তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাষ্ট্ৰীয় মহত্বৰ প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিয়াব ৰাজ্য চৰকাৰে

0 31
শতাব্দ প্রতিনিধি, দিছপুৰ,২৭ মে’: ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি তেজপুৰস্থিত ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান’ (এল জি বি আৰ আই এম এইচ) পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিশু আৰু কিশোৰ মনোৰোগ বিভাগ, খাদ্য প্ৰস্তুতকৰণ আৰু সংসাধন কক্ষ আৰু পৰীক্ষণ গৃহ, কেন্দ্ৰীয় পুথিভঁৰাল আদি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক তথা কৰ্মচাৰীসকলৰ সৈতে মতবিনিময় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সামগ্ৰিক পৰিবেশৰ বুজ লয়। পাছত তেওঁ এল জি বি আৰ আই এম এইচৰ প্ৰশাসনিক ভৱনৰ সভাকক্ষত আঞ্চলিক প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ এছ কে দেউৰী আৰু বিভাগীয় মূৰব্বী তথা অধ্যাপকসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৰুণা হাজৰিকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ দীপাঞ্জলি মেধি, সহকাৰী অধ্যাপক ডাঃ বিষ্ণু বাস্যাল, শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদ, এল জি বি আৰ আই এম এইচৰ অনুবিজ্ঞান বিভাগৰ অধ্যাপক তথা মানসিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জ্যোতি হাজৰিকা, চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ কুশল কুমাৰ তামূলী, প্ৰশাসনিক বিষয়া তথা মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ হেমন্ত দত্তই অংশগ্ৰহণ কৰা এই বৈঠকত প্ৰতিষ্ঠানটিৰ আন্তঃগাঁঠনি উন্নীকৰণেৰে মানসিক স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধিৰ সমান্তৰালকৈ শৈক্ষিক দিশতো আগবঢ়াই নিয়াৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। দেশৰ অন্যতম পুৰণি মানসিক স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে পৰিগণিত তেজপুৰৰ এই প্ৰতিষ্ঠানখনক গুৰুত্বপূৰ্ণ ‘ৰাষ্ট্ৰীয় মহত্বৰ প্ৰতিষ্ঠান’ (ইন্সটিটিউট অৱ নেছনেল ইমপ’ৰটেন্স)লৈ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে চিন্তা কৰা বুলিও বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ এল জি বি আৰ আই এম এইচ কৰ্তৃপক্ষক বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই দিহা দিয়ে। আনহাতে, আগন্তুক দিনত ৰাজ্যত মানসিক স্বাস্থ্যসেৱাৰ পৰিসৰ অধিক সম্প্ৰসাৰণৰ বাবে স্বাস্থ্য বিভাগৰ উদ্যোগত এল জি বি আৰ আই এম এইচ আৰু অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনৰ মনোৰোগ বিভাগৰ বিশেষজ্ঞসকলৰ লগতে জিলাসমূহত এই দিশত দায়িত্বত থকা স্বাস্থ্য বিভাগৰ বিষয়াসকলক লৈ মানসিক স্বাস্থ্যসেৱা বিষয়ক এখন কৰ্মশালা আয়োজনৰো পোষকতা কৰি এইক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ গ্ৰহণৰ বাবে বৈঠকতে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিবক বিভাগীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More