ব”। জনা গৈছে যে, Tata Consumer Products-এ তেওঁলোকৰ বটলজাত পানীয় ব্যৱসায়ৰ ক্ষেত্রত NourishCo Beverages Ltd আৰু cereal brand Soulfullক অধিগ্রহণ কৰিছে।
  •  কঠিন টক্কৰ পাব এই কোম্পানীবোৰে
    অনুমান কৰা হৈছে যে, টাটা কনজিউমাৰে এই ছেগমেন্টত ইউনিলিভাৰ (Unilever) আৰু মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ দৰে সংস্থাবোৰৰ পৰা তীব্ৰ প্রতিযোগিতা পাব। এই সংস্থাবোৰে আগন্তুক ছমাহৰ ভিতৰত ৬০ টা সৰু গ্রোচাৰি আৰু কনজিউমাৰ ব্রেণ্ড অধিগ্রহণ কৰাৰ পৰিকল্পনাও আছে।
  •  Starbucks-ৰ সম্প্রসাৰণৰ বাবে প্রস্তুতি
    বর্তমান সময়ত আমাৰ দেশত কৰ’না সংক্রান্তীয় বিধিনিষেধ প্রায় তুলি দিয়া হৈছে। এনে অৱস্থাত টাটা গ্রুপৰ জনপ্রিয় চেইন Starbucks সম্প্রসাৰণৰ প্রস্তুতি চলাইছে ডিছুজাই। বিগত বিত্তীয় বছৰত সংস্থাটোৱে ৫০খন নতুন ক্যাফে খুলিছে। এইদৰে মুঠ ২৬ খন চহৰত কোম্পানীৰ ষ্ট’ৰৰ সংখ্যা বর্তমান বাঢ়ি হৈছেগৈ ২৬৮খন। তদুপৰি টাটা গ্রুপে ভাৰতত অন্ততঃ ১০০টা Starbucks-ৰ আউটলেট ৰখাৰ পৰিকল্পনাও কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More